জন্ম বাৰৰ পৰা জানিব পাৰিব আপোনাৰ বন্ধুৰ স্বভাৱ! কিদৰে সম্ভৱ এয়া, চাওক
Friendship Day: জন্মৰ দিন অনুসৰি এগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ কথা জানিব পাৰি বুলি জ্যোতিষে কয়। ইয়াৰ দ্বাৰা আপুনি সঠিক বন্ধু নিৰ্বাচনতো সফল হ’ব পাৰে। চাওক এইবিষয়ে।

আজি বন্ধুত্ব দিৱস। এই মহামূল্যৱান সম্পৰ্কৰ নামত উৎসৰ্গা কৰা হৈছে আজিৰ দিনটো। বন্ধুত্ব দিৱস উপলক্ষে সকলোৱে হয়তো প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা। সততে কোৱা হয়, সঠিক সংগই এজন ব্যক্তিৰ স্বভাৱ নিৰূপণ কৰে। সেয়ে বন্ধুত্ব গ্ৰহণৰ সময়ত সঠিকভাৱে নিৰ্বাচন কৰিব লাগে বুলি জ্যেষ্ঠজনে কয়। পিছে আপোনাৰ বন্ধুৰ স্বভাৱ কেনেকুৱা, সেয়া আপুনি কিদৰে জানিব? জ্যোতিষৰ মতে এজন ব্যক্তিৰ জন্ম সময়, তাৰিখ, ৰেখা, গ্ৰহৰ অৱস্থানে সেই ব্যক্তিজনৰ ভৱিষ্যতৰ বিষয়ে বহু কথা ক’ব পাৰে।
ঠিক তেনেদৰে জন্মৰ দিন অনুসৰি সেই ব্যক্তিজনৰ ব্যক্তিত্বৰ কথাও জানিব পাৰি বুলি জ্যোতিষে কয়। পিছে কিদৰে সম্ভৱ এয়া, চাওক–
সোমবাৰঃ জ্যোতিষ মতে সোমবাৰে জন্ম হোৱা লোকসকল সাধাৰণতে অস্থিৰ প্ৰকৃতিৰ। সোমবাৰে জন্ম হোৱা লোকসকলে নিজৰ সুখ আনৰ লগত ভাগ কৰি ভাল পায়। পৰিস্থিতি যিয়েই নহওক, তেওঁলোক অতি সুখী মানুহ। অৱশ্যে শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোক কিছু দুৰ্বল হ’ব পাৰে। এই দিনটোত জন্ম হোৱা লোকৰ চৰ্দি আৰু কাহৰ সমস্যা বেছি হয়। তেওঁলোক অত্যন্ত কঠোৰ পৰিশ্ৰমী হয়। নিজৰ লক্ষ্যত উপনীত হ’বলৈ যিকোনো কষ্ট কৰিব পাৰে।
মঙলবাৰঃ মঙলবাৰে জন্ম হোৱা লোকক ভগৱান হনুমানৰ মহান ভক্ত বুলি গণ্য কৰা হয়। এই দিনটোত জন্ম হোৱা মানুহবোৰ মানসিকভাৱে অতি চোকা হয়, কিন্তু অতি নিৰীহ আৰু সহজ প্ৰকৃতিৰ। নিজ কথাত তেওঁলোক সদায় দৃঢ় হৈ থাকে। কাৰোবাক এবাৰ প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ বহুখিনি কৰিব পাৰে। তেওঁলোক অতি আৱেগিক আৰু কোমল হৃদয়ৰ হয়।
বুধবাৰঃ জ্যোতিষ মতে বুধবাৰে জন্ম হোৱা লোক বুদ্ধিমান। এনে মানুহ খুব পাৰিবাৰিক মানুহ। নিজৰ পৰিয়াল আৰু সমাজৰ প্ৰতি নিষ্ঠাবান। তেওঁলোকে দানশীল কাম কৰি ভাল পায়। আনক সহায় কৰিবলৈ তেওঁলোক সদায় সাজু হৈ থাকে। তেওঁলোকে লিখি ভাল পায়। বুধবাৰে জন্ম হোৱা লোকৰ কেতিয়াও টকাৰ অভাৱ নহয়। তেওঁলোকৰ কথা কোৱাৰ ধৰণো একেবাৰে পৃথক।
বৃহস্পতিবাৰঃ জ্যোতিষ মতে বৃহস্পতিবাৰে জন্ম হোৱা লোকসকল অতি আকৰ্ষণীয় আৰু প্ৰভাৱশালী। তেওঁলোকৰ ব্যক্তিত্বই আন মানুহক প্ৰভাৱিত কৰে। সহজেই মানুহক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। কথাৰে আনক সহজে মোহিত কৰাত পাকৈত। এনে লোকক বুদ্ধিমান আৰু সাহসী হিচাপে গণ্য কৰা হয়।
শুকুৰবাৰঃ শুকুৰবাৰে জন্ম হোৱা মানুহবোৰ আকৰ্ষণীয় আৰু অতি সহজ প্ৰকৃতিৰ। এনে লোকে বিবাদ বা কাজিয়াৰ পৰা আঁতৰি থাকি ভাল পায়। জীৱনত শান্তি আৰু সুখ তেওঁলোকৰ বাবে আটাইতকৈ প্ৰিয়। বুদ্ধিমত্তাৰ ক্ষেত্ৰতো তেওঁলোক অতি চোকা। দেৱী লক্ষ্মী আৰু কুবেৰৰ আশীৰ্বাদ সদায় তেওঁলোকৰ ওপৰত। তেওঁলোকক আৰ্থিক সংকটত পৰিবলৈ নিদিয়ে।
শনিবাৰঃ শনিবাৰে জন্ম লোৱা লোকসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়, কিন্তু তেওঁলোকৰ আত্মবিশ্বাস আনতকৈ বহু বেছি। আচৰিত কথাটো হ’ল তেওঁলোকৰ যুঁজৰ ক্ষমতাও যথেষ্ট। জীৱনৰ কোনো কঠিন পৰিস্থিতিত তেওঁলোক বিচলিত নহয়। শীতল মস্তিষ্কৰে আটাইতকৈ বেয়া পৰিস্থিতিকো তেওঁলোকে নিজৰ পক্ষত ঘূৰাই দিব পাৰে।
দেওবাৰঃ ৰবি মানে সূৰ্য। এই দিনটোত জন্ম হোৱা মানুহবোৰ সূৰ্যৰ দ্বাৰা প্ৰভাৱিত হয়। অৰ্থাৎ সহজ ভাষাত ক’বলৈ গ’লে সূৰ্য দেৱৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত থাকে। যদি তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে, তেতিয়া তেওঁলোকৰ কেৰিয়াৰত আগবাঢ়ি যোৱাত কোনেও বাধা দিব নোৱাৰে। সফলতা অহাটো নিশ্চিত হৈ পৰে। কথাৰ জৰিয়তে আনক প্ৰভাৱিত কৰাৰ ক্ষেত্ৰতো তেওঁলোক পাকৈত হয়। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ মাজত অতি জনপ্ৰিয়।