শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পোহনীয়া কুকুৰ ‘Tito’ৰ নামত ৰতন টাটাৰ সম্পত্তিৰ এটা অংশ, আৰু কোন কোন হ’ব টাটাৰ সম্পত্তিৰ উত্তৰাধিকাৰী?

কিমান সৰল স্বভাৱৰ আছিল ৰতন টাটা? তেওঁৰ ইচ্ছাই প্ৰমাণ কৰিছিল এই কথা। য'ত মৃত্যুৰ পূৰ্বে সম্পত্তিৰ এটা অংশ তেওঁৰ পোহনীয়া কুকুৰ টিটো, তেওঁৰ ৰান্ধনী আৰু বাটলাৰৰ বাবে ৰাখিছিল।

পোহনীয়া কুকুৰ ‘Tito’ৰ নামত ৰতন টাটাৰ সম্পত্তিৰ এটা অংশ, আৰু কোন কোন হ’ব টাটাৰ সম্পত্তিৰ উত্তৰাধিকাৰী?
ৰতন টাটাৰ সম্পত্তিৰ অন্যতম উত্তৰাধিকাৰী হ’ব পোহনীয়া কুকুৰ ‘Tito’
Trishna Kalita
Trishna Kalita | Edited By: Barasha Misra | Updated On: 25 Oct 2024 15:56 PM

অক্টোবৰৰ ৯ তাৰিখে এই পৃথিৱীৰ পৰা বিদায় মাগিছিল উদ্যোগপতি ৰতন টাটাই। ৰতন টাটাৰ সমগ্ৰ জীৱনটো সৰলতাৰ এক উদাহৰণ আছিল। বিদায়ৰ সময়তো টাটাই নিজৰ উদাৰতাৰ প্ৰমাণ দি গৈছিল। মৃত্যুৰ পাছত তেওঁৰ ইচ্ছা প্ৰকাশ পাইছে। য’ত তেওঁ তেওঁৰ পোহনীয়া জাৰ্মান শ্বেফৰ্ড প্ৰজাতিৰ কুকুৰ ‘টিটো’ৰ বাবেও এটা অংশ ৰাখি থৈ গৈছে। একে সময়তে তেওঁৰ ৰান্ধনী ৰাজেন শ্বাহ আৰু বাটলাৰ চুব্বিয়াৰ বাবেও ব্যৱস্থা কৰি থৈ গৈছে।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, ৰতন টাটাৰ ব্যক্তিগত সম্পত্তিৰ প্ৰায় ১০,০০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। তেওঁৰ ভাতৃ জিমি টাটা, তেওঁৰ সতীয়া ভগ্নী শিৰিন আৰু ডিনা জীজাভোয়ৰ বাবেও এটা অংশ এৰি থৈ গৈছে। বাকী বেছিভাগ সম্পত্তি তেওঁৰ নিজৰ ফাউণ্ডেচনৰ নামত লিখি থৈ গৈছে, যিটো টাটা পৰিয়ালৰ পৰম্পৰাৰ দৰে।

ৰতন টাটাৰ সম্পত্তিত তেওঁৰ জাৰ্মান শ্বেফৰ্ড প্ৰজাতিৰ কুকুৰ ‘টিটো’ৰো অংশ আছে। ‘টিটো’ জীয়াই থকালৈ সীমাহীন যত্ন লোৱা হ’ব। প্ৰায় ৬ বছৰ আগতে এই কুকুৰটো ৰতন টাটাই তুলি লৈছিল। তেওঁৰ পুৰণি কুকুৰৰ নামেৰে এই কুকুৰটোক ‘টিটো’ নাম দিয়া হৈছিল। ব্যক্তিগত সম্পত্তি পোহনীয়া জন্তুৰ নামত ৰখাটো ভাৰতত বাবে নতুন ঘটনা হ’লেও এনে পৰম্পৰা বিদেশত দীৰ্ঘদিন ধৰি আছে।

ৰতন টাটাই তেওঁৰ লগত দীৰ্ঘদিন ধৰি ৰান্ধনী হিচাপে কাম কৰা ৰাজেন শ্বাহ আৰু প্ৰায় ৩০ বছৰ ধৰি তেওঁৰ বাবে বাটলাৰৰ কাম কৰি অহা চুব্বিয়াৰ বাবেও সম্পত্তি লিখি থৈ গৈছে । ৰতন টাটাৰ তেওঁৰ ঘৰুৱা কৰ্মচাৰীৰ সৈতে ইমান গভীৰ সম্পৰ্ক আছিল যে বিদেশৰ পৰা উভতি অহাৰ সময়ত প্ৰায়ে তেওঁলোকৰ বাবে ডিজাইনাৰ কাপোৰ আনিছিল।

ৰতন টাটাৰ দীৰ্ঘদিনীয়া সহযোগী শান্তনু নাইডুৱেও তেওঁৰ সম্পত্তিৰ অংশ লাভ কৰিছে । শান্তনু নাইডুৰ ষ্টাৰ্টআপ ‘ ‘Goodfellows’ত সমাপ্ত কৰা হৈছে ৰতন টাটাৰ অংশীদাৰীত্ব। কেৱল এয়াই নহয়, শান্তনু নাইডুৱে বিদেশত পঢ়াৰ বাবে লোৱা ঋণো ৰেহাই দিয়া হৈছে।

ইয়াৰ বাহিৰেও, ৰতন টাটাই বেছিভাগ সম্পত্তি টাটা চন্স আৰু টাটা গ্ৰুপ কোম্পানীৰ নাম কৰিছে। যাক এতিয়া ৰতন টাটা এণ্ডোমেণ্ট ফাউণ্ডেচনলৈ (RTEF) স্থানান্তৰ কৰা হ’ব। এই ফাউণ্ডেচনে নন-প্ৰফিট কামৰ বাবে পুঁজি দাতা হিচাপে কাম কৰিব। কেৱল এয়াই নহয়, ষ্টাৰ্টআপত ৰতন টাটাৰ ব্যক্তিগতভাৱে কৰা বিনিয়োগবোৰ লিকুইডেট কৰি সেই ধন ফাউণ্ডেচনলৈ পঠিওৱা হ’ব।