একাউণ্টত ধন নাথাকিলেও নাই চিন্তা, UPIৰ পৰা হ’ব পে’মেণ্ট! আগষ্টতে আহিব পাৰে নতুন নিয়ম…
অনলাইন পে’মেণ্টৰ ক্ষেত্ৰত কম সময়ৰ ভিতৰতে এতিয়া ব্যৱহাৰকাৰীসকলে বৃহৎ পৰিৱৰ্তন দেখা পাব পাৰে। এক প্ৰতিবেদন অনুসৰি অহা আগষ্টৰ পৰা UPI ব্যৱহাৰকাৰীসকলে এক বিশেষ সুবিধা লাভ কৰিব পাৰে। এই নতুন পৰিৱৰ্তনৰ ফলত এতিয়া আপোনাৰ বেংক একাউণ্টত টকা নাথাকিলেও UPI পে’মেণ্ট কৰিব পৰা যাব।

ডিজিণ্টেল ইণ্ডিয়াৰ অংশ হিচাপে এতিয়া সমগ্ৰ দেশতে অনলাইন পে’মেণ্টৰ প্ৰয়োভৰ বৃদ্ধি পাইছে। আনহাতে হ্ৰাস পাইছে নগদ লেনদেন প্ৰক্ৰিয়া। এতিয়া বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দোকানতো অনলাইন পে’মেণ্টৰ সুবিধা দেখা যায়। অনলাইন পে’মেণ্টৰ ক্ষেত্ৰত কম সময়ৰ ভিতৰতে এতিয়া ব্যৱহাৰকাৰীসকলে বৃহৎ পৰিৱৰ্তন দেখা পাব পাৰে। এক প্ৰতিবেদন অনুসৰি অহা আগষ্টৰ পৰা UPI ব্যৱহাৰকাৰীসকলে এক বিশেষ সুবিধা লাভ কৰিব পাৰে।
এই নতুন পৰিৱৰ্তনৰ ফলত এতিয়া আপোনাৰ বেংক একাউণ্টত টকা নাথাকিলেও UPI পে’মেণ্ট কৰিব পৰা যাব। প্ৰকাশিত খবৰ অনুসৰি, নেচনেল পে’মেণ্টচ্ ক’ৰ্প’ৰেচন অৱ ইণ্ডিয়া, চমুকৈ NPCI- এ UPI ব্যৱহাৰকাৰীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিবলৈ সাজু হৈছে। বৰ্তমানলৈকে ব্যৱসায়িক প্ৰতিষ্ঠানত থকা মাৰ্চেণ্ট QR code ব্যৱহাৰ কৰি ক্ৰেডিট কাৰ্ডৰ পৰা ধন পৰিশোধ কৰিব পৰা গৈছিল।
কিন্তু আগষ্ট মাহত যদি নতুন নিয়ম প্ৰৱৰ্তন কৰা হয়, তেতিয়া এই ক্ৰেডিট কাৰ্ড বা ক্ৰেডিট একাউণ্ট UPI এপৰ সৈতে লিংক কৰিব পাৰিব আৰু যিকোনো QR code লৈ ধন প্ৰেৰণ কৰিব পাৰিব তথা নগদ ধন উলিয়াব পাৰিব। লগতে পূৰ্বৰ দৰে যিকোনো দোকানতে ধন পৰিশোধ কৰিব পাৰিব। নেচনেল পে’মেণ্টচ্ ক’ৰ্প’ৰেচন অৱ ইণ্ডিয়া, চমুকৈ NPCI- এ উল্লেখ কৰা মতে ৩১ আগষ্টৰ ভিতৰত সকলো বেংকে এই সুবিধা মুকলি কৰিব।
ইয়াৰ ফলস্বৰূপে Paytm, PhonePe, Google Payৰ দৰে UPI এপসমূহে এতিয়াৰে পৰা পোনপটীয়াকৈ এই ক্ৰেডিট একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব। কিন্তু এই নতুন সুবিধাৰ জৰিয়তে UPI ব্যৱহাৰকাৰীৰ বাবে আন কেইবাটাও নিয়ম প্ৰৱৰ্তন কৰা হৈছে। এনে নিয়মসমূহৰ ভিতৰত বেলেঞ্চ নিৰ্দিষ্ট সংখ্যকবাৰ পৰীক্ষা কৰাৰ সুযোগৰ দৰে ব্যৱস্থাও অন্যতম হ’ব বুলি জানিব পৰা গৈছে।