শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিচাৰিলে নাপাব টিকট ! বুকিঙত ডাঙৰ পৰিৱৰ্তন ৰে’লৱেৰ…

ইচ্ছা কৰিলে নাপাব ৰে’লৰ টিকট। ইয়াৰ বাবে কৰিব লাগিব আগতীয়াকৈ আবেদন। অৱশ্যে এই সিদ্ধান্তই সাধাৰণ যাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

বিচাৰিলে নাপাব টিকট ! বুকিঙত ডাঙৰ পৰিৱৰ্তন ৰে’লৱেৰ…
ৰে'লৱেImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 25 Jul 2025 15:46 PM

ভাৰতীয় ৰে’লৱেৰ আন এক ডাঙৰ সিদ্ধান্ত। ৰে’লৰ টিকট সলনিৰ নিয়মত ডাঙৰ পৰিৱৰ্তন কৰা হৈছে। আপুনি ইচ্ছা কৰিলে আৰু অধিক মূল্যত ৰে’লৰ টিকট লাভ কৰিব নোৱাৰিব। ইয়াৰ বাবে কৰিব লাগিব আগতীয়াকৈ আবেদন। অৱশ্যে এই সিদ্ধান্তই সাধাৰণ যাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

জনা যায় যে, জৰুৰীকালীন কোটাৰ অধীনত টিকট বুকিং কৰাৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰা হৈছে। এতিয়াৰে পৰা এই কোটাত যাত্ৰীয়ে ৰে’লত যাত্ৰা কৰিব নে নকৰে সেই বিষয়ে আগতীয়াকৈ জনোৱাটো বাধ্যতামূলক হ’ব। শেহতীয়াকৈ ৰে’ল-চাৰ্ট প্ৰস্তুতৰ ক্ষেত্ৰত পৰিৱৰ্তন অনা হৈছে, ইয়াক অংশ হিচাপে এই জৰুৰীকালীন কোটাৰ নিয়ম সলনি কৰা হৈছে।

যাত্ৰীৰ সুবিধাৰ কথা মনত ৰাখি, এতিয়া ৰে’ল যাত্ৰাৰ ২ ঘণ্টা আগতে নহয়, ৮ ঘণ্টা আগতেই চূড়ান্ত তালিকা প্ৰস্তুত কৰা হৈছে। এতিয়াৰ পৰা কোনোবাই যদি জৰুৰীকালীন কোটাত যাত্ৰা কৰিব বিচাৰে তেন্তে অন্ততঃ এদিন আগতীয়াকৈ অৱগত কৰিব লাগিব। তেতিয়াহে তেওঁলোকৰ নাম চাৰ্টত থাকিব।

মন কৰিবলগীয়া যে, এই জৰুৰীকালীন কোটা ৰে’লৱেত ভিআইপি, ৰে’ল কৰ্মচাৰী আৰু চিকিৎসা জৰুৰীকালীন যাত্ৰীসকলৰ বাবে ৰখা হয়। কিন্তু দীৰ্ঘদিন ধৰি এই কোটাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈ আহিছে। এই কোটাত শেষ মুহূৰ্তত টিকট বুকিং কৰাৰ বাবে চাৰ্ট প্ৰস্তুত কৰাত প্ৰায়ে পলম হয়। ৱেটিং লিষ্টত থকা যাত্ৰীসকলৰ টিকট নিশ্চিত নহয়। এই সমস্যা সমাধানৰ বাবে জৰুৰীকালীন কোটাত টিকট বুকিং কৰাৰ নিয়ম সলনি কৰা হৈছে।

ৰে’লৱেৰ নতুন নিয়ম অনুসৰি, জৰুৰীকালীন কোটাত টিকট বুকিং কৰিব বিচৰাসকলে কমেও এদিন আগতীয়াকৈ আবেদন দাখিল কৰিব লাগিব। যাত্ৰাৰ দিনা জৰুৰীকালীন কোটাত টিকট পোৱা নাযাব।

যদি কোনো ৰে’ল নিশা ১২ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত যাত্ৰা কৰে আৰু কোনো ব্যক্তিয়ে সেই ৰে’লত জৰুৰীকালীন কোটাত যাত্ৰা কৰিব বিচাৰে তেন্তে যাত্ৰাৰ আগদিনা নিশা ১২ বজাৰ ভিতৰত আবেদন কৰিব লাগে। যদি কোনো ৰে’ল দুপৰীয়া ২ বজাৰ পৰা নিশা ১১:৫৯ বজাৰ ভিতৰত যাত্ৰা কৰে আৰু সেই ৰে’লত যাত্ৰা কৰিব বিচাৰে তেন্তে আগদিনা বিয়লি ৪ বজাৰ ভিতৰত আবেদন দাখিল কৰিব লাগে। যদি আগৰ দিনটো কোনো দেওবাৰ বা বন্ধৰ দিনত পৰে তেন্তে আগদিনা আবেদন দাখিল কৰিব লাগে।

একে সময়তে ৰে’ল মন্ত্ৰালয়ৰ নিৰ্দেশত এই কোটাৰ অপব্যৱহাৰ নকৰিবলৈ বুলি কোৱা হৈছে। জৰুৰীকালীন কোটাত যাত্ৰা কৰা যাত্ৰীৰ পৰিচয় পৰীক্ষা কৰি গাইডলাইন অনুসৰি জৰুৰীকালীন কোটাত টিকট প্ৰদান কৰিবলৈ কোৱা হৈছে।