শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংলাদেশৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ভাৰতৰ! স্থলপথেৰে কৰিব নোৱাৰিব আমদানি…

বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত ভাৰতৰ। শেহতীয়াকৈ ভাৰতে বাংলাদেশৰ পৰা আমদানি কৰা কিছুমান সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। স্থলপথেৰে এই সামগ্ৰীসমূহ আহিব নোৱাৰিব।

বাংলাদেশৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ভাৰতৰ! স্থলপথেৰে কৰিব নোৱাৰিব আমদানি…
মোদী-ইউনুছImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 12 Aug 2025 09:37 AM

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই ভাৰত-বাংলাদেশৰ সম্পৰ্কত যথেষ্ঠ ফাঁট মেলিছে। এতিয়া ইয়াৰ প্ৰভাৱ আমদানিৰ ওপৰতো পৰিছে। শেহতীয়াকৈ পুনৰ ভাৰত চৰকাৰে বাংলাদেশৰ বিৰুদ্ধে গ্ৰহণ কৰে ডাঙৰ সিদ্ধান্ত। উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাৰতে পুনৰবাৰ বাংলাদেশৰ পৰা স্থলপথেৰে আমদানি কৰা মৰাপাটৰ দ্বাৰা তৈয়াৰ কৰা কিছুমান সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ পাছত দ্বিতীয়বাৰৰ বাবে পুনৰ এই সামগ্ৰীসমূহ নিষিদ্ধ সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ’ব।

বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ অধিসূচনা অনুসৰি কেৱল স্থলপথেৰে এই সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে এই সামগ্ৰীসমূহ এতিয়াও নভা শ্বেভা বন্দৰৰ জৰিয়তে আমদানি কৰিব পৰা যাব।

চৰকাৰে জাৰি কৰা অধিসূচনা অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তৰ কোনো স্থল বন্দৰৰ জৰিয়তে বাংলাদেশৰ পৰা আমদানিৰ অনুমতি দিয়া নহয়। স্থলপথেৰে আমদানি কৰাত নিষিদ্ধ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে মৰাপাট বা অন্যান্য কাপোৰৰ বাষ্ট ফাইবাৰ ব্লিচ আৰু ব্লিচ নোহোৱা কাপোৰ, টুইন, কৰ্ডেজ, মৰাপাটৰ পৰা তৈয়াৰী ৰচী, বেগ আদি।

ইয়াৰ পূৰ্বে ২৭ জুনত ভাৰতে বাংলাদেশৰ পৰা সকলো স্থলপথেৰে মৰাপাটৰ পৰা তৈয়াৰ কৰা কিছুমান সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। অৱশ্যে এই আমদানি এতিয়াও মহাৰাষ্ট্ৰৰ নভা শ্বেভা বন্দৰৰ জৰিয়তে হৈ আছে। এপ্ৰিল আৰু মে’ মাহতো ভাৰতে বাংলাদেশৰ পৰা আমদানিৰ ক্ষেত্ৰত একেধৰণৰ বাধা ঘোষণা কৰিছিল।

১৭ মে’ত ভাৰতে চুবুৰীয়া দেশৰ পৰা ৰেডিমেড গাৰ্মেণ্ট আৰু প্ৰচেছড খাদ্যৰ দৰে কিছুমান সামগ্ৰী আমদানি কৰাত বন্দৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। ৯ এপ্ৰিলত ভাৰতে মধ্যপ্ৰাচ্য, ইউৰোপ আৰু নেপাল আৰু ভূটানৰ বাহিৰে আন কেইবাখনো দেশলৈ বিভিন্ন সামগ্ৰী ৰপ্তানিৰ বাবে বাংলাদেশক প্ৰদান কৰা ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা প্ৰত্যাহাৰ কৰিছিল। চীনত বাংলাদেশৰ মুখ্য উপদেষ্টাই দিয়া মন্তব্যৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল।

উল্লেখ্য যে, বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ পতন হোৱাৰ ১ বছৰৰো অধিক সময় হ’ল। তেতিয়াৰ পৰা ভাৰতৰ সৈতে দেশখনৰ সম্পৰ্ক ভাল নহয়। মুখ্য উপদেষ্টা মহম্মদ ইউনুছকে ধৰি একাংশই ভাৰত বিৰোধী মন্তব্য কৰি আহিছে। ইয়াৰোপৰি বাংলাদেশত বৃদ্ধি পাইছে সংখ্যালঘুসকলৰ ওপৰত কৰা আক্ৰমণৰ ঘটনা।

এনে ক্ষেত্ৰত ভাৰতেও বাংলাদেশৰ বিৰুদ্ধে বাণিজ্যিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বস্ত্ৰ খণ্ডত বাংলাদেশ ভাৰতৰ ডাঙৰ প্ৰতিদ্বন্দ্বী। ২০২৩-২৪ চনত ভাৰত-বাংলাদেশৰ বাণিজ্য ১২.৯ বিলিয়ন মাৰ্কিন ডলাৰ আছিল। ২০২৪-২৫ চনত ভাৰতৰ ৰপ্তানি ১১.৪৬ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ বিপৰীতে আমদানি হ’ব ২ বিলিয়ন মাৰ্কিন ডলাৰ।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাৰ পৰা ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি! পাকিস্তানক প্ৰত্যুত্তৰ দিলে ভাৰতে, ক’লে…