শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বছৰৰ শেষত চৰকাৰী কৰ্মচাৰীৰ বাবে বেয়া খবৰ! এইসকলে লাভ নকৰে গ্ৰেটুইটি…

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চৰকাৰে আনিছে নতুন নিয়ম। গ্ৰেটুইটি সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। এনে পৰিস্থিতি গ্ৰেটুইটি ৱান টাইম টাৰ্মিনেল বেনিফিট বুলি গণ্য কৰা হ'ব। কিছুমানে অৱশ্যে ইয়াৰ পৰা ৰেহাই লাভ কৰিব।

বছৰৰ শেষত চৰকাৰী কৰ্মচাৰীৰ বাবে বেয়া খবৰ! এইসকলে লাভ নকৰে গ্ৰেটুইটি…
টকাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 31 Dec 2025 17:33 PM

আপুনিও চৰকাৰী কৰ্মচাৰী নেকি? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। পেঞ্চন আৰু পেঞ্চন কল্যান বিভাগ (DoPPW) য়ে গ্ৰেটুইটি সম্পৰ্কীয় নিয়মসমূহ স্পষ্ট কৰি দিছে। ২৬ ডিচেম্বৰ, ২০২৬ ত জাৰি কৰা অফিচ মেমোৰেণ্ডত চৰকাৰে সকলো স্পষ্ট কৰি দিছে। য’ত কৈছে যে, কেনে পৰিস্থিতি কৰ্মচাৰী গ্ৰেটুইটি (Gratuity)ৰ যোগ্য আৰু কেতিয়া বেতনহীন কৰি ৰখা হ’ব। যিসকলে অৱসৰ গ্ৰহণ কৰি পুনৰ নিয়োগ পাইছে বা সামৰিক বাহিনীৰ পৰা অৱসৰ লৈ অসামৰিক সেৱাত যোগদান কৰিছে সেইসকলৰ বাবে এই খবৰ অতি গুৰুত্বপূৰ্ণ।

‘ৱান টাইম টাৰ্মিনেল বেনিফিট’ কি?

চৰকাৰে নিৰ্দেশত গ্ৰেটুইটিৰ প্ৰকৃতিৰ ওপৰত বেছি জোৰ দিছে। DoPPW ৰ মতে, NPSৰ অধীনত থকা কৰ্মচাৰীৰ বাবে গ্ৰেটুইটি এতিয়া ‘ৱান টাইম টাৰ্মিনেল বেনিফিট’ অৰ্থাৎ অৱসৰৰ সময়ত এককালীন বেনিফিট (One-Time Terminal Benefits)। সহজ ভাষাত ক’বলৈ গ’লে গ্ৰেটুইটি হ’ল এজন কৰ্মচাৰীক অৱসৰৰ সময়ত তেওঁলোকৰ সেৱাৰ বিনিময়ত দিয়া ধনৰাশি।

লগতে উল্লেখ কৰিছে যে, যদি কোনো কৰ্মচাৰীয়ে অৱসৰ,বাধ্যতামূলক অৱসৰ গ্ৰহণ কৰিছে বা আন কোনো কাৰণত চাকৰি এৰি এবাৰ গ্ৰেটুইটি লাভ কৰিছে, তেন্তে তেওঁ দ্বিতীয়বাৰ চাকৰিত যোগদান কৰাৰ পাছত দ্বিতীয়বাৰ গ্ৰেটুইটি লাভ নকৰে। চৰকাৰে কৈছে যে, এজন লোকে বেলেগ বেলেগ সেৱাৰ বাবে বাৰে বাৰে লাভ লব নোৱাৰে, কিয়নো এয়া অন্তিম লাভ।

অৱসৰৰ পাছত চাকৰি

যিসকলে এবাৰ চাকৰি সম্পূৰ্ণ কৰি পুনৰ চৰকাৰী বিভাগত যোগদান কৰিছে তাৰ বাবে কিছু সমস্যা হ’ব পাৰে। নতুন নিয়ম অনুসৰি যদি কোনো ব্যক্তি আগতে সামৰিক সেৱা বা চিভিল চাৰ্ভিছৰ সময়ত গ্ৰেটুইটি লাভ কৰে তেন্তে দ্বিতীয়বাৰ চাকৰিৰ পাছত তেওঁ গ্ৰেটুইটি দাবী কৰিব নোৱাৰে। বহু সময়ত দেখা যায় যে একাংশই সেনাৰ পৰা অৱসৰ লৈ অন্য সেৱাত যোগদান কৰে।

কাৰ বাবে ভাল

অৱশ্যে কিছুমান ক্ষেত্ৰত চৰকাৰে ৰেহাই প্ৰদান কৰিছে। যদি কোনো কৰ্মচাৰীয়ে ৰ্বে কোনো ৰাজহুৱা খণ্ডৰ উদ্যোগ (পি এছ ইউ) বা স্বায়ত্তশাসিত সংস্থাত কাম কৰিছিল আৰু সেই প্ৰতিষ্ঠানৰ পৰা গ্ৰেটুইটি লাভ কৰাৰ পাছত উপযুক্ত অনুমোদন লৈ কেন্দ্ৰীয় চৰকাৰৰ সেৱাত যোগদান কৰে, তেন্তে সেই ক্ষেত্ৰত নিয়ম বেলেগ হব। এনে কৰ্মচাৰীয়ে গ্ৰেটুইটি লাভ কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত নিয়ম আছে।

 

অন্য খবৰ পঢ়কঃ হোৰাহোৰে কমিছে সোণ-ৰূপৰ দাম! সস্তীয়া হ’ল প্ৰায় ২১,০০০ টকা…