৫ লাখ বিনিয়োগ কৰিলে পাব ১৫ লাখ! জানক ডাকঘৰৰ বিশেষ আঁচনিৰ বিষয়ে…
ভাল ভৱিষ্যতৰ বাবে মানুহে টকা জমা ৰাখিব বিচাৰে। কিন্তু ভাল বিনিয়োগ কৰা আঁচনিৰ বিষয়ে বহুতে নাজানে। পোষ্ট অফিচৰ এনে এখন আঁচনি আছে যাৰ অধীনত আপুনি ৫ লাখ টকাৰ বিনিময়ত ১৫ লাখ টকা লাভ কৰিব। কিন্তু কেনেকৈ?

ভাল ভৱিষ্যতৰ পৰা টকা জমা কৰা প্ৰয়োজন। প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সন্তানৰ ভৱিষ্যত সুৰক্ষিত হোৱা বিচাৰে। ইয়াৰ বাবে টকা বিনিয়োগ কৰিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰে। বহুতে সন্তান জন্ম হোৱাৰ লগে লগে পি পি এফ, আৰ ডি, সুকন্যা আদি আঁচনিত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে। মুঠতে বহুতে বিভিন্ন ধৰণৰ আঁচনিত বিনিয়োগ কৰা দেখা যায়।
কিন্তু বহুতে নাজানে বহু আঁচনিৰ বাবে। ইয়াৰোপৰি কোনটো আঁচনি কিমান সুৰক্ষিত হ’ব তাক লৈও প্ৰশ্ন থাকে। পিছে পোষ্ট অফিচত এনে এক আঁচনি আছে যিয়ে আপোনাক এই চিন্তাৰ পৰা সকাহ দিব। সময়ৰ সৈতে এই আঁচনিৰ অধীনত আপুনি ভাল ৰিটাৰ্ণ পাব। বিশেষ কথা এয়াই যে এই আঁচনিৰ অধীনত ৫ লাখ টকা বিনিয়োগ কৰিলে ১৫ লাখ টকা লাভ কৰিব। এই আঁচনিৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল।
৫ লাখ কেনেকৈ হ’ব ১৫ লাখ
আপুনি যদি এবাৰৰ বাবে বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছে তেন্তে পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট আঁচনি (Term Deposit Scheme) ভাল বিকল্প হ’ব পাৰে। এই আঁচনিক আপুনি ৫ বছৰৰ এফ ডি (FD)ৰ ৭.৫% সুতৰ হাৰ পায়, যিটো বেংকৰ এফ ডিতকৈ বহু বেছি। এই আঁচনিৰ অধীনত আপুনি যদি ৫ লাখ টকা বিনিয়োগ কৰে তেন্তে ৫ বছৰ পাছত মেচিউৰিটিৰ পৰিমাণ ৭,২৪,৯৭৪ টকালৈ বৃদ্ধি পাব। এই ধন উলিয়াব নালাগে। ইয়াক পুনৰ ৫ বছৰৰ বাবে থৈ দিয়ক, পাছত অহা ৫ বছৰত আপুনি ৭,২৪,৯৭৪ টকাৰ ওপৰত ৫,৫১,১৭৫ টকাৰ অতিৰিক্ত সুত পাব আৰু আপোনাৰ ধনৰাশি ১০,৫১,১৭৫ টকা হ’ব।
পাছত আপুনি ইয়াত পুনৰ ৫ বছৰৰ বাবে বিনিয়োগ কৰিব পাৰে। ১৫ বছৰৰ শেষত এই ধনৰাশি হব ১৫ লাখ টকা। এক কথাত,১৫ বছৰৰ শেষত ৫ লাখ টকাৰ বিনিয়োগত প্ৰায় ১০,২৪,১৪৯ টকাৰ সুত পাব আৰু আপোনাৰ মুঠ ধনৰাশি ১৫,২৪,১৪৯ টকা হ’ব। গতিকে এনেকৈয়ে ৫ লাখ টকা হৈ পৰিব ১৫ লাখ।
সুতৰ হাৰ
পোষ্ট অফিচৰ এইটো FD আঁচনি। ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে। যিয়ে বেলেগ বেলেগ সুতৰ হাৰ প্ৰদান কৰে। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল-
- এবছৰৰ একাউণ্ট: ৬.৯% বাৰ্ষিক সুত
- দুবছৰৰ একাউণ্ট: ৭.০% বাৰ্ষিক সুত
- তিনি বছৰৰ একাউণ্ট: ৭.১% বাৰ্ষিক সুত
- পাঁচ বছৰৰ একাউণ্ট: ৭.৫% বাৰ্ষিক সুত
উল্লেখ কৰা প্ৰয়োজন যে, ইয়াত কিছুমান সাধাৰণ তথ্য প্ৰদান কৰা হৈছে। অধিক জানিবলৈ আপুনি ওচৰৰ ডাকঘৰত গৈ ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰে।
অন্য খবৰ পঢ়কঃ ১০ বছৰীয়া শিশুক বচাবলৈ চেপ্টিক টেংকীত সোমাল ৩জন! আটাইকেইজনৰ মৃত্যু, প্ৰাণ ৰক্ষা শিশুটিৰ…