Rule Change 2026: চিলিণ্ডাৰৰ পৰা বেংকলৈ, ১ জানুৱাৰীৰ পৰা সলনি এইসমূহ নিয়ম…
Rule Change 2026: আজি ইংৰাজী নৱবৰ্ষৰ ১ তাৰিখ। আজিৰ পৰা বহু নিয়ম সলনি হৈছে। এল পি জি চিলিণ্ডাৰৰ মূল্যৰ পৰা বেংক, আয়কৰ আদি বিভিন্ন ক্ষেত্ৰত নতুন নিয়ম দেখা গৈছে। ইয়াৰ দ্বাৰা প্ৰভাৱ পৰিব পাৰে আপোনাৰ পকেটত।
আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। আজিৰ পৰা কেইবাটাও নতুন নিয়ম কাৰ্যকৰী হৈছে যিয়ে আপোনাৰ পকেটত কিছু প্ৰভাৱ পেলাব। ইয়াৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিলৰ পৰা, পেন-আধাৰ লিংকৰ নতুন নিয়ম আদি। ইয়াৰোপৰি বেংকৰ ক্ষেত্ৰত বহু নতুন নিয়ম দেখা গৈছে। এল পি জি আৰু জেট ইন্ধনৰ মূল্যত পৰিৱৰ্তন দেখা গৈছে। গতিকে ১ জানুৱাৰী, ২০২৬ ৰ পৰা কি কি পৰিৱৰ্তন হ’ব সেয়া তলত উল্লেখ কৰা হ’ল।
সংশোধিত ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব
১ জানুৱাৰীৰ পৰা কৰদাতাসকলে AY2025-26 ৰ বাবে সংশোধিত আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব। আয়কৰ বিভাগে কৰদাতাসকলক তেওঁলোকৰ মূল ৰিটাৰ্ণত বিংসগতিসমূহ ঠিক কৰাৰ বাবে বাৰে বাৰে পৰামৰ্শ দিছিল। এই সংশোধনৰ অন্তিম তাৰিখ আছিল ৩১ ডিচেম্বৰ। ইয়াৰ পাছত কৰদাতাই আপডেট ৰিটাৰ্ণ বা আইটিআৰ-ইউ দাখিল কৰিব লাগিব।
বিলম্বিত ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব
পলমকৈ ৰিটাৰ্ণ দাখিল কৰাৰ সময়সীমাও পাৰ হৈছে। ইয়াৰ অন্তিম তাৰিখ আছিল ৩১ ডিচেম্বৰ। ১ জানুৱাৰীৰ পৰা কৰদাতাসকলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে বিলেটেড ৰিটাৰ্ণ (Belated Return)দাখিল কৰিব নোৱাৰিব। এই বিলেটেড ৰিটাৰ্ণ সেইসকল কৰদাতাই দাখিল কৰে যিয়ে নিৰ্ধাৰিত তাৰিখৰ ভিতৰত (এই বছৰৰ ১৬ ছেপ্টেম্বৰ) নিজৰ মূল ৰিটাৰ্ণ দাখিল কৰিবলৈ পাহৰি যায়।
ক্ৰেডিট স্ক’ৰ আপডেটৰ সময়সীমা
১ জানুৱাৰীৰ পৰা ক্ৰেডিট ব্যুৰোসমূহে আপোনাৰ ক্ৰেডিট স্ক’ৰ আপডেট কৰাৰ ধৰণ সলনি কৰিছে। ইয়াৰোপৰি আপোনাৰ ক্ৰেডিট স্ক’ৰ বৰ্তমানৰ ১৫ দিনৰ পৰিৱৰ্তে সাপ্তাহিকভাৱে আপডেট কৰা হ’ব।
পেন-আধাৰ লিংকিংৰ সময়সীমা শেষ
পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংকৰ কৰাৰ শেষ সময়সীমা আছিল ৩১ ডিচেম্বৰ। আজিৰ পৰা পেন-আধাৰ কাৰ্ড সংযোগ কৰাতো বাধ্যতামূলক হ’ব। যিসকলে লিংক কৰা নাই তাৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। যাৰ ফলত বহু সমস্যা হ’ব পাৰে।
অষ্টম দৰমহা আয়োগ কাৰ্যকৰী
২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী অষ্টম দৰমহা আয়োগ। চৰকাৰে উল্লেখ কৰিছে যে দৰমহা আয়োগৰ পৰামৰ্শ সাধাৰণতে প্ৰতি দহ বছৰৰ মূৰে মূৰে কাৰ্যকৰী কৰা হয়। এই ধাৰাটোৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণতে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।
বাণিজ্যিক এল পি জিৰ দাম বৃদ্ধি
বাণিজ্যিত চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। প্ৰায় ১১১ টকা বৃদ্ধি পাইছে। যি ২০২৩ চনৰ অক্টোবৰৰ পিছত সৰ্বাধিক বৃদ্ধি। ২০২৩ ৰ নৱেম্বৰৰ পাছত প্ৰথমবাৰৰ বাবে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০০ টকাতকৈ বেছি বৃদ্ধি পাইছে।
IRCTCৰ পৰিৱৰ্তন
২০২৬ চনৰ ৫ জানুৱাৰীৰ পৰা আধাৰ পৰীক্ষিত ব্যৱহাৰকাৰীয়ে উদ্বোধনী দিনটোত পুৱা ৮:০০ বজাৰ পৰা বিয়লি ৪:০০ বজাৰ ভিতৰত অনলাইনযোগে সাধাৰণ সংৰক্ষিত ৰে’লৰ টিকট বুকিং কৰিব পাৰিব। ২০২৬ চনৰ ১২ জানুৱাৰীৰ পুৱা ৮:০০ বজাৰ পৰা ১২:০০ বজালৈ খোলা থাকিব।
SBI কাৰ্ডত পৰিৱৰ্তন
এছ বি আই কাৰ্ডৰ ঘৰুৱা বিমানবন্দৰ লাউঞ্জ প্ৰৱেশ কাৰ্যসূচীয়ে গ্ৰাহকসকলক তেওঁলোকৰ হাতত থকা এছ বি আই ক্ৰেডিট কাৰ্ডৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি ছেট এ আৰু ছেট বিত শ্ৰেণীভুক্ত বিমানবন্দৰৰ লাউঞ্জৰ এক বিশাল নেটৱৰ্ক প্ৰদান কৰিব। ১০ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম।
HDFC বেংক ডেবিট কাৰ্ড খৰচৰ সীমা
HDFC বেংকে ডেবিট কাৰ্ডধাৰীসকলৰ বাবে বিমানবন্দৰ লাউঞ্জৰ প্ৰৱেশৰ সুবিধা লাভ কৰিবলৈ খৰচৰ পৰিৱৰ্তন কৰিছে। ১০ জানুৱাৰীৰ পৰা এই নিয়ম কাৰ্যকৰী হৈছে।
ICICI ক্ৰেডিট কাৰ্ডৰ পৰিৱৰ্তন
ICICI বেংকে ক্ৰেডিট কাৰ্ডৰ বৈশিষ্ট্য আৰু গ্ৰাহকৰ মাচুলৰ নতুন পৰিৱৰ্তন ঘোষণা কৰিছে। এই নিয়ম জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত কাৰ্যকৰী হব।
জেট ইন্ধনৰ মূল্য হ্ৰাস
জেট ইন্ধনৰ মূল্য যথেষ্ট হ্ৰাস পোৱাৰ ফলত বিমান ভাড়া হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আই অ’ চি এলৰ তথ্য অনুসৰি চাৰিখন মেট্ৰ’তে ঘৰুৱা বিমান সেৱাৰ বাবে জেট ইন্ধনৰ মূল্য ৭ শতাংশতকৈ অধিক হ্ৰাস পোৱাৰ বিপৰীতে একেটা মেট্ৰ’ বিমানবন্দৰতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবে জেট ইন্ধনৰ মূল্য ৮ শতাংশতকৈ অধিক হ্ৰাস পাইছে।
অন্য খবৰ পঢ়কঃ বছৰৰ শেষত চৰকাৰী কৰ্মচাৰীৰ বাবে বেয়া খবৰ! এইসকলে লাভ নকৰে গ্ৰেটুইটি…