অনুমোদনৰ অপেক্ষাত NHPC, জুন মাহৰ পৰা কাৰ্যক্ষম হ’ব সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ৩ টা ইউনিট…!
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ তিনিটা ইউনিট কাৰ্যক্ষম কৰাৰ বাবে আগবাঢ়িছে এন এইচ পি চি । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা কৰ্তৃপক্ষ(NDSA)ৰ অনুমোদনৰ বাবে অপেক্ষাত আছে কোম্পানীটো।

অহা জুন মাহৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ তিনিটা ইউনিট কাৰ্যক্ষম কৰাৰ বাবে আগবাঢ়িছে এন এইচ পি চি । ২৫০ মেগাৱাটকৈ উৎপাদন ক্ষমতা থকা ইউনিট কেইটা কাৰ্যক্ষম কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিচাৰিছে এন এইচ পি চিয়ে। এক্সচেঞ্জ ফাইলিঙত কোৱা হৈছে যে, কোম্পানীটোৱে ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা কৰ্তৃপক্ষ(NDSA)ৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে।
এন এইচ পি চিয়ে কয় যে, এতিয়া আশা কৰা হৈছে যে NDSA লাভ কৰাৰ ভিত্তিত ২০২৫ চনৰ জুন মাহৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ৩ টা ইউনিট (২৫০ মেগাৱাটকৈ) কমিচনিং প্ৰক্ৰিয়া আৰম্ভ হ’ব। লগতে এন এইচ পি চিয়ে কয় যে, ২৫০ মেগাৱাটৰ বাকী ৫টা ইউনিট ২০২৬ চনৰ মে’ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, শক্তি মন্ত্ৰালয়ৰ অধীনস্থ এন এইচ পি চিয়ে ২০০০ মেগা ৱাট (মেগাৱাট) শক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম (এন এইচ পি চি)ৰ তথ্য অনুসৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাৰতত এতিয়ালৈকে গ্ৰহণ কৰা সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প।
এই ২০০০ মেগাৱাট ৰান অফ ৰিভাৰ প্ৰকল্পটো অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমান্তৰ উত্তৰ লখিমপুৰৰ সমীপত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইয়াক এন এইচ পি চিয়ে নিৰ্মাণ কৰি আছে আৰু ই নবীকৰণযোগ্য শক্তি উৎপাদন বৃদ্ধিৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ এক মূল অংশ।
উল্লেখ্য যে, এই ৩ টা ইউনিট কেইটা কাৰ্যক্ষম হোৱাৰ পাছতে ২৫০ মেগাৱাটকৈ মুঠ ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ’ব ।