শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি ৫ আগষ্ট, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…

এই দিনটোতে বৰ্তমানৰ কামৰূপ জিলাৰ আলাবৈৰ পাহাৰৰ সমীপত আহোম আৰু মোগল বাহিনীৰ মাজত যুদ্ধ হয়। যাক ইতিহাসৰ পাতত আলাবৈৰ ৰণ হিচাপে লিপিবদ্ধ হৈ আছে। লগতে ৫ আগষ্টৰ দিনটোৰ ইতিহাস চাওঁ আহক।

আজি ৫ আগষ্ট, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 05 Aug 2025 09:38 AM

আজি ৫ আগষ্টৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰৰ পাতত লিপিবদ্ধ হৈ আছে। অসমৰ ইতিহাসৰ বাবেও আজিৰ দিনটো বিশেষ। কাৰণ এই দিনটোতে বৰ্তমানৰ কামৰূপ জিলাৰ আলাবৈৰ পাহাৰৰ সমীপত আহোম আৰু মোগল বাহিনীৰ মাজত যুদ্ধ হয়। যাক ইতিহাসৰ পাতত আলাবৈৰ ৰণ হিচাপে লিপিবদ্ধ হৈ আছে। আলাবৈৰ ৰণ হৈছিল ১৬৬৯ চনৰ ৫ আগষ্টত ।

ইফালে আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী। ১৯৫০ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

২০১৯ চনৰ আজিৰ দিনটোতে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ বাতিল কৰিলে ভাৰত চৰকাৰে। এই আইনখনে ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈও ৰূপান্তৰিত কৰিলে।

১৯৫০ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ গোপীনাথ বৰদলৈৰ মৃত্যু।

১৯৯১ চনত ন্যায়াধীশ লেইলা ছেঠৰ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হিচাপে পৰিগণিত হয়।

১৯৬২ চনৰ আজিৰ দিনটোতে নেলছন মেণ্ডেলাক গ্ৰেপ্তাৰ । দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজত ই এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হয়।

১৯৬৩ চনৰ আজিৰ দিনটোতে আংশিক পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি স্বাক্ষৰ হয়। আমেৰিকা, ছোভিয়েট ইউনিয়ন আৰু ব্ৰিটেইনে এই চুক্তিত স্বাক্ষৰ কৰি পাৰমাণৱিক পৰীক্ষণ সীমিত কৰে।

১৬৬৯ চনৰ ৫ আগষ্টত আহোম আৰু মোগল বাহিনীৰ মাজত আলাবৈৰ ৰণ আৰম্ভ হয়।