শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price: কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ! অধিক সস্তীয়া হৈ পৰিব সোণ…

Gold Price: ধনতেৰাচৰ পাছত দাম হ্ৰাস পাইছে সোণৰ। কিন্তু আগন্তুক সময়চোৱাত আৰু অধিক সস্তীয়া হৈ পৰিব পাৰে সোণ। কেন্দ্ৰৰ এক বিশেষ পদক্ষেপৰ পাছতে সোণৰ মূল্য হ্ৰাস পোৱাৰ বাট মুকলি হৈছে।

Gold Price: কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ! অধিক সস্তীয়া হৈ পৰিব সোণ…
সোণৰ দামImage Credit source: Canva
barasha-sarma
Barasha Sarma | Published: 03 Nov 2025 12:07 PM

বিগত কেইটামান বছৰত সোণৰ মূল্য আকাশলংঘী হৈছে। যিয়ে মধ্যবিত্ত শ্ৰেণীক বৃহৎ পৰিমাণে সোণ বিক্ৰী কৰাৰ বাবে বাধ্য কৰাইছিল। মাত্ৰ এবছৰৰ ভিতৰতে সোণৰ মূল্য প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ মাজতে শেহতীয়াকৈ ধনতেৰাচৰ সময়ত সোণৰ মূল্য কিছু হ্ৰাস পায়। যিয়ে মধ্যবিত্ত শ্ৰেণীটোত যথেষ্ঠ সকাহ দিয়ে। কিয়নো উৎসৱৰ সময়ত বহুতে সোণ ক্ৰয় কৰে।  দোকানত বিক্ৰী আৰু ৰেহাইও বৃদ্ধি পাইছে। পিছে এতিয়াও একাংশই অধিক মূল্য হ্ৰাস পোৱাৰ বাবে অপেক্ষাৰত। খবৰ অনুসৰি, পুনৰ দাম হ্ৰাস পাব পাৰে সোণৰ।

সোণৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত সোণ-ৰূপৰ ভিত্তি আমদানি মূল্য হ্ৰাস পাইছে, অৰ্থাৎ আমদানিৰ মূল্য হ্ৰাস কৰা হৈছে। সোণৰ ভিত্তি আমদানি মূল্য প্ৰতি ১০ গ্ৰামত ৪২ ডলাৰ আৰু ৰূপৰ মূল্য ১০৭ ডলাৰ প্ৰতি কেজি নিৰ্ধাৰণ কৰা হৈছে।

ঘৰুৱা বাণিজ্য বৃদ্ধি আৰু সোণৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰ চৰকাৰে এই পদক্ষেপ হাতত লৈছে। যাৰ বাবে সকলো আশাবাদী যে, পৰৱৰ্তী সময়ত আৰু অধিক হ্ৰাস পাব সোণৰ দাম। আচৰিত কথা এয়াই যে, কেইবা হাজাৰ টকালৈ হ্ৰাস পাব পাৰে এই দাম।

আমদানি মূল্য কিমান

যিকোনো আমদানিকৃত সামগ্ৰীৰ ওপৰত কাষ্টম শুল্ক গণনাৰ বাবে ভিত্তি মূল্যৰ ব্যৱহাৰ কৰা হয়। এই ভিত্তি আমদানি মূল্য প্ৰতি ১৫ দিনৰ মূৰে মূৰে আপডেট কৰা হয়। ভিত্তি মূল্য হ্ৰাস পালে সোণৰ ওপৰত আমদানি কৰৰ বোজা হ্ৰাস পাব। যাৰ ফলত সোণৰ বজাৰত প্ৰভাৱ পৰিব পাৰে। এনে হ’লে সোণৰ গহনা সস্তীয়া হৈ পৰিব।

তথ্য অনুসৰি, ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম সোণ আমদানিকাৰক। বিশ্বৰ ভিতৰতে সৰ্বাধিক সোণ আমদানি কৰে চীনে। ৰূপৰ আমদানিৰ ক্ষেত্ৰতো ভাৰত শীৰ্ষত আছে।  ভাৰতে ছুইজাৰলেণ্ডৰ পৰা সৰ্বাধিক সোণ আমদানি কৰে। মুঠ আমদানিকৃত সোণৰ ৪০ শতাংশ ছুইজাৰলেণ্ডৰ পৰা আহে। ইয়াৰোপৰি মধ্যপ্ৰাচ্যৰ পৰা ১৬ শতাংশ, দক্ষিণ আফ্ৰিকাৰ পৰা ১০ শতাংশ আমদানি কৰা হয়। ২০২৩-২৪ চনত ভাৰতে ৪৮খন দেশৰ পৰা সোণ আমদানি কৰিছিল। ২০২৪-২৫ চনত সোণৰ আমদানি ২৭.৩ শতাংশ বৃদ্ধি পাইছে।

 

অন্য খবৰ পঢ়কঃ পুনৰ দাম কমিল! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…