চাকৰিঃ খালী ১০ হাজাৰৰো অধিক পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…
পুনৰ বেংকত ওলাইছে চাকৰি। এই প্ৰক্ৰিয়াৰ যোগেদি ১০,০০০ৰো অধিক পদ পূৰণ কৰা হ'ব। গতিকে আপুনিও যদি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে।

বেংক চাকৰি
Image Credit source: GettyImages
চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল চিলেকশ্যন (IBPS) য়ে চাকৰিৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ সদায়ত ১০২৭৭ টা কেৰাণী কেডাৰৰ পোষ্ট পূৰণ কৰা হ’ব। ইয়াৰ বাবে Common Recruitment Process (CRP CSA XV) পৰীক্ষা অনুষ্ঠিত হ’ব। গতিকে ইচ্ছুক আৰু যোগ্যসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব।
- পৰীক্ষাৰ নামঃ IBPS CRP Customer Service Associate – XV
- পদৰ নামঃগ্ৰাহক সেৱা সহযোগী (Customer Service Associate)
- পদৰ সংখ্যাঃ ১০,২৭৭
- অধিসূচনা অনুসৰি, অসমত খালী থকা পদৰ সংখ্যা ২০৪ টা।
- দৰমহাঃ২৪০৫০-১৩৪০/৩-২৮০৭০-১৬৫০/৩-৩৩০২০-২০০০/৪-৪১০২০-২৩৪০/৭-৫৭৪০০-৪৪০০/১-৬১৮০০-২৬৮০/১-৬৪৪৮০
অসমত পদৰ সংখ্যাঃ ২০৪টা
- বেংক অৱ বৰোদাঃ ১০
- পঞ্জাৱ নেচনেল বেংক: ২৫
- কানাড়া বেংক: ২৫
- ইউনিয়ন বেংক অৱ ইণ্ডিয়াঃ ৭
- বেংক অৱ ইণ্ডিয়া: ১০
- ইণ্ডিয়ান বেংক: এন আৰ
- চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া: ১০৬
- ইণ্ডিয়ান অভাৰচিজ বেংক: ০
- ইউচিঅ‘ বেংক: এন.আৰ
- বেংক অৱ মহাৰাষ্ট্ৰঃ ৮
- পঞ্জাব আৰু সিন্ধ বেংক: ১৩
শিক্ষাগত অৰ্হতাঃ
স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী লাভ কৰা হ’ব লাগিব। ইয়াৰোপৰি কম্পিউটাৰৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীসকলে মাতৃভাষা কব আৰু লিখিব পাৰিব লাগিব।
বয়সঃ ২০ ৰ পৰা ২৮ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে চৰকাৰী নিয়ম অনুসৰি ৰেহাই লাভ কৰিব।
মাচুল
- জেনেৰেলঃ ৮৫০ টকা।
- এছচি, এছটি, পিডব্লিউবিডিঃ ১৭৫টকা। অনলাইনৰ জৰিয়তে মাচুল দিব পাৰিব।
আবেদন প্ৰক্ৰিয়া
- আবেদন প্ৰক্ৰিয়া আৰম্ভঃ১ আগষ্টৰ পৰা,
- আবেদনৰ শেষ তাৰিখঃ ২১ আগষ্ট।
- প্ৰলিমছ পৰীক্ষাৰ তাৰিখঃ অক্টোবৰ
কেনেকৈ আবেদন কৰিব
- প্ৰথমে আপুনি IBPS Recruitment Portal ত যাওক।
- পাছত Important Web-Links ত ক্লিক কৰক।
- Online Application Form যাওক আৰু ৰেজিষ্টাৰ কৰক।
- Online Application Form ত লগ ইন কৰক।
- নিজৰ তথ্য প্ৰদান কৰক।
- মাচুল প্ৰদান কৰক।
- চাবমিট কৰক।
অন্য খবৰ পঢ়কঃ UPSC Recruitment 2025: পুনৰ ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…