আকাৰ, ওজন আৰু ডিজাইন একে, কিন্তু তাতে আছে পাৰ্থক্য! ভাৰতীয় মুদ্ৰাৰ ওপৰত থকা চিহ্নবোৰৰ অৰ্থ কি? জানেনে
বৰ্তমান ভাৰতত Rs 1, Rs 2, Rs 5, Rs 10, আৰু Rs 20 ৰ মুদ্ৰা(Coin) প্ৰচলিত হৈ আছে। এই মুদ্ৰাবোৰৰ কিছুমানৰ সুকীয়া চিন থাকে, যেনে বিন্দু(dot), ষ্টাৰ(star) বা ডাইমণ্ড। এই চীনবোৰৰ প্ৰত্যেকৰে এটা সুকীয়া বিশেষত্ব আছে।

প্ৰতিবছৰে ভাৰতত কাগজৰ টকাৰ(currency) সমান্তৰালভাৱে মুদ্ৰা(Coin) প্ৰস্তুত কৰা হয়। বৰ্তমান ভাৰতত Rs 1, Rs 2, Rs 5, Rs 10, আৰু Rs 20 ৰ মুদ্ৰা(Coin) প্ৰচলিত হৈ আছে। এই মুদ্ৰাবোৰৰ কিছুমানৰ সুকীয়া চিন থাকে, যেনে বিন্দু(dot), ষ্টাৰ(star) বা ডাইমণ্ড। এই চীনবোৰৰ প্ৰত্যেকৰে এটা সুকীয়া বিশেষত্ব আছে।
বৰ্তমান প্ৰচলিত মুদ্ৰাসমূহ মুম্বাই, কলকাতা, হায়দৰাবাদ আৰু নয়ডাত অৱস্থিত মিন্ট প্ৰতিষ্ঠানত প্ৰস্তুত কৰা হয়। এই মুদ্ৰা প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহক সাধাৰণতে ‘মিন্ট’ বুলি কোৱা হয়। মুদ্ৰাবোৰত থকা উপৰোক্ত চিনবোৰে প্ৰতিখন মিন্টক সূচায়।
উল্লেখ্য যে, ১৯৫৭ চনত প্ৰতিষ্ঠা লাভ কৰা কলকাতা মিন্ট আটাইতকৈ পুৰণি। এই মিন্টত প্ৰস্তুত কৰা মুদ্ৰাত কোনোধৰণৰ প্ৰাৰ্থক্য চিন নাথাকে। একেধৰণে হায়দৰাবাদ মিন্ট প্ৰতিষ্ঠা হৈছিল ১৮০৩ চনত। হায়দৰাবাদ মিন্টত প্ৰস্তুত কৰা মুদ্ৰাত তৰাৰ(star) চিহ্ন দেখা যায়।

ভাৰতীয় মুদ্ৰা
ইফালে, ১৮২৯ চনত প্ৰতিষ্ঠা হোৱা মুম্বাই মিন্টত প্ৰস্তুত কৰা মুদ্ৰাবোৰ ডাইমণ্ড চিহ্নৰে চিহ্নিত কৰা হয়। কেতিয়াবা, প্ৰুফ ছেটত ‘বি’ (বম্বে) বা ‘ম’ (১৯৯৬ চনৰ পৰা মুম্বাই) আখৰটোও দেখা যায়। সমান্তৰালভাৱে নয়ডা মিণ্টত প্ৰস্তুত হোৱা মুদ্ৰা বিন্দুৰে চিহ্নিত কৰা হয়। এই প্ৰতিষ্ঠানখন ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা হয়।

ভাৰতীয় মুদ্ৰা
একে মূল্যৰ মুদ্ৰা, যেনে ৫ টকীয়া মুদ্ৰা, আকাৰ, ওজন আৰু ডিজাইনত একে ধৰণৰ দেখা যায়। কিন্তু মিন্টৰ চিনটোত সৰু পাৰ্থক্য এটা থাকে। সহজে দেখা নোপোৱা এই চিহ্নটো প্ৰায়ে মুদ্ৰাত ষ্টাম্প লগোৱা বছৰৰ তলত থাকে। ই ক’ত প্ৰস্তুত কৰা হৈছিল সেইটো সূচায় আৰু মিন্টৰ স্বাক্ষৰৰ দৰে কাম কৰে। ভাৰতত মুদ্ৰাৰ ব্যৱস্থাপনা ভাৰত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যৌথ সিদ্ধান্ত।