শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Next-Gen GST Reform: দেশবাসীক দীপাৱলীৰ উপহাৰ কেন্দ্ৰৰ, কোন কোন খণ্ডত কিমান হ্ৰাস পালে GST?

৫৬ সংখ্যক GST পৰিষদৰ বৈঠকত ১২ শতাংশ আৰু ২৮ শতাংশ হাৰ একত্ৰিত কৰি ৫ শতাংশ আৰু ১৮ শতাংশৰ দুটা স্লেবলৈ GSTৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ক'ত কিমান হ্ৰাস পালে GST, জানক সবিশেষ-

Next-Gen GST Reform: দেশবাসীক দীপাৱলীৰ উপহাৰ কেন্দ্ৰৰ, কোন কোন খণ্ডত কিমান হ্ৰাস পালে GST?
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণImage Credit source: PTI
raj-saikia
Raj Saikia | Updated On: 05 Sep 2025 13:56 PM

পৰিয়াল, কৃষক, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু স্বাস্থ্যসেৱা খণ্ডক সকাহ দিয়াৰ লক্ষ্যৰে GSTৰ ক্ষেত্ৰত এক বৃহৎ সংস্কাৰ সাধন কৰিছে কেন্দ্ৰই। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে ঘোষণা কৰে যে বহুতো অত্যাৱশ্যকীয় সামগ্ৰী, অটোম’বাইল, কৃষি সামগ্ৰী আৰু ইলেক্ট্ৰনিক সঁজুলিৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ (GST)ৰ হাৰ ব্যাপকভাৱে হ্ৰাস কৰা হৈছে।

“Next-Gen GST Reform” বুলি অভিহিত কৰা এই সিদ্ধান্তক দেশবাসীৰ বাবে ঐতিহাসিক দীপাৱলীৰ উপহাৰ হিচাপে বিবেচনা কৰা হৈছে আৰু ই অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ লগতে জীৱন-যাপনৰ খৰচো লাঘৱ কৰিব বুলি আশা কৰা হৈছে।

৫৬ সংখ্যক GST পৰিষদৰ বৈঠকত ১২ শতাংশ আৰু ২৮ শতাংশ হাৰ একত্ৰিত কৰি ৫ শতাংশ আৰু ১৮ শতাংশৰ দুটা স্লেবলৈ GSTৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

দৈনিক প্ৰয়োজনীয় সামগ্ৰী যেনে চুলিৰ তেল, চেম্পু, টুথপেষ্ট, টয়লেট চাবোন, টুথব্ৰাছ আৰু শ্বেভিং ক্ৰীমৰ GSTৰ হাৰ ১৮ শতাংশৰ পৰা মাত্ৰ ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। একেদৰে মাখন, ঘিউ, পনিৰ, ডেইৰী স্প্ৰেড, প্ৰি-পেকেজড নমকিন, ভুজিয়া আৰু মিক্সাৰ, বাচন-বৰ্তন, পানীৰ বটল, কেঁচুৱাৰ বাবে নেপকিন, ক্লিনিকেল ডায়েপাৰ আৰু চিলাই মেচিনৰ ক্ষেত্ৰত আগৰ ১২ শতাংশৰ পৰিৱৰ্তে এতিয়া মাত্ৰ ৫ শতাংশ GST নিৰ্ধাৰণ কৰা হৈছে।

স্বাস্থ্যসেৱা অধিক সুলভ কৰি তোলাৰ প্ৰয়াসত GST পৰিষদে ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমা পলিচিসমূহক GSTৰ পৰা ৰেহাই দি ১৮ শতাংশৰ পৰা শূন্যলৈ হ্ৰাস কৰিছে। থাৰ্মোমিটাৰ, মেডিকেল গ্ৰেডৰ অক্সিজেন, ডায়েগনষ্টিক কিট, ৰিএজেণ্ট, গ্লুক’মিটাৰ, টেষ্ট ষ্ট্ৰিপ আৰু কাৰেকটিভ চশমা আদিতো GSTৰ হাৰ ৫ শতাংশলৈ হ্ৰাস পোৱাৰ ফলত ৰোগী আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ ওপৰত বোজা লাঘৱ হৈছে।

কৃষক আৰু কৃষি খণ্ডক সকাহ দিয়াৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। ট্ৰেক্টৰৰ টায়াৰ, ট্ৰেক্টৰৰ বিভিন্ন অংশ, খেতি, চপোৱা আৰু মৰা চপোৱাৰ বাবে নিৰ্দিষ্ট কৃষি যন্ত্ৰপাতিৰ ক্ষেত্ৰত এতিয়া পূৰ্বৰ ১৮ শতাংশ বা ১২ শতাংশ GSTৰ পৰিৱৰ্তে ৫ শতাংশ GST আৰোপ কৰিব। ড্ৰিপ জলসিঞ্চন ব্যৱস্থা, স্প্ৰিংকলাৰ, জৈৱ-কীটনাশক আৰু অণুপুষ্টিকৰ পদাৰ্থও ৫ শতাংশ ফলকৰ অধীনলৈ অনা হৈছে, যাৰ ফলত কৃষকৰ বাবে কৃষি খৰচ হ্ৰাস পাব।

অটোম’বাইল অধিক সুলভ হৈ পৰিব, পেট্ৰ’ল, এল পি জি আৰু চি এন জি হাইব্ৰিড গাড়ী (১২০০ চি চি আৰু ৪০০০ মিমি পৰ্যন্ত)ৰ GSTৰ হাৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস পাইছে। ডিজেল হাইব্ৰিড গাড়ী (১৫০০ চিচি আৰু ৪০০০ মিমি পৰ্যন্ত), তিনিচকীয়া বাহন, মটৰ চাইকেল (৩৫০ চিচি আৰু তাৰ তলৰ) আৰু সামগ্ৰী কঢ়িওৱা বাহনসমূহৰ ক্ষেত্ৰতো আগৰ ২৮ শতাংশ GSTৰ পৰিৱৰ্তে এতিয়া ১৮ শতাংশলৈ GST হ্ৰাস কৰা হৈছে।

শিক্ষা খণ্ডলৈও সকাহ দিছে GST পৰিষদে। মেপ, চাৰ্ট, গ্ল’ব, পেঞ্চিল, শ্বাৰপেনাৰ, ক্ৰেয়ন, পেষ্টেল, এক্সাৰচাইজ বুক, বহী আৰু ইৰেজাৰৰ GST সম্পূৰ্ণৰূপে আঁতৰাই কৰমুক্ত কৰি তোলা হৈছে। এয়াৰ কণ্ডিচনাৰ, টেলিভিছন, মনিটৰ, প্ৰজেক্টৰ, ডিচৱাছাৰ আদি ইলেক্ট্ৰনিক সঁজুলিৰ ক্ষেত্ৰত এতিয়া ২৮ শতাংশৰ পৰিৱৰ্তে ১৮ শতাংশ GST বহন কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন GST হাৰ প্ৰতিজন ভাৰতীয়ক উপকৃত কৰাৰ লক্ষ্যৰে নিৰ্ধাৰণ কৰা হৈছে। “সাধাৰণ জনসাধাৰণৰ বাবে কৰ যথেষ্ট হ্ৰাস পাব। আমাৰ MSME আৰু ক্ষুদ্ৰ উদ্যোগীসকলে বিপুল সুবিধা লাভ কৰিব। দৈনন্দিন সামগ্ৰী সস্তা হ’ব আৰু ইয়াৰ দ্বাৰা অৰ্থনীতিত এক বুষ্ট হ’ব।” মোদীয়ে কয়।

চৰকাৰে তিনি কৰ্মদিনৰ ভিতৰত স্বয়ংক্ৰিয় পঞ্জীয়ন আৰু ব্যৱস্থাভিত্তিক বিপদ মূল্যায়নৰ জৰিয়তে দ্ৰুতভাৱে ধন ঘূৰাই দিয়াকে ধৰি প্ৰক্ৰিয়া সংস্কাৰৰো প্ৰৱৰ্তন কৰিছে। GSTৰ ৰেট ৰেচনেলাইজেচনৰ পৰা চৰকাৰৰ বাবে নিকা ৰাজহৰ প্ৰভাৱ হ’ব ৪৮,০০০ কোটি টকা।