কেৱল পথতে নহয়, বজাৰতো উঠিছে বুলেটৰ গুমগুমণিঃ এমাহতে বিক্ৰী হ’ল ৰয়েল এনফিল্ডৰ ইমানসংখ্যক বাইক
ৰপ্তানিৰ ক্ষেত্ৰতো ৰয়েল এনফিল্ডে ১১,৭৯১খন মটৰ চাইকেল বিদেশী বজাৰলৈ প্ৰেৰণ কৰিছে। বিগত বৰ্ষত জুলাই মাহত ৰপ্তানিৰ সংখ্যা আছিল মুঠ ৬,০৫৭ খন বাইক।

যুৱক–যুৱতীসকলৰ একপ্ৰকাৰে নয়ণৰ মণি বুলেট। দুচকীয়া এই বাহনখনত উঠি পথত চাইলেঞ্চাৰেৰে গুমগুমণি তোলাৰ চখ বহুলোকৰে থাকে। আৰু এই চখ পূৰণৰ সুবাদতে বজাৰতো বৃদ্ধি পাইছে বুলেটৰ গুমগুমণি। অৰ্থাৎ বুলেট নিৰ্মাতা প্ৰসিদ্ধ কোম্পানী ৰয়েল এনফিল্ডৰ বিক্ৰী জুলাই মাহত যথেষ্ট বৃদ্ধি পাইছে। যোৱা মাহত কোম্পানীটোৱে মুঠ ৮৮,০৪৫খন বাইক বিক্ৰী কৰিছে বুলি তথ্য প্ৰকাশ পাইছে। এই তথ্য অনুসৰি বিগত বৰ্ষৰ জুলাই মাহৰ তুলনাত মুঠ ৩১ শতাংশ বৃদ্ধি পাইছে। দেশৰ বজাৰতো জুলাইত বিক্ৰী হৈছে ৭৬,২৫৪ খন বাইক।
তদুপৰি ৰপ্তানিৰ ক্ষেত্ৰতো ৰয়েল এনফিল্ডে ১১,৭৯১খন মটৰ চাইকেল বিদেশী বজাৰলৈ প্ৰেৰণ কৰিছে। বিগত বৰ্ষত জুলাই মাহত ৰপ্তানিৰ সংখ্যা আছিল মুঠ ৬,০৫৭ খন বাইক। অৰ্থাৎ এইবাৰ এই সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে। তথ্য অনুসৰি, চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত ঘৰুৱা বজাৰত বিক্ৰীৰ সংখ্যা ৩,০৫,০৩৩খন বাইক।
আনহাতে বিগত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত ঘৰুৱা বজাৰত এনিফিল্ডৰ ২,৬৫,৮৯৪ খন বাইক বিক্ৰী হৈছিল। একে সময়তে বিগত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত বিদেশত হোৱা বিক্ৰীৰ সংখ্যা ২৮,২৭৮ৰ তুলনাত এইবাৰ ৭২ শতাংশ বৃদ্ধিৰে ৪৮,৫৪০ খন হৈছে।
কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু আইচাৰ মটৰ্ছৰ পৰিচালন সঞ্চালক বি গোবিন্দৰাজনৰ মতে, ৰয়েল এনফিল্ডে শেহতীয়াকৈ মুকলি কৰা আৰু নতুনকৈ আপডেট কৰা Sherpa 450ৰ আধাৰত নিৰ্মাণ কৰা Hunter 350ৰ এই সময়ত ভাৰত আৰু বিশ্বৰ বজাৰতো ভাল চাহিদা দেখা গৈছে।
ঘৰুৱা বজাৰত Classic 350, Bullet 350 আৰু Hunter 350ৰ দৰে জনপ্ৰিয় মডেলকে ধৰি ৩৫০ চিচি পাৱাৰৰ বাইকৰ সংখ্যা ২০২৫ চনৰ জুলাই মাহত বিক্ৰীৰ সংখ্যা ৭৬,০৪৭ খন আছিল। আনহাতে Interceptor 650, Super Meteor 650 আৰু শেহতীয়াকৈ মুকলি কৰা Classic 650 কে ধৰি ৩৫০ চিচিৰ ওপৰৰ ইঞ্জিন ক্ষমতাৰ বাইক ১১,৯৯৮খন বিক্ৰী হৈছিল।