১৪৭ টকাৰ প্লেনৰ বৈধতা হ্ৰাস কৰি ব্যৱহাৰকাৰীক আচৰিত কৰিলে BSNLয়ে, কি পৰিৱৰ্তন আনিলে ? জানক…
BSNLয়ে হ্ৰাস কৰিছে ১৪৭ টকাৰ প্লেনৰ বৈধতা। ইয়াৰ পূৰ্বে কোম্পানীয়ে ৯৯ টকাৰ প্লেনৰ বৈধতা হ্ৰাস কৰিছিল। এই সিদ্ধান্তৰ পাছতে কোম্পানীয়ে কি কি পৰিৱৰ্তন কৰিলে জানক।

BSNLয়ে ১৪৭ টকীয়া সস্তীয়া প্লেনৰ সুবিধা হ্ৰাস কৰি ব্যৱহাৰকাৰীক আচৰিত কৰি তুলিছে। ইয়াৰ পূৰ্বে শেহতীয়াকৈ কোম্পানীয়ে ৯৯ টকাৰ প্লেনৰ বৈধতা হ্ৰাস কৰিছিল। পূৰ্বে ১৪৭ টকীয়া প্লেনত কি সুবিধা উপলব্ধ আছিল আৰু এতিয়া কি পাব? জানোঁ আহক।
১৪৭ টকাৰ বিএছএনএল প্লেনৰ জৰিয়তে এতিয়া কোম্পানীৰ পৰা 10GB হাই স্পীড ডাটা আৰু আনলিমিটেড কলিঙৰ সুবিধা লাভ কৰিব। ডাটা আৰু কলিঙৰ বাহিৰেও এই প্লেনে এতিয়া আপোনাক ২৫ দিনৰ বৈধতা প্ৰদান কৰিব, কিন্তু ইয়াত মন কৰিবলগীয়া কথাটো হ’ল-এই প্লেনৰ জৰিয়তে আপুনি এছএমএছৰ সুবিধা নাপাব। ডাটা লিমিট সম্পূৰ্ণ হোৱাৰ পিছত গতি সীমা 40Kbps লৈ হ্ৰাস কৰা হ’ব।
আগতে ১৪৭ টকাৰ প্লেনত ৩০ দিনৰ বৈধতা পোৱা গৈছিল, বাকী সুবিধা আগৰ দৰেই। ডাটা আৰু কলিং বেনিফিটৰ কোনো পৰিৱৰ্তন হোৱা নাই যদিও বৈধতা ৫ দিন হ্ৰাস কৰা হৈছে।
বৈধতা হ্ৰাস পোৱাৰ বাবে এই প্লেনৰ এতিয়া ব্যয়বহুল হ’ব, কাৰণ এতিয়া দৈনিক খৰচ বৃদ্ধি পাইছে। এই প্লেনৰ দৈনিক খৰচ আছিল ৩০ দিনৰ বৈধতাৰ বাবে ৪.৯০ টকা আৰু এতিয়া এই প্লেনৰ দৈনিক খৰচ ২৫ দিনৰ বৈধতাৰ বাবে ৫.৮৮ টকা।
অৰ্থাৎ এই প্লেনৰ দৈনিক খৰচ এতিয়া প্ৰায় ১ টকা বৃদ্ধি পাইছে। যদিও BSNL এতিয়াও ভাৰতৰ ভিতৰতে আটাইতকৈ সুলভ, তথাপিও কোম্পানীটোৱে ব্যক্তিগত টেলিকম কোম্পানীৰ দৰে সুবিধা প্ৰদান কৰিব পৰা নাই। 4G ৰোলআউট সম্পূৰ্ণ হোৱাৰ পিছত BSNL য়ে 5G উন্নীত কৰাৰ কথা চিন্তা কৰিছে।