শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

LIC: মাত্ৰ ১৫০ টকা জমা কৰি লাভ কৰক ২৬ লাখ টকা! কেনেকৈ জানক…

Jeevan Tarun: আজিকালি মানুহে উন্নত ভৱিষ্যতৰ সপোন দেখি বহু নতুন নতুন পলিচিত ধন বিনিয়োগ কৰে। বৰ্তমান সময়ত বিভিন্ন দিশৰ লগতে শিক্ষাৰ খৰচো ব্যয়বহুল হৈ পৰিছে। তেনে ক্ষেত্ৰত এখন বিশেষ আঁচনিয়ে আপোনাক সহায় কৰিব পাৰে।

LIC: মাত্ৰ ১৫০ টকা জমা কৰি লাভ কৰক ২৬ লাখ টকা! কেনেকৈ জানক…
জীৱন তৰুণ পলিচিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 04 Jan 2026 15:41 PM

বৰ্তমান সময়ত প্ৰায় প্ৰতিজন অভিভাৱকৰ ডাঙৰ চিন্তা হৈছে সন্তানৰ গুণগত শিক্ষা আৰু সুৰক্ষিত ভৱিষ্যত। মুদ্ৰাস্ফীতিৰ এই যুগত শিক্ষাগ্ৰহণ কৰাও এতিয়া ব্যয়বহুল হৈ পৰিছে। আজিও দেশত বহু এনে পৰিয়াল আছে যিয়ে আৰ্থিক সমস্যাৰ বাবে শিশুৰ সপোন পূৰণ কৰিব নোৱাৰে। যদি আপোনাৰো এই সমস্যা আছে তেন্তে ভাৰতীয় জীৱন বীমা নিগম  (LIC)ৰ জীৱন তৰুণ পলিচী (Jeevan Tarun)য়ে আপোনাক কিছু সকাহ দিব পাৰে। এই আঁচনিয়ে আপোনাৰ সন্তানৰ সপোন পূৰ কৰাত যথেষ্ঠ সহায় কৰিব।

জীৱন তৰুণ পলিচি কি?

এল আই চিৰ জীৱন তৰুণ আঁচনি বিশেষকৈ সেইসকল শিশুসকলৰ পৰিৱৰ্তিত প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি ডিজাইন কৰা হৈছে। এয়া এক নন লিংকড লিমিটেড প্ৰিমিয়া পেন্টে প্লেন। ইয়াৰ অৰ্থ এয়াই যে, ইয়াত আপুনি শ্বেয়াৰ বজাৰৰ উত্থান-পতনক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। যিকোনো অৱস্থাতে আপোনাৰ ধন সুৰক্ষিত হৈ থাকিব। এই আঁচনিয়ে আপোনাৰ শিশুৰ শিক্ষা, কলেজৰ মাচুল বা ভৱিষ্যতে ব্যৱসায় আৰম্ভ কৰাৰ বাবে আৰ্থিক সুৰক্ষা প্ৰদান কৰে। এই আঁচনিত ধন থৈ নিৰ্দিষ্ট সময়ৰ পাছত বিশেষ সুবিধা লাভ কৰিব পাৰে।

১৫০ টকাৰ পৰা ২৬ লাখ

যদি আপুনি এই আঁচনিৰ অধীনত প্ৰতিদিনে মাত্ৰ ১৫০ টকাকৈ জমা কৰে তেন্তে প্ৰতিমাহত হ’ব ৪,৫০০ টকা। এক কথাত আপুনি যদি প্ৰতিমাহে ৪,৫০০ টকাকৈ বিনিয়োগ কৰে তেন্তে বছৰি জমা হয় ৫৪,০০০ টকা।

যদি আপুনি সন্তানৰ ১ বছৰৰ পৰা এই পলিচিত বিনিয়োগ কৰা আৰম্ভ কৰে আৰু ২৫ বছৰলৈ চলাই থাকে তেন্তে পলিচি মেচিউৰিটি হোৱাৰ পিছত আপুনি প্ৰায় ২৬ লাখ টকা লাভ কৰিব। । এই পৰিমাণত আপোনাৰ মূল বীমাকৃত ৰাশি, বাৰ্ষিক বোনাছ, আৰু চূড়ান্ত অতিৰিক্ত বোনাছ অন্তৰ্ভুক্ত কৰা হৈছে।

টকা ঘূৰাই পোৱাৰ নিয়ম

এই পলিচিত বিনিয়োগ কৰাৰ পূৰ্বে ইয়াৰ চৰ্তসমূহ জনা দৰকাৰ। পলিচিৰ সুবিধা লবলৈ শিশুটিৰ বয়স ক’মেও ৯০ দিন আৰু সৰ্বাধিক ১২ বছৰ হ’ব লাগিব। যদি আপোনাৰ সন্তানৰ বয়স ১২ বছৰৰ ওপৰত হয়, তেন্তে এই পলিচিত বিনিয়োগ কৰিব নোৱাৰিব।শিশুৰ বয়সৰ ওপৰত ভিত্তি কৰি পলিচিৰ সময়সীমা নিৰ্ধাৰণ কৰা হয়, অৰ্থাৎ প্ৰিমিয়াম পৰিশোধৰ সময়সীমাত উপনীত হ’বলৈ শিশুৰ বৰ্তমানৰ বয়স বিয়োগ কৰি ২৫ বছৰ।

এই পলিচিৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ধন ঘূৰাই দিয়া প্ৰক্ৰিয়া। সাধাৰণতে এই পলিচিত শেষত ধনখিনি পৰিশোধ কৰে যদিও জীৱন তৰুণে শিশুটিৰ ২০ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সলৈকে প্ৰতি বছৰে নিৰ্দিষ্ট ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে। শেষত ২৫ বছৰত বোনাছৰ সৈতে বাকী থকা সমগ্ৰ ধন ঘূৰাই দিয়া হয়।

 

(যিকোনো পলিচিত বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে জনা দৰকাৰ। গতিকে এই ক্ষেত্ৰত অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ  কৰিব পাৰে।)

 

অন্য খবৰ পঢ়কঃ চিলিণ্ডাৰৰ পৰা বেংকলৈ, ১ জানুৱাৰীৰ পৰা সলনি এইসমূহ নিয়ম…