আত্মীয়ৰ খবৰ লৈ উভতিছিল ঘৰলৈ! পিছে কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে একেটা পৰিলায়ৰ ৪জনে?
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪ জনকৈ লোকে। জানিব পৰা মতে, গাড়ীখন অনিয়ন্ত্ৰিত হৈ ৫০ ফুট দ' খাৱৈত পৰে। যাৰ ফলত এই ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। ৫০ ফুট দ’ খাৱৈত এখন গাড়ী বাগৰি পৰাৰ ফলত একেটা পৰিয়ালৰ ৪ জন লোকৰ মৃত্যু হয়। লগতে আহত হয় ৫ জন। ইতিমধ্যে নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। ২৫ ডিচেম্বৰৰ পুৱতি নিশা মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ ৰাজুৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা আৰু এগৰাকী ১২ বছৰীয়া কিশোৰী। নিহত আৰু আহত আটাইকেইজন তেলেংগানাৰ কাগাজনগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি, তেওঁলোকে নাগপুৰৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা আত্মীয়ৰ খবৰ লৈ ঘৰলৈ উভতি আহি আছিল আৰু তেতিয়াই এই ঘটনা সংঘটিত হয়।
আৰক্ষীয়ে জনোৱা মতে, মাজনিশা প্ৰায় ১-২ মান বজাত দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনা সংঘটিত হোৱা স্থানত পথ নিৰ্মাণৰ কাম চলি আছে। যাৰ বাবে পথৰ মাজতে আছিল এটা ডাঙৰ গাঁত। অভিযোগ অনুসৰি নিৰ্মাণস্থলীত কোনো ধৰণৰ সুৰক্ষা চিন, বেৰিকেড বা কোনো সতৰ্কচিহ্ন নাছিল। যাৰ বাবে গাড়ীখন গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই আৰু দ’ খাৱৈত পৰি যায়।
এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে থিতাতে ৪ জনৰ মৃত্যু হয়। নিহতসকল হৈছে ছালমা বেগম (৪৫), আফছা শ্বাব্ৰিন (১২), আফজাল বেগম (৫৫), আৰু ছাইৰা বেগম (৪২)। ইফালে শিশুসহ আহত ৫ জন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।
দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে খাৱৈত পৰা গাড়ীখন ক্ৰেনৰ সহায়ত উদ্ধাৰ কৰে। স্থানীয় লোকে অভিযোগ কৰিছে যে, দীৰ্ঘদিন ধৰি পথটো নিৰ্মাণৰ কাম চলি আছে। কিন্তু আজিলৈ কোনো সতৰ্কমূলক চিহ্ন আঁৰি নিদিলে। যাৰ বাবে এনে ঘটনা সংঘটিত হৈছে। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ বিয়াৰ বাবে অস্বীকাৰ! যুৱকে লৈ আহিল পেট্ৰ’ল আৰু পাছত এক ভয়ংকৰ কাণ্ড…