১০ বছৰীয়া শিশুক বচাবলৈ চেপ্টিক টেংকীত সোমাল ৩জন! আটাইকেইজনৰ মৃত্যু, প্ৰাণ ৰক্ষা শিশুটিৰ…
এক মৰ্মান্তিক ঘটনা। চেপ্টিক টেংকত সোমাই প্ৰাণ হেৰুৱালে ৩ জনকৈ লোকে। ইফালে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। শিশু এটিক বচাবলৈ গৈ প্ৰাণ হেৰুৱাই আটাইকেইজনে।

এক মৰ্মান্তিক ঘটনা। চেপ্টিক টেংকিত সোমাই প্ৰাণ গ’ল ৩ জনৰ। ইয়াৰ বিপৰীতে কথমপি প্ৰাণ ৰক্ষা পৰে এটি শিশুৰ। জানিব পৰা মতে, ১০ বছৰীয়া বিবেক গুপ্তা নামৰ শিশুটিক প্ৰাণ ৰক্ষা কৰিবলৈ ৩ জনকৈ লোক চেপ্টিক টেংকীত সোমাইছিল যদিও তিনিওজনৰে মৃত্যু হয়। ইফালে শিশুটিৰ প্ৰাণ কথমপি ৰক্ষা কৰে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাৰ সক্ৰান থানা এলেকাৰ সুকেঠাত গাঁৱত।
জানিব পৰা মতে, দেওবাৰ (১৭ আগষ্ট)য়ে ১০ বছৰীয়া বিবেকে ফয়েল আঁতৰ কৰিবলৈ চেপ্টিক টেংকত সোমাইছিল। কিন্তু টেংকীৰ ভিতৰত থকা বিষাক্ত গেছৰ ফলত তেওঁ অসুস্থ হৈ পৰে। তাৰ পাছতে শিশুটিয়ে প্ৰাণ ৰক্ষাৰ বাবে চিঞৰিবলৈ আৰম্ভ কৰে। শিশুটিৰ চিঞৰ শুনি সেই স্থানত স্থানীয় লোক উপস্থিত হয় আৰু শিশুটিৰ প্ৰাণ ৰক্ষা কৰিবলৈ টেংকিৰ ভিতৰত সোমাই যায় একে গাঁৱৰে অনিল গুপ্তা। কিন্তু টেংকীৰ ভিতৰত বিষাক্ত গেছৰ ফলত অচেতন হৈ পৰে অনিল।
ইয়াৰ পাছত ৰাজকুমাৰ আৰু ৰঙী লাল নামৰ দুজন লোক টেংকীৰ ভিতৰত সোমাই আৰু পাছত তিনিওজন অচেতন হৈ পৰে। লগে লগে চাৰিওফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। কিছু সময় পাছত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে তিনিওজনকে টেংকীৰ ভিতৰৰ পৰা ওলাই আনে আৰু চিকিৎসালয়লৈ লৈ যায়। কিন্তু পৰীক্ষাৰ অন্তত চিকিৎসকে অনিল গুপ্তা, ৰাজকুমাৰ আৰু ৰঙী লালক মৃত ঘোষণা কৰে। ইয়াৰ বিপৰীতে ১০ বছৰীয়া বিবেক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়।
এই ঘটনাৰ পাছতে এতিয়া গাঁওখনত শোকে বিৰাজ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত একাংশ বিষয়াই জনাই যে, এই ঘটনা অতি দুৰ্ভাগ্যজনক। ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ পৰা ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে ডি এম অভিষেক আনন্দই।
এই দুৰ্ঘটনাই পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে যে, বহুতে কোনো সুৰক্ষা অবিহনে চেপ্টিক টেংকত প্ৰৱেশ কৰে। গতিকে ই কিমান বিপদজনত হ’ব পাৰে সেয়া জনা দৰকাৰ।বিষাক্ত গেছে মানুহৰ ছেকেণ্ডতে প্ৰাণ ল’ব পাৰে। বহু সময়ত ভুক্তভোগীক বচাবলৈ গৈ নিজেই জীৱন হেৰুয়ায়। ঘটনা সন্দৰ্ভত চি অ’ লাহৰপুৰ নগেন্দ্ৰ চৌবেয়ে কয় যে, ৩ জন লোকক অচেতন অৱস্থাত চি এইচ চিলৈ অনা হৈছিল য’ত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰিছিল। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অন্য খবৰ পঢ়কঃ NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণণ, RSS ৰ পৰা আৰম্ভ হৈছিল যাত্ৰা…