ধাৰাসাৰ বৰষুণৰ ফলত খহি পৰিল ঘৰ! বোকাৰ মাজত আৱদ্ধ হৈ মাতৃ-কন্যাৰ মৃত্যু…
এক হৃদয়বিদাৰক ঘটনা। ধাৰাসাৰ বৰষুণৰ ফলত এটা ঘৰ ভাঙি পৰে, যাৰ ফলত মাতৃ-কন্যাৰ মৃত্যু হয়। আনহাতে আহত হয় আন এগৰাকী কন্যা। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এক মৰ্মান্তিক ঘটনা। বিগত কিছুসময় ধৰি চলি থকা ধাৰাসাৰ বৰষুণৰ ফলত এটা ঘৰ ভাঙি পৰে। যাৰ ফলত ধ্বংসস্তূপৰ তলত মৃত্যুক সাৱতি লয় মাতৃ-কন্যাই। আনহাতে গুৰুতৰভাৱে আহত হয় আনগৰাকী কন্যা, যাক লগে লগে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে সেইস্থানত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হয়। উদ্ধাৰকাৰী দলে বোকাৰে পোঁত যোৱাৰ ঘৰটোৰ ধ্বংসাৱশেৰ পৰা তিনিওকে উদ্ধাৰ কৰি হাস্পাতাললৈ লৈ যায়। কিন্তু চিকিৎসকে মাতৃ-কন্যাক মৃত বুলি ঘোষণা কৰে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশক কৌশম্বী জিলাত।
কৌশাম্বী জিলাৰ মঞ্জনপুৰ থানা এলেকাৰ বাহাদুৰপুৰ গাঁৱত এই ঘটনা সংঘটিত হয়। এই গাঁৱত বাস কৰা মহাৰাজদিন ৰাইদাসৰ কেঁচা ঘৰ আছিল। সৰু পৰিয়ালটোৰ সতে তেওঁ এই ঘৰটোতে বাস কৰিছিল। কিন্তু বৰষুণৰ বাবে হঠাৎ ঘৰটো ভাঙি পৰে। যাৰ ফলত মহাৰাজদিনৰ পত্নী প্ৰেমা দেৱী আৰু তেওঁৰ দুই কন্যা সাধনা (১৯) আৰু আৰাধনা (১৭)ক ধ্বংসাৱশেষৰ তলত পোঁত খাই যায়। লগে লগে ঘটনাস্থলীত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত স্থানীয়লোক উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে। জানিব পৰা মতে, ঘটনাৰ সময়ত পিতৃ ঘৰটোত নাছিল। যাৰ বাবে তেওঁৰ প্ৰাণ কথমপি ৰক্ষা পৰে।
তথ্য লাভ কৰাৰ লগে লগে মঞ্জনপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ দল সেই স্থানত উপস্থিত হয়। পাছত গাঁওবাসীৰ সহায়ত উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলায়। লগে লগে তিনিওকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মাতৃ প্ৰেমা দেৱী আৰু তেওঁৰ কন্যা সাধনাক মৃত বুলি ঘোষণা কৰে। ইয়াৰ বিপৰীতে অন্য এগৰাকী কন্যা আৰাধনাৰ অৱস্থা সংকটজনক হৈ আছে।
ঘটনাৰ পাছতে আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইয়াৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে। এই ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে কৈছে যে, পৰিয়ালটো অতি দৰিদ্ৰ আছিল। কিন্তু তাৰ পাছতো চৰকাৰৰ পৰা কোনো আৱাস লাভ কৰা নাছিল। যদি আৱাস পালেহেতেনে তেন্তে তেওঁলোক সম্ভৱত আজি জীয়াই থাকিলহেতেন। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ অসাৰ ট্ৰাম্পৰ ভাবুকি! আমেৰিকাৰ শত্ৰু ইৰাণৰ সৈতে ১২খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ পাকিস্তানৰ…