শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বন্ধ হ’ব নেকি জনপ্ৰিয় সুৰা ব্ৰেণ্ড অ’ল্ড মংক! কিয় হৈছে এনে সংশয়?

অ’ল্ড মংক প্ৰিয় সুৰাপায়ীসকলৰ বাবে আহিছে এক দুখৰ খবৰ। অ’ল্ড মংকৰ নিৰ্মাণস্থলীতে হৈছে এক বৃহৎ সমস্যা। ইয়াৰ পিছতে উত্থাপন হৈছে এক বিশেষ প্ৰশ্নৰ, বজাৰত আৰু উপলব্ধ নহ’ব নেকি অ’ল্ড মংক?

বন্ধ হ’ব নেকি জনপ্ৰিয় সুৰা ব্ৰেণ্ড অ’ল্ড মংক! কিয় হৈছে এনে সংশয়?
বন্ধ হ’ব নেকি অ’ল্ড মংক!Image Credit source: TV9 Bangla
monjit-dutta
Monjit Dutta | Updated On: 03 Aug 2025 17:34 PM

শীতকালত অধিকাংশ সুৰাপায়ীৰে প্ৰিয় ৰাম এই ৰামৰো আকৌ বহুকেইটা ব্ৰেণ্ড আছে পিছে ভাৰতীয় সুৰাপায়ীসকলক তেওঁলোকৰ প্ৰিয় ব্ৰেণ্ডৰ ৰামৰ কথা সুধিলে অধিকাংশই অল্ড মংক বুলি উত্তৰ দিব। অৱশ্যে অল্ড মংক প্ৰিয় সুৰাপায়ীসকলৰ বাবে আহিছে এক দুখৰ খবৰ ল্ড মংকৰ নিৰ্মাণস্থলীতে হৈছে এক বৃহৎ সমস্যা ইয়াৰ পিছতে উত্থাপন হৈছে এক বিশেষ প্ৰশ্নৰ, বজাৰত আৰু উপলব্ধ নহ’ব নেকি ল্ড মংক? স্বাভাৱিকতেই শীতৰ আগমনলৈ এতিয়াও কিছুসময় আছে যদিও ল্ড মংক প্ৰিয় সুৰাপায়ীসকলৰ মনত এই প্ৰশ্নটিয়ে ঠাই লৈছে

এই জনপ্ৰিয় ৰাম ল্ড মংক হিমাচল প্ৰদেশৰ সোলানত তৈয়াৰ কৰা হয়। মোহন মেকিন ব্ৰুৱেৰীয়ে এই ৰাম তৈয়াৰ কৰে। প্ৰকাশিত খবৰ অনুসৰি, মোহন মেকিন ব্ৰুৱেৰীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি কৰ আদায় দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। যদিহে কৰ সোনকালে পৰিশোধ কৰা নহয়, তেতিয়া কাৰখানা বন্ধ হব পাৰে।

তথ্য অনুসৰি বিগত ২০ বছৰ ধৰি কোম্পানীৰ সম্পত্তি কৰ জমা হোৱা নাই। যোৱা ১৯৯৭ চনৰ পৰা ২০২২ চনলৈ কৰ বাকী আছে বুলি তথ্যত প্ৰকাশ পাইছে। বকেয়া কৰৰ পৰিমাণ ৫৭.৫০ লাখ টকালৈ বৃদ্ধি পাইছে বুলি তথ্যত প্ৰকাশ। এই সন্দৰ্ভত সোলন পৌৰসভাই উল্লেখ কৰা মতে যদিহে কৰ শীঘ্ৰে পৰিশোধ কৰা নহয়, তেতিয়া এইবাৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইয়াৰ লগতে কাৰখানাটো ছীল কৰা হ’ব পাৰে বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। পৌৰসভাই জানিবলৈ দিয়া মতে, ইয়াৰ পূৰ্বেও এই সন্দৰ্ভত কেইবাবাৰো জাননী প্ৰেৰণ কৰিছে যদিও কোম্পানীটোৰ পৰা কোনো সঁহাৰি পোৱা নাই। এতিয়া নতুন কৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

অৱশ্যে সোলান কাৰখানালৈ যদিও এই জাননী প্ৰেৰণ কৰা হৈছে, আটাইতকৈ ডাঙৰ ডিষ্টিলেৰী বা অল্ড মংক উৎপাদন কেন্দ্ৰটো গাজিয়াবাদত অৱস্থিত। পঞ্জাৱতো অল্ড মংকৰ পেকেজিং কৰা হয় হিমাচল প্ৰদেশৰ কাছৌলতো সুৰা উৎপাদন হয়। সোলানত অল্ড মংক ৰামৰ উপৰিও বিয়েৰ আৰু হুইস্কিও তৈয়াৰ কৰা হয়।

উল্লেখ্য যে মোহন মেকিন ব্ৰুৱেৰী ভাৰতৰ প্ৰথম এলক’হল ডিষ্টিলেৰী হিচাপে পৰিচিত। ১৮৫৫ চনত এডৱাৰ্ড ডায়েৰ নামৰ এজন ব্ৰিটিছ নাগৰিকে প্ৰথমে এই ব্ৰুৱেৰী বা সুৰা প্ৰস্তুত কৰা কাৰখানাটো নিৰ্মাণ কৰিছিল। পিছত ১৯৬৯ চনত নৰেন্দ্ৰনাথ মোহন নামৰ এজন ভাৰতীয়ই ব্ৰুৱেৰীটো ক্ৰয় কৰে। তাৰ পৰাই মোহন মেকিন ব্ৰুৱেৰী লিমিটেড নামটোৰ জন্ম হয়।