শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমেৰিকাৰ পৰা ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি! পাকিস্তানক প্ৰত্যুত্তৰ দিলে ভাৰতে, ক’লে…

পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰে দিয়া পাৰমাণৱিক ভাবুকিৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতে। শেহতীয়াকৈ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি এই মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

আমেৰিকাৰ পৰা ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি! পাকিস্তানক প্ৰত্যুত্তৰ দিলে ভাৰতে, ক’লে…
ভাৰত-পাক-আমেৰিকাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 11 Aug 2025 16:16 PM

আমেৰিকা ভ্ৰমণৰ সময়ত ভাৰতৰ বিৰুদ্ধে ডাঙৰ মন্তব্য প্ৰদান কৰিছিল পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰে। এতিয়া মুনিৰৰ এই মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানৰ ভাবুকিক “পাৰমাণৱিক তৰোৱাল জোকৰা” বুলি অভিহিত কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আনুষ্ঠানিক মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে,পাৰমাণৱিক অস্ত্ৰৰে ভাবুকি দিয়াটো পাকিস্তানৰ পুৰণি অভ্যাস। আন্তঃৰাষ্ট্ৰীয় সমাজে নিজেই দেখিছে যে এনে মন্তব্য কৰা কিমান দায়িত্বহীন। এই মন্তব্যৰ দ্বাৰা সেইসমূহক সন্দেহক সাৰ-পানী দিয়ে যে দেশখন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে মিলিত হৈ আছে। সেইখন দেশত পাৰমাণৱিক অস্ত্ৰৰ নিয়ন্ত্ৰণ আৰু দায়িত্ব বিশ্বাস কৰিব নোৱাৰি।

এই সন্দৰ্ভত বৈদিশক মন্ত্ৰালয়ে আমেৰিকাকো টানি আনে। বিবৃতিটোত আমেৰিকাৰ কথা উল্লেখ কৰি কয় যে, ভাৰতৰ সৈতে সু-সম্পৰ্ক থকা দেশ এখনৰ পৰা এনে মন্তব্য প্ৰদান কৰা দুখজনক। ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ভাৰতে পাৰমাণৱিক ব্লেকমেইলিঙৰ আগত শিৰনত নকৰে। আমি আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰি যাম।

অসীম মুনিৰে কি কৈছিল

পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰে আমেৰিকাৰ ফ্ল’ৰিডাৰ পৰা ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিছিল। ফ্লৰিডাত বাস কৰা পাকিস্তানীৰ সৈতে আলোচনা কৰি তেওঁ কৈছিল যে, পাকিস্তান এখন পাৰমাণৱিক সমৃদ্ধ ৰাষ্ট্ৰ। কোনোবাই যদি পাকিস্তানক ডুবোৱাৰ চেষ্টা কৰে তেতিয়া আমি আধা বিশ্বক লগত লৈ ডুবিম। এই সময়চোৱাত তেওঁ সিন্ধু নদীৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, ভাৰতে সিন্ধু নদীত এটা বান্ধ নিৰ্মাণ কৰিবলৈ সাজু হৈছে। প্ৰথমে সেয়া নিৰ্মাণ কৰি লওক, পাছত আমি সেইটো মিছাইল আক্ৰমণ কৰি ধ্বংস কৰিম।

চৰকাৰী সূত্ৰই জনোৱা মতে, ফ্ল’ৰিডাৰ টাম্পাত পাকিস্তানী প্ৰব্ৰজনকাৰীক সম্বোধন কৰাৰ সময়ত পাকিস্তান সেনা প্ৰধানগৰাকীয়ে যি মন্তব্য কৰিছে, সেই মন্তব্যই দেশখনক দায়িত্বহীন পাৰমাণৱিক ৰাষ্ট্ৰ বুলি পৰিচয় দিয়াত সহায় কৰিছে। এই মন্তব্যত গণতন্ত্ৰৰ অভাৱৰ লক্ষণ আছে বুলি অভিহিত কৰি সূত্ৰই কয় যে, দেশৰ কাম-কাজত সেনাৰ ভূমিকা আছে। পাকিস্তান সেনাবাহিনীৰ আগ্ৰাসী মনোভাৱ প্ৰায়ে চৰ্চালৈ আহে যেতিয়া আমেৰিকাই সমৰ্থন কৰে।

 

অন্য খবৰ পঢ়কঃ থলুৱা প্ৰযুক্তিৰ বাবে সফল হৈছিল অপাৰেশ্যন সেন্দূৰ! এতিয়া মোদীৰ পুনৰ নতুন পৰিকল্পনা…