ট্ৰাম্পৰ জেপত সোমাল নেকি আম্বানীৰ টকা, কিয় আৰু কিমান জানি হ’ব আচৰিত!
Mukesh Ambani-Donald Trump: তথ্য অনুসৰি ২০২৪ চনত ‘দ্য ট্ৰাম্প অৰ্গেনাইজেশ্যনে’ কেৱল ৰিয়েল ইষ্টেট লাইচেন্সিঙৰ পৰাই ৪৪ মিলিয়ন ডলাৰৰ ওপৰত উপাৰ্জন কৰিছিল।

এইবাৰ ভাৰতীয় ব্যৱসায়ী তথা কোটিপতি মুকেশ আম্বানীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে হাত মিলাইছে। ড’নাল্ড ট্ৰাম্পৰ ৰিয়েল ইষ্টেট ফাৰ্ম ‘দ্য ট্ৰাম্প অৰ্গেনাইজেশ্যন’ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে। সেই চুক্তি অনুসৰি মুম্বাইৰ এটা প্ৰজেক্টত ট্ৰাম্পৰ নাম ব্যৱহাৰ কৰাৰ অনুমতি লৈছে।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহযোগী কোম্পানী Reliance 4IR Realty Development এ অনুজ্ঞাপত্ৰ লাভৰ বাবে প্ৰায় এক কোটি ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই ধন ‘উন্নয়ন মাচুল’ হিচাপে লৈছে ‘দ্য ট্ৰাম্প অৰ্গেনাইজেশ্যনে’। এই চুক্তিয়ে প্ৰমাণ কৰে যে বিদেশী ৰিয়েল ইষ্টেট ডেভেলপাৰসকলে নিজৰ প্ৰকল্পত ‘ট্ৰাম্প’ নাম ব্যৱহাৰ কৰিবলৈ আগ্ৰহী।
তথ্য অনুসৰি ২০২৪ চনত ‘দ্য ট্ৰাম্প অৰ্গেনাইজেশ্যনে’ কেৱল ৰিয়েল ইষ্টেট লাইচেন্সিঙৰ পৰাই চৌচল্লিছ
মিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছিল। ইয়াৰ ভিতৰত ভিয়েটনাম, ডুবাই, চৌদি আৰৱ আদি দেশো অন্তৰ্ভুক্ত। ডুবাইৰ ডামাক প্ৰপাৰ্টিজে এই অনুজ্ঞাপত্ৰ লাভ কৰিছিল ৫.২ মিলিয়ন ডলাৰত। ভিয়েটনামৰ হুং য়েন হস্পিটেলিটিয়ে ৫ মিলিয়ন ডলাৰ ব্যয় কৰে। মন কৰিবলগীয়া যে, যেতিয়া ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল, তেতিয়া মুকেশ আম্বানীয়ে তালৈ গৈছিল। ইয়াৰ উপৰিও কাটাৰত আয়োজন কৰা নৈশ ভোজনত উপস্থিত আছিল।