শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডেংগুৰ পিছত কিয় হ্ৰাস পায় তেজৰ প্লেটলেট? বিশেষজ্ঞই ক’লে আঁৰৰ কাৰণ

প্লেটলেটৰ সংখ্যা অতিমাত্ৰা কমি গ’লে শৰীৰত ৰক্তক্ষৰণৰ সম্ভাৱনা বাঢ়ি যায়। বিশেষকৈ নাক, দাঁতৰ আলু, প্ৰস্ৰাৱ বা মলৰ পৰা তেজ ওলোৱাৰ দৰে লক্ষণ দেখা যায়।

ডেংগুৰ পিছত কিয় হ্ৰাস পায় তেজৰ প্লেটলেট? বিশেষজ্ঞই ক’লে আঁৰৰ কাৰণ
মহৰ যোগেদি বিয়পে ডেংগুImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 05 Aug 2025 10:43 AM

ডেংগু হৈছে এক ভাইৰাছজনিত ৰোগ এডিজ এজিপ্টি নামৰ এবিধ মহৰ কামোৰৰ দ্বাৰা এই ৰোগ বিয়পে। ডেংগু ভাইৰাছ সংক্ৰমিত ব্যক্তিৰ দেহৰ পৰা মহৰ জৰিয়তে আন ব্যক্তিৰ দেহলৈ ভাইৰাছ বিয়পে এই ৰোগ চাৰিটা ভিন্ন প্ৰকাৰৰ ডেংগু ভাইৰাছ (DEN-1, DEN-2, DEN-3, DEN-4)ৰ দ্বাৰা হ’ব পাৰে। সাধাৰণতে বাৰিষা কাল আৰু তাৰ পিছৰ সময়ছোৱাত ডেংগু হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, কিয়নো এই সময়ছোৱাত আৰ্দ্ৰতা পৰিৱেশৰ বাবে মহৰ সংখ্যা যথেষ্ট বাঢ়ে এই ৰোগ সংক্ৰামক নহয়, অৰ্থাৎ ই এজনৰ পৰা আন এজনলৈ পোনপটীয়াকৈ বিয়পি নাযায় কিন্তু মহৰ যোগেদি এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে।

ডেংগু ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ই ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পেলায় আৰু দ্ৰুতগতিত তেজৰ প্লেটলেটৰ সংখ্যা হ্ৰাস কৰে। ইয়াৰ বাবে ব্যক্তিজনে জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষ, গাঁঠিৰ বিষ আৰু ছালৰ ৰোগ আদি সমস্যাত ভুগিব পাৰে ডেংগুৱে অধিক গুৰুতৰ ৰূপ লে Dengue Hemorrhagic Fever (DHF) আৰু Dengue Shock Syndrome (DSS)ৰ ৰূপ ল’ব পাৰে

এনে পৰিস্থিতিত আক্ৰান্ত ব্যক্তিজনৰ ৰক্তচাপ কমিবলৈ আৰম্ভ কৰে আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পায়। শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা আৰু পূৰ্বৰে পৰা কোনো ৰোগত আক্ৰান্ত লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে এনে পৰিস্থিতিত অধিক বিপদত পৰে। সময়মতে চিকিৎসা নকৰিলে ডেংগু মাৰাত্মক হৈ উঠিব পাৰে।

দিল্লীৰ চিকিৎসক ডাঃ অজয় কুমাৰে জানিবলৈ দিয়া মতে ডেংগু ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ই তেজত থকা প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস কৰিবলৈ আৰম্ভ কৰে। প্লেটলেট হ’ল আমাৰ তেজত থকা কোষ, যি আঘাতৰ পিছত তেজ জমা হোৱাত সহায় কৰে আৰু ৰক্তক্ষৰণ বন্ধ কৰে।

ডেংগু ভাইৰাছে শৰীৰৰ ৰোগপ্ৰতিৰোধক কোষক আক্ৰান্ত কৰে, ফলস্বৰূপে এই কোষবোৰে নিজৰ প্লেটলেট ধ্বংস কৰিবলৈ আৰম্ভ কৰে। লগতে এই ভাইৰাছে প্লেটলেট গঠন হোৱা হাড়ৰ মজ্জাতো প্ৰভাৱ পেলায়। ইয়াৰ ফলত প্লেটলেটৰ উৎপাদন লেহেমীয়া হয়। ইয়াৰ উপৰিও ডেংগুত ৰক্তবাহী নলীবোৰো প্ৰভাৱিত হয়, ফলস্বৰূপে প্লেটলেট নিষ্কাশিত হৈ শৰীৰৰ আন অংশত জমা হয় আৰু তেজত ইয়াৰ সংখ্যা হ্ৰাস পায়।

প্লেটলেটৰ সংখ্যা অতিমাত্ৰা কমি গ’লে শৰীৰত ৰক্তক্ষৰণৰ সম্ভাৱনা বাঢ়ি যায় বিশেষকৈ নাক, দাঁতৰ আলু, প্ৰস্ৰাৱ বা মলৰ পৰা তেজ ওলোৱাৰ দৰে লক্ষণ দেখা যায়। সেয়ে ডেংগুৰ সময়ত প্লেটলেটৰ সংখ্যাৰ ওপৰত চকু ৰখাটো অতি প্ৰয়োজনীয়।

কিদৰে প্ৰতিৰোধ কৰিব পাৰি ডেংগু? চাওক কিছু সহজ উপায়

ঘৰৰ ভিতৰত আৰু আশে-পাশে পানী জমা হ’বলৈ নিদিব।

স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।

শৰীৰ ঢাকিব পৰা কাপোৰ পৰিধান কৰক।

মহ খেদা কইল বা আন সামগ্ৰী ব্যৱহাৰ কৰক।

ঘৰৰ দুৱাৰ-খিৰিকীত নেট লগাওক।

জ্বৰ বা আন লক্ষণ দেখা পালে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰক।