শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

NPCI-ৰ ডাঙৰ সিদ্ধান্ত, এতিয়া বিদেশী আৰু প্ৰবাসী ভাৰতীয়ই কৰিব পাৰিব UPI

RBI, UPI: এই বেংকে ঘোষণা কৰিছে যে বিদেশী আৰু প্ৰবাসী ভাৰতীয়ই নিজৰ একাউণ্টৰ সহায়ত বিদেশী ফোন নম্বৰ ব্যৱহাৰ কৰি ইউ পি আইৰ লেনদেন কৰিব পাৰিব। বিশ্বৰ ১২খন দেশলৈ লৈ সুবিধা অনা হৈছে।

NPCI-ৰ ডাঙৰ সিদ্ধান্ত, এতিয়া বিদেশী আৰু প্ৰবাসী ভাৰতীয়ই কৰিব পাৰিব UPI
এতিয়া বিদেশী আৰু প্ৰৱাসী ভাৰতীয়ই কৰিব পাৰিব UPI
barasha-misra
Barasha Misra | Published: 25 Jul 2025 13:28 PM

দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে ইটোৰ পিছত সিটো সিদ্ধান্ত লৈছে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে। এতিয়া এখোজ আগুৱাই গৈ বিদেশী আৰু প্ৰবাসী ভাৰতীয়ৰ বাবেও ইউ পি আই সেৱা মুকলি কৰিছে। যিকোনো বিদেশী নম্বৰেৰে UPI কৰিব পৰা যাব।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৩ চনত বিদেশী আৰু প্ৰবাসী ভাৰতীয়ৰ বাবে ইউ পি আই আৰম্ভ কৰিছিল। কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ ভাৰতত NRE (Non-Resident External) আৰু NRO (Non-Resident Ordinary) একাউণ্ট থাকিব লাগিব।

আইডিএফচি ফাৰ্ষ্ট বেংকে ঘোষণা কৰিছে যে, বিদেশী আৰু প্ৰবাসী ভাৰতীয়ই এতিয়া নিজৰ একাউণ্ট ব্যৱহাৰ কৰি বিদেশী ফোন নম্বৰ ব্যৱহাৰ কৰি ইউপিআই পেমেণ্ট কৰিব পাৰিব। তেওঁলোকে এই সুবিধা বিশ্বৰ ১২খন দেশলৈ লৈ আনিছে। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়া, কানাডা, ফ্ৰান্স, হংকং, মালয়েছিয়া, ওমান, কাটাৰ, চৌদি আৰব, ছিংগাপুৰ, সংযুক্ত আৰব আমিৰশ্বাহী, ইউনাইটেড কিংডম আৰু আমেৰিকা আদি অন্যতম। আইডিএফচি ফাৰ্ষ্ট বেংকেও ঘোষণা কৰিছে যে তেওঁলোকে বিদেশত থকাৰ সময়ত এই ইউপিআই সুবিধা ব্যৱহাৰ কৰিলে কোনো ধৰণৰ ফৰেন এক্সচেঞ্জ চার্জ দিব নালাগিব।

আইচিআইচিআই বেংকেও এই সেৱা আগবঢ়ায়। তেওঁলোকে আমেৰিকা, যুক্তৰাজ্য, কানাডা আৰু অষ্ট্ৰেলিয়াকে ধৰি ১০খন দেশত এই সেৱা আগবঢ়ায়। তেনে ক্ষেত্ৰত কেৱল বিদেশী নম্বৰটো বেংক একাউণ্টৰ সৈতে লিংক কৰিলেই কাম হৈ যাব।