শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Rail Fare Hike: আজিৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া, কোনটো টিকটত কিমানকৈ দাম বাঢ়িল, জানক সকলো…

Rail Fare Hike: পুনৰ বৃদ্ধি পালে ৰে'লৰ টিকটৰ ভাড়া। এতিয়াৰ পৰা যাত্ৰীয়ে ৰে'লত যাত্ৰা কৰাৰ বাবে ভৰিব লাগিব অধিক ধন। আজিৰ কৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। গতিকে কিমানকৈ বৃদ্ধি পালে ভাড়া?

Rail Fare Hike: আজিৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া, কোনটো টিকটত কিমানকৈ দাম বাঢ়িল, জানক সকলো…
ৰে'লৰ ভাড়া বৃদ্ধিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 26 Dec 2025 06:57 AM

আজিৰ পৰা ৰে’ল যাত্ৰা (Train Journey) ৰ নামত জনতাই ভৰিব লাগিব অধিক ধন। ২৫ ডিচেম্বৰত ৰে’ল মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি কয় যে, ২১৫ কিলোমিটাৰৰ ওপৰৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত ১ পইচা আৰু নন -এয়াৰ কণ্ডিচনাৰ আৰু এয়াৰ কণ্ডিচনাৰ (এচি) ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰত দুপইচাকৈ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে ২১ ডিচেম্বৰত মন্ত্ৰালয়ে  ঘোষণা কৰিছিল যে ২৬ ডিচেম্বৰৰ পৰা এই নতুন ভাড়া কাৰ্যকৰী হ’ব। এবছৰৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে যাত্ৰীবাহী ৰে’লৰ ভাড়া বৃদ্ধি হৈছে। ইয়াৰ পূৰ্বে জুলাইত হৈছিল।

মন্ত্ৰালয়ে কি কয়?

মন্ত্ৰালয়ে ভাড়া বৃদ্ধিৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰি কয় যে, ভাড়া সলনি কৰাৰ উদ্দেশ্য হৈছে যাত্ৰীৰ বাবে টিকটৰ বহনক্ষমতা আৰু কাৰ্যকৰী বহনক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা। সংশোধিত ভাড়াৰ গাঁথনিৰ অধীনত উপনগৰ সেৱা আৰু ছিজন টিকটৰ ভাড়াৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।

ইয়াৰ ভিতৰত উপনগৰ আৰু অ-নগৰীয়া দুয়োটা পথকে অন্তৰ্ভুক্ত কৰা হৈছে। সাধাৰণ নন-এচি (অ-উপনগৰীয়া) সেৱাৰ বাবে, সাধাৰণ দ্বিতীয় শ্ৰেণী, সাধাৰণ শ্লিপাৰ শ্ৰেণী আৰু সাধাৰণ প্ৰথম শ্ৰেণীৰ বাবে ভাড়া গ্ৰেডযুক্তভাৱে যুক্তিসংগত কৰা হৈছে।

কি শ্ৰেণীত কিমান বৃদ্ধি?

মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি ২১৫ কিলোমিটাৰ পৰ্যন্ত যাত্ৰীৰ বাবে দ্বিতীয় শ্ৰেণীৰ সাধাৰণ ভাড়া বৃদ্ধি কৰা হোৱা নাই। গতিকে দৈনন্দিন যাতায়ত কৰা লোকসকল দাম বৃদ্ধি ফলত প্ৰভাৱিত নহয়। বাকী বৃদ্ধি হোৱা ভাড়াসমূহ এনেধৰণৰ হ’ব পাৰে-

  • ২১৬ কিলোমিটাৰৰ পৰা ৭৫০ কিলোমিটাৰৰ ভিতৰৰ দূৰত্বৰ বাবে ৫টকা বৃদ্ধি।
  • ৭৫১ কিলোমিটাৰৰ পৰা ১২৫০ কিলোমিটাৰ দূৰত্বৰ বাবে ১০ টকা বৃদ্ধি।
  • ১২৫১ কিলোমিটাৰৰ পৰা ১৭৫০ কিলোমিটাৰলৈ ১৫ টকা বৃদ্ধি।
  • ১৭৫১ কিলোমিটাৰৰ পৰা ২২৫০ কিলোমিটাৰলৈ ২০ টকা বৃদ্ধি।

ক’ত অতিৰিক্ত শুল্ক নালাগে

ৰাজধানী, শতাব্দী, দুৰন্তো, বন্দে ভাৰত, তেজছ, হমছফৰ,অমৃত ভাৰত, গৰীব ৰথ, জন শতাব্দী, অন্তোদয়, গতিমান, যুৱ এক্সপ্ৰেছ, নমো ভাৰত ৰেপিড ৰে’লৰ লগতে অন্য বিশেষ ৰে’লত শ্ৰেণী অনুসৰি ভাড়া বৃদ্ধি হব। ৰিজাৰ্ভেশ্যন শুল্ক, চুপাৰফাষ্ট চাৰ্জ আদিত কোনো সাল-সলনি নহয়। জি এছ টিও পূৰ্বৰ দৰে থাকিব। লগতে কোৱা হৈছে যে, সংশোধিত ভাড়া আজি (২৬ ডিচেম্বৰ)ৰ পৰা বা তাৰ পাছত বুকিং কৰা টিকটৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

 

 

অন্য খবৰ পঢ়কঃ আত্মীয়ৰ খবৰ লৈ উভতিছিল ঘৰলৈ! পিছে কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে একেটা পৰিলায়ৰ ৪জনে?