শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

October 2025 New Rules:অক্টোবৰ মাহৰ পৰা সলনি হ’ব এইসমূহ নিয়ম! জানি লওক সকলো…

October 2025 New Rules: প্ৰতি মাহতে দেশৰ বিভিন্ন ক্ষেত্ৰত কিছুমান নিয়ম সাল-সলনি হয়। অহা অক্টোবৰ মাহতো বহু দিশত নিয়ম সলনি হোৱাৰ সম্ভাৱনা আছে। ইউ পি আইৰ পৰা আৰম্ভ কৰি বেংকলৈ বিভিন্ন দিশত সলনি হ'ব পাৰে।

October 2025 New Rules:অক্টোবৰ মাহৰ পৰা সলনি হ’ব এইসমূহ নিয়ম! জানি লওক সকলো…
নতুন নিয়মImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 26 Sep 2025 11:24 AM

আগন্তুক অক্টোবৰ মাহত কেইবাটাও নিয়ম সলনি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিমাহতে কিবা নহয় কিবা নিয়ম সলনি হয়। এই নিয়মসমূহ মানুহৰ জীৱনত যথেষ্ঠ প্ৰভাৱ পেলাব পাৰে। ট্ৰেইনৰ টিকটৰ পৰা আৰম্ভ কৰি ইউ পি আইলৈ বিভিন্ন দিশত নিয়ম সলনি হ’ব পাৰে। এই সম্ভাৱ্য নিয়মসমূহ তলত উল্লেখ কৰা হ’ল-

RBI Repo Rate কৰ্তনঃ আগন্তুক মাহৰ পৰা আৰ বি আইৰ মুদ্ৰানীতি সমিতিৰ বৈঠক। এই বৈঠকৰ সময়ত ৰেপো ৰেট আৰু অন্যান্য বিত্তীয় বিষয়ৰ ওপৰত সিদ্ধান্ত ল’ব পাৰে। আৰ বি আইয়ে ০.২৫ শতাংশ কৰ্তন কৰিব পাৰে। ৰেপো ৰেট কম হোৱাৰ ফলত ঋণৰ ওপৰত সূত কম হ’ব পাৰে। যি গ্ৰাহকৰ বাবে যথেষ্ঠ সুবিধা হোৱাৰ সম্ভাৱনা আছে।

ইউ পি আইঃ আগন্তুক মাহত ইউ পি আইৰ নিয়ম সাল-সলনি হ’ব পাৰে। পি টু পি চাৰ্ভিছ বন্ধ হ’ব পাৰে। ইয়াৰ অধীনত ইউ পি আইৰ যোগেদি কোনোৱে ধাৰ খুজিব নোৱাৰিব। পি টু পি চাৰ্ভিছৰ অধীনত গ্ৰাহকে চিনাকী লোকৰ পৰা ধন ধাৰলৈ ল’ব পাৰে।

ট্ৰেইন টিকট বুকিংঃ ১ অক্টোবৰৰ পৰা যিসকলৰ আধাৰ ভেৰিফিকেশ্যন হ’ব সেইসকলক টিকট বুকিঙৰ ক্ষেত্ৰত বেছি প্ৰাধন্য দিয়া হ’ব। ৰে’লৱেৰ টিকট বুকিং খোলাৰ ১৫ মিনিট পূৰ্বে এনে যাত্ৰীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

এলপিজিৰ দামঃ প্ৰায় প্ৰতিমাহে এল পি জিৰ দামৰ পৰিৱৰ্তন হয়। গতিকে ১৪ কেজি ঘৰুৱা আৰু ১৯ কেজিৰ ওজনৰ ছিলিণ্ডাৰৰ দাম সলনি হ’ব পাৰে। অৱশ্যে কিমান টকা-পৰ্যন্ত দাম সাল-সলনি হ’ব পাৰে এতিয়ালৈকে তথ্য অহা নাই।

সোণ-ৰূপৰ দাম সলনিঃ প্ৰতিদিনে সোণ-ৰূপৰ দাম হ্ৰাস বৃদ্ধি হৈ থাকে। গতিকে অহা মাহতো সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হ’ব পাৰে। অহা মাহত ধনতেৰচ। গতিকে সোণৰ দাম বৃদ্ধি পাব পাৰে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানক আঘাত! কাশ্মীৰ বিষয়টোৰ ওপৰত আমেৰিকাৰ ডাঙৰ মন্তব্য, ক’লে- আমি আগ্ৰহী নহয়…