কেৱল আকাশ নহয়, পানীৰ পৰাও ভাৰতক কৰিব নোৱাৰিব আক্ৰমণ! নৌসেনাক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ
এইবাৰ নৌসেনা শক্তিশালী কৰাৰ বাবে ৪৪০০০ কোটি টকাৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে। যাৰ অধীনত সাগৰত শত্ৰুক নিঃশেষ কৰিবলৈ ১২খন বিশেষ যুদ্ধ জাহাজ নিৰ্মাণ কৰা হ’ব। এই পদক্ষেপে নৌসেনাৰ শক্তি বৃদ্ধি কৰাৰ লগতে মেক ইন ইণ্ডিয়াকো এক বুষ্ট প্ৰদান কৰিব।

অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে সমগ্ৰ বিশ্বই ভাৰতীয় বায়ুসেনা আৰু সেনাৰ শক্তি দেখিছে। ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই কেনেকৈ শত্ৰু দেশৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আকাশত গুলীয়াই ধ্বংস কৰিছে? এতিয়া বায়ুসেনাক শক্তিশালী কৰাৰ সমান্তৰালকৈ নৌসেনাক শক্তিশালী কৰাৰ বাবেও প্ৰস্তুতি চলাইছে চৰকাৰে। ইয়াৰ বাবে ভাৰত চৰকাৰে ৪৪০০০ কোটি টকাৰ পৰিকল্পনা কৰিছে, যাৰ অধীনত সাগৰত লুকাই থকা লেণ্ডমাইন ধৰা পেলাবলৈ আৰু ধ্বংস কৰিবলৈ ১২খন বিশেষ যুদ্ধ জাহাজ নিৰ্মাণ কৰা হ’ব।
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা এই প্ৰকল্পটো পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে। এই ১২খন মাইন কাউণ্টাৰমেজাৰ জাহাজ (MCMV) ভাৰতীয় নৌসেনাৰ বাবে নিৰ্মাণ কৰা হ’ব, যিয়ে সাগৰত শত্ৰুৱে স্থাপন কৰা লেণ্ডমাইন ধৰা পেলাব আৰু ধ্বংস কৰিব। এই যুদ্ধ জাহাজসমূহৰ ব্যয় হ’ব প্ৰায় ৪৪ হাজাৰ কোটি টকা আৰু এইবোৰ কেৱল ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাতহে নিৰ্মাণ কৰা হ’ব।
বৰ্তমান ভাৰতীয় নৌসেনাৰ হাতত নাই এটাও এমচিএমভি। পূৰ্বে ইয়াৰ লগত কাৰৱাৰ ক্লাছ আৰু পণ্ডিচেৰী ক্লাছৰ কিছুমান মাইনছুইপাৰ আছিল, যিবোৰে বহু বছৰৰ আগতে অৱসৰ লৈছে। বৰ্তমান নৌসেনাই কিছুমান জাহাজত ক্লিপ-অন মাইন কাউণ্টাৰমিজাৰ ছুইটক সহায়ত কাম চলাই থকা হৈছে, যিবোৰ ৭,৫১৬ কিলোমিটাৰ দীঘল উপকূল আৰু ১৩টা ডাঙৰ আৰু ২০০টা সৰু বন্দৰক সুৰক্ষা দিবলৈ যথেষ্ট নহয়।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই প্ৰকল্পটো অতি শীঘ্ৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ সন্মুখত ৰখা হ’ব। ইয়াৰ পিছত ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাৰ পৰা টেকন’-কমাৰ্চিয়েল বিড আমন্ত্ৰণ কৰা হ’ব। চুক্তি স্বাক্ষৰ কৰাৰ পিছত প্ৰথম এমচিএমভি সাজু হ’বলৈ ৭-৮ বছৰ সময় লাগিব পাৰে।
উল্লেখ্য যে, চীন আৰু পাকিস্তানৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা সামুদ্ৰিক ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত চীনৰ চাবমেৰিন আৰু পাকিস্তানৰ নতুন ইউয়ান শ্ৰেণীৰ ডিজেল-বৈদ্যুতিক চাবমেৰিনে ভাৰতৰ ক্ষতি কৰিব নোৱাৰিব। এই পদক্ষেপে নৌসেনাৰ শক্তি বৃদ্ধি কৰাৰ লগতে মেক ইন ইণ্ডিয়াকো এক বুষ্ট প্ৰদান কৰিব।