শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰত্যুত্তৰ দিলে নতুন দিল্লীয়েঃ দাঙি ধৰিলে আমেৰিকাৰ ‘দুমুখীয়া’ স্থিতি

আমেৰিকাই প্ৰতি বছৰে ৰাছিয়াৰ পৰা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা ইউৰেনিয়াম হেক্সাফ্ল’ৰাইড, বৈদ্যুতিক গাড়ীৰ বাবে প্ৰয়োজনীয় পেলেডিয়াম আৰু সাৰ আমদানি কৰে। সেই আমদানি এই যুদ্ধৰ সময়ত বন্ধ নহ’ল বুলিও তীক্ষ্ণ প্ৰত্যুত্তৰ দিছে মন্ত্ৰালয়ে।

ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰত্যুত্তৰ দিলে নতুন দিল্লীয়েঃ দাঙি ধৰিলে আমেৰিকাৰ ‘দুমুখীয়া’ স্থিতি
ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ ভাৰতৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 05 Aug 2025 09:45 AM

আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতি তীব্ৰ সঁহাৰি দিছে ভাৰতে। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাক লৈ ট্ৰাম্পে দি অহা ভাবুকিৰ পিছত এতিয়া যেন সহ্যৰ বান্ধ খোল খালে নতুন দিল্লীৰ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অবিৰত আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়ে। এক কথাত ভাৰতৰ ওপৰত অভিযোগ উত্থাপন কৰা দেশসমূহে প্ৰথমে নিজৰ ফালে চাব লাগে বুলি তীক্ষ্ণ দেখুৱাই দিছে ভাৰতে। সোমবাৰে ট্ৰাম্পে পুনৰ ভাৰতৰ ওপৰত অধিক শুল্ক বৃদ্ধিৰ ভাবুকি দিয়াৰ পিছতে নতুন দিল্লীয়ে দিছে প্ৰত্যুত্তৰ।

নিজা ছ’চিয়েল মিডিয়া হেণ্ডেল যোগে ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি মুকলি বজাৰত বিক্ৰীৰ জৰিয়তে বিপুল লাভ কৰিছে বুলি দাবী কৰিছিল। ৰাছিয়াৰ আগ্ৰাসনৰ বাবে ইউক্ৰেইনত কিমান লোকৰ মৃত্যু হৈছে, সেয়া ভাৰতে চিন্তা নকৰে বুলিও ট্ৰাম্পে মন্তব্য কৰিছিল।

ইয়াৰ পিছতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে তীক্ষ্ণ সঁহাৰি জনায়। প্ৰধানতঃ ৬টা পইণ্টেৰে এই সমগ্ৰ বিষয়ত মন্ত্ৰালয়ে ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ দিছে মন্ত্ৰালয়ে কয় যে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ পিছৰ পৰাই আমেৰিকা আৰু ইউৰোপীয়ান ইউনিয়নে ৰাছিয়াৰ তেল আমদানিৰ বাবে ভাৰতক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

কিন্তু ভাৰতে ইউৰোপলৈ তেল প্ৰেৰণৰ বাবে এই আমদানি বৃদ্ধি কৰিছিল বুলি স্পষ্ট কৰি দিয়ে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে সমগ্ৰ বিশ্বলৈ প্ৰত্যক্ষ তেল ৰপ্তানি বন্ধ হৈ পৰিছিল বুলিও আঙুলিয়াই দিয়ে ভাৰতে। সমান্তৰালকৈ দেশৰ জনসাধাৰণক সস্তাত ইন্ধন যোগান ধৰাৰ উদ্দেশ্যে ৰাছিয়াৰ পৰা তেল আমদানি কৰা হৈছে আৰু এয়া এক মৌলিক প্ৰয়োজন বুলিও মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে

ইফালে ৰাছিয়াৰ তেল আমদানি কৰাৰ বাবে ভাৰতক সমালোচনা কৰা বহু দেশ নিজেই ৰাছিয়াৰ সৈতে দ্বিপাক্ষিক বাণিজ্যত লিপ্ত বুলিও আঙুলিয়াই দিছে মন্ত্ৰালয়ে। বিবৃতিত মন্ত্ৰালয়ে কয় যে ২০২৪ চনত ৰাছিয়াই ইউৰোপৰ সৈতে মুঠ ৬৭ বিলিয়ন ইউৰোৰ দ্বিপাক্ষিক বাণিজ্য চলাইছিল। এয়া ভাৰতৰ তুলনাত কেইবাগুণো বেছি বুলি স্পষ্টকৈ দেখুৱাই দিয়ে মন্ত্ৰালয়ে।

ইউৰোপ-ৰাছিয়াৰ বাণিজ্য ইন্ধনতে সীমাবদ্ধ হৈ থকা নাই সাৰ, ৰাসায়নিক পদাৰ্থ, আইৰণকে ধৰি বিভিন্ন সামগ্ৰীৰ দ্বিপাক্ষিক ব্যৱসায় চলি আছে বুলিও মন্ত্ৰালয়ে বিবৃতিটোত দোহাৰে। ইফালে ভাৰতৰ তেল আমদানিত চিন্তিত আমেৰিকাই নিজেই প্ৰতি বছৰে ৰাছিয়াৰ পৰা কৰা আমদানিৰ দিশটোও মন্ত্ৰালয়ে স্পষ্ট ৰূপত তুলি ধৰে

মন্ত্ৰালয়ে কয় যে আমেৰিকাই প্ৰতি বছৰে ৰাছিয়াৰ পৰা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা ইউৰেনিয়াম হেক্সাফ্ল’ৰাইড, বৈদ্যুতিক গাড়ীৰ বাবে প্ৰয়োজনীয় পেলেডিয়াম আৰু সাৰ আমদানি কৰে। সেই আমদানি এই যুদ্ধৰ সময়ত বন্ধ নহ’ল বুলিও তীক্ষ্ণ প্ৰত্যুত্তৰ দিছে মন্ত্ৰালয়ে।

এই দিশসমূহ উত্থাপন কৰি মন্ত্ৰালয়ে ভাৰতক অবিৰতভাৱে আক্ৰমণ কৰাটো সম্পূৰ্ণ অযুক্তিকৰ বুলি উল্লেখ কৰে। লগতে ভাৰতে প্ৰতিটো মুহূৰ্ততে নিজৰ জাতীয় আৰু অৰ্থনৈতিক স্বাৰ্থৰ ওপৰত ভিত্তি কৰি যিকোনো গ্ৰহণত বিশ্বাস কৰে বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতিটোত কয়।