শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আয়ুৰ্বেদেৰে নিৰাময় হ’ব হাওঁফাওঁৰ ৰোগ, পতঞ্জলিয়ে এই ঔষধক দিলে ৰামবাণ আখ্যা…

হাওঁফাওঁত হ’ব পৰা গুৰুতৰ সমস্যাৰ প্ৰতিকাৰ বিচাৰি পাইছে পতঞ্জলিয়ে। আয়ুৰ্বেদকৰ দ্বাৰাই এই সমস্যা নিৰাময় সম্ভৱ বুলি পতঞ্জলিয়ে দাবী কৰিছে। পতঞ্জলিৰ বিজ্ঞানীসকলে এন্দুৰৰ ওপৰত কৰা শেহতীয়া গৱেষণাই মাইক্ৰ’প্লাষ্টিকৰ ফলত হাওঁফাওঁৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ সমস্যা আয়ুৰ্বেদিক ঔষধ ব্ৰংকোডিলৰ দ্বাৰা বহু পৰিমাণে ৰোধ কৰিব পৰা যায় বুলি নিশ্চিত কৰিছে।

আয়ুৰ্বেদেৰে নিৰাময় হ’ব হাওঁফাওঁৰ ৰোগ, পতঞ্জলিয়ে এই ঔষধক দিলে ৰামবাণ আখ্যা…
আয়ুৰ্বেদেৰে সম্ভৱ হাওঁফাওঁৰ সমস্যাৰ নিৰাময়Image Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 09 May 2025 04:25 AM

প্ৰদূষণৰ ভয়াৱহতাই সম্প্ৰতি জুৰুলা কৰিছে সমগ্ৰ বিশ্বক। ইয়াৰ ফলত বিশ্বজুৰি অলেখ লোক ভিন্ন ৰোগৰ বলি হৈছে। ইয়াৰ সমান্তৰালকৈ বৰ্তমান সময়ত সমগ্ৰ বিশ্বই প্লাষ্টিকৰ দ্বাৰা সৃষ্টি হোৱা গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগিছে। মাইক্ৰ’প্লাষ্টিক নামৰ এই ক্ষুদ্ৰ প্লাষ্টিক কণাবোৰ বৰ্তমান বায়ু, পানী আৰু খাদ্যত সকলোতে বিয়পি পৰিছে। আমি নজনাকৈয়ে প্ৰতিদিনে সেৱন কৰি আছো এই মাইক্ৰ’প্লাষ্টিক।

এই কণাবোৰ যেতিয়া মানুহৰ শৰীৰত বিশেষকৈ হাওঁফাওঁত প্ৰৱেশ কৰে, তেতিয়া এই কণিকাবোৰে প্ৰদাহ, কোষৰ ক্ষতিৰ দৰে সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত Lung Inflammation আৰু Airway Hyper-Responsiveness আদি গুৰুতৰ ৰোগ হ’ব পাৰে। পিছে হাওঁফাওঁত হ’ব পৰা এনে গুৰুতৰ সমস্যাৰ প্ৰতিকাৰ বিচাৰি পাইছে পতঞ্জলিয়ে। আয়ুৰ্বেদকৰ দ্বাৰাই এই সমস্যা নিৰাময় সম্ভৱ বুলি পতঞ্জলিয়ে দাবী কৰিছে।

পতঞ্জলিৰ বিজ্ঞানীসকলে এন্দুৰৰ ওপৰত কৰা শেহতীয়া গৱেষণাই মাইক্ৰ’প্লাষ্টিকৰ ফলত হাওঁফাওঁৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ সমস্যা আয়ুৰ্বেদিক ঔষধ ব্ৰংকোডিলৰ দ্বাৰা বহু পৰিমাণে ৰোধ কৰিব পৰা যায় বুলি নিশ্চিত কৰিছে। এই যুগান্তকাৰী অধ্যয়নে ব্ৰংকো চিকিৎসাই মাইক্ৰ’প্লাষ্টিকৰ ফলত হোৱা Cytokine Releaseৰ লগতে Airway Hyper-Responsiveness হ্ৰাস কৰে বুলি দাবী কৰিছে।

এই গৱেষণা বিশ্ববিখ্যাত এলচেভিয়াৰ পাব্লিকেচনে প্ৰকাশ কৰা আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনী বায়’মেডিচিন এণ্ড ফাৰ্মাকোথেৰাপিত প্ৰকাশ পাইছে। এই উপলক্ষে আচাৰ্য বালকৃষ্ণই কয় যে আয়ুৰ্বেদক বৈজ্ঞানিকভাৱে প্ৰমাণ কৰা আৰু বিশ্বৰ বৰ্তমানৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান প্ৰদান কৰাই হৈছে পতঞ্জলিৰ লক্ষ্য।

চিৰন্তন জ্ঞান, লক্ষ্যভিত্তিক গৱেষণা আৰু প্ৰমাণভিত্তিক চিকিৎসা পদ্ধতিৰ জৰিয়তে পৰিৱেশৰ কাৰকৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ সমাধান বিচাৰি উলিওৱা যে সম্ভৱ, সেয়া এই গৱেষণাই প্ৰমাণ কৰে বুলি তেওঁ লগতে কয়।

পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানৰ উপাধ্যক্ষ তথা মুখ্য বিজ্ঞানী ড০ অনুৰাগ বর্ষণীয়ে এই উপলক্ষে কয় যে চিৰন্তন জ্ঞান আৰু আধুনিক বিজ্ঞানৰ এই বিস্ময়কৰ সংমিশ্ৰমণতে সমগ্ৰ বিশ্বক সুস্থ কৰি তোলাৰ অপৰিসীম সম্ভাৱনা আছে৷ “আমাৰ প্ৰয়াস হৈছে আয়ুৰ্বেদৰ এই প্ৰাচীন জ্ঞানক বৈজ্ঞানিক প্ৰমাণৰ সৈতে উপস্থাপন কৰা।”- তেওঁ লগতে এইদৰে কয়।