TV9 ASSAM
চোতালৰ দুবৰি এখন ঘৰৰ বাহ্যিক সৌন্দৰ্যৰ আধাৰ। বিশেষকৈ শীতৰ পুৱা নিয়ৰ টোপাল পৰি অধিক সৌন্দৰ্যশালী হৈ পৰে দুবৰি বন।
হিন্দু ধৰ্মত দুবৰি বনৰ তাৎপৰ্য অপৰিসীম। বিবাহ, পূজা আদি যিকোনো শুভ অনুষ্ঠানত আশীৰ্বাদৰ সময়ত এই দুবৰি বন ব্যৱহাৰ কৰা হয়। দুবৰি অবিহনে কোনো পূজা সম্পূৰ্ণ নহয়।
এই দুবৰি বন কেৱল পূজাৰ বাবেই নহয়, স্বাস্থ্যৰ বাবেও পৰম উপকাৰী। যিকোনো যৌন সংক্ৰামক ৰোগ, যকৃতৰ সমস্যা, কোষ্ঠকাঠিন্য নিৰাময়ৰ বাবে দুবৰি ব্যৱহাৰ কৰা হয়।
ধৰি লওক আপোনাৰ শৰীৰত বিভিন্ন ছালৰ ৰোগ যেনে একজিমা, বিভিন্ন খজুৱতি ইত্যাদি আছে। এনে সমস্যাৰ ক্ষেত্ৰত দুবৰি বনৰ গুণ অপৰিসীম।
আপোনাৰ দেহৰ কোনো স্থানত যদি হঠাতে কটাৰী বা আন সামগ্ৰীয়ে কাটিছে, দুবৰি বন মোহাৰি কটা স্থানত লগালে উপাকাৰিতা দেখা পাব।
যদি আপোনাৰ গেছৰ সমস্যা আছে বা বুকু জ্বলা পোৰা কৰে, সামান্য দুবৰি বন খালে উপকৃত হ’ব। লগতে বদহজম আৰু কোষ্ঠকাঠিন্যৰ পৰা উপশম পাব।
মানসিক ৰোগৰ চিকিৎসাতো দুবৰি বন প্ৰায়ে ব্যৱহাৰ কৰা হয়। দুবৰিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, অনিদ্ৰা দূৰ কৰাত সহায় কৰে। আনকি ৰক্তহীনতাও প্ৰতিৰোধ কৰে।
পঢ়িবলৈ ক্লিক কৰক
আৰ্থিক-মানসিক সমস্যাৰ আঁৰত বাস্তু দোষ