শীঘ্ৰেই ৯.৭ কোটি লোকৰ একাউন্টত সোমাব চৰকাৰী ধন! আপোনাৰো নাম আছে নেকি তালিকাত? জানক…
ৰাখীবন্ধনৰ পূৰ্বে একাংশই লাভ কৰিব চৰকাৰী ধন। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। অৱশ্যে ইয়াৰ বাবে কিছুমান চৰ্ত সম্পূৰ্ণ কৰিব লাগিব।

শীঘ্ৰেই লাখ লাখ কৃষকৰ একাউন্টত সোমাব চৰকাৰী ধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ আগষ্টত উত্তৰ প্ৰদেশৰ বাৰাণসীত ২০,৫০০ কোটি টকাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM kishan sanman nidhi) আঁচনিৰ ২০তম কিস্তি মুকলি কৰিব। ইয়াৰ ফলত সমগ্ৰ দেশৰ প্ৰায় ৯.৭ কোটি কৃষক উপকৃত হ’ব। ২০১৯ চনত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল চৰকাৰে। তাৰ পাছতে ১৯টা কিস্তিৰ জৰিয়তে কৃষকৰ একাউণ্টলৈ ৩.৬৯ লাখ কোটি টকা পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে। কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি অহা ২ আগষ্টত পিএম-কিষাণৰ পৰৱৰ্তী কিস্তি মুকলি কৰা হ’ব।২০তম কিস্তিত প্ৰায় ২০,৫০০ কোটি টকাৰ ধন ৯.৭ কোটি কৃষকলৈ হস্তান্তৰ কৰা হ’ব।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত আয়োজন কৰা এক বিশেষ কাৰ্যসূচীৰ সময়ত এই কিস্তি মুকলি কৰিব। এই কাৰ্যসূচীৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীৰ কৃষি ভৱনত প্ৰস্তুতিমূলক সভা অনুষ্ঠিত কৰে। এই সময়চোৱাত উপস্থিত থাকে কৃষি সম্পাদক দেৱেশ চতুৰ্বেদী, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ড° এম.এল. এই বৈঠকত জাট আদি।
পি এম-কিষাণ যোজনা কি?
এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলে ২০০০টকাকৈ তিনিটা কিস্তিত বছৰি ৬০০০ টকা লাভ কৰে। এই ধন পোনে পোনে তেওঁলোকৰ বেংকৰ একাউন্টলৈ সোমায়। এই পদক্ষেপৰ লক্ষ্য হৈছে খেতিযোগ্য ভূমি থকা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা।
উল্লেখ কৰা প্ৰয়োজন যে, ২০তম কিস্তি লাভ কৰিবলৈ কৃষকসকলে তেওঁলোকৰ ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। লগতে তেওঁলোকৰ আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত কৰিব লাগিব। ইয়াৰোপৰি ভূমিৰ সঠিক ৰেকৰ্ড থকাও বাধ্যতামূলক। এই আঁচনিখন চৰকাৰৰ অন্যতম প্ৰধান কল্যাণমূলক পদক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিছে। ই ভাৰতৰ গ্ৰাম্য অঞ্চলৰ কৃষক পৰিয়ালসমূহক উল্লেখযোগ্য আৰ্থিক সাহায্য প্ৰদান কৰে।
পৰ্টেলত ভুল শুধৰণি
ভূমিৰ সবিশেষৰ ভুলৰ বাবে বহু লোকক ধন পৰিশোধ কৰাত পলম হৈছে। আটাইতকৈ সাধাৰণ সমস্যাটো হ’ল ৰাজ্য বা জিলাৰ ভুলকৈ নিৰ্বাচন কৰা। হিতাধিকাৰীসকলে পিএম-কিষাণ পৰ্টেলত থকা ‘ৰাজ্য স্থানান্তৰ অনুৰোধ’ বিকল্প ব্যৱহাৰ কৰি বা সাধাৰণ সেৱা কেন্দ্ৰ (চিএছচি)লৈ গৈ এই ভুলসমূহ শুধৰণি কৰিব পাৰে। কৃষকসকলে তেওঁলোকৰ পেমেণ্টৰ অৱস্থা পৰীক্ষা কৰিব পাৰে, সবিশেষ আপডেট কৰিব পাৰে বা pmkisan.gov.in ত হিতাধিকাৰী তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰে।
হেল্পলাইন নম্বৰ কি?
পিএম-কিষাণৰ অফিচিয়েল ৱেবছাইটত উল্লেখ থকা অনুসৰি ই-কেৱাইচি বাধ্যতামূলক। ইয়াৰ অবিহনে কোনো ধৰণৰ ধন জমা নহ’ব। ২০১৯ চনত আৰম্ভ হোৱা পিএম-কিছান ভাৰতৰ অন্যতম বৃহৎ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ আঁচনি। ইয়াত কোটি কোটি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক সামৰি লোৱা হৈছে। সমস্যাৰ সন্মুখীন হোৱা কৃষকে সহায়ৰ বাবে পি এম-কিষাণ হেল্পলাইন নম্বৰ ১৫৫২৬১ বা ০১১-২৪৩০০৬০৬ নম্বৰত ফোন কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ সেন্দূৰ কাঢ়ি নিয়া হৈছিল, তেন্তে অভিযানৰ নাম কিয় ‘অপাৰেশ্যন সেন্দূৰ’ ৰখা হৈছিলঃ জয়া বচ্চন