নগৰৰ সমানেই গ্ৰামাঞ্চলকো আগুৱাই নিয়াৰ পণ পতঞ্জলিৰ, গ্ৰহণ কৰিছে এনে পৰিকল্পনা
সাম্প্ৰতিক সময়ত পতঞ্জলিৰ সামগ্ৰী সকলো লোকৰে মাজত সমাদিত। স্বাভাৱিকতেই ইয়াৰ দ্বাৰা কোম্পানীটোৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ পতঞ্জলিয়ে তৃণমূল পৰ্যায়ৰ উৎস, কৰ্মসংস্থাপন সৃষ্টি আৰু ব্যাপক খুচুৰা সম্প্ৰসাৰণৰ জৰিয়তে গ্ৰাম্য আৰু নগৰ উভয় অঞ্চল শক্তিশালী কৰি ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

দেশৰ সৰ্ববৃহৎ আয়ুৰ্বেদিক FMCG কোম্পানী পতঞ্জলি সাম্প্ৰতিক সময়ত দেশৰ সৰ্বস্তৰৰ জনৰসাধাৰণৰ কাষ চাপিছে। পতঞ্জলিৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহে সকলো লোকৰে মাজত সমাদৰ লাভ কৰিছে। স্বাভাৱিকতেই ইয়াৰ দ্বাৰা কোম্পানীটোৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ পতঞ্জলিয়ে তৃণমূল পৰ্যায়ৰ উৎস, কৰ্মসংস্থাপন সৃষ্টি আৰু ব্যাপক খুচুৰা সম্প্ৰসাৰণৰ জৰিয়তে গ্ৰাম্য আৰু নগৰ উভয় অঞ্চল শক্তিশালী কৰি ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
২০০৬ চনৰ পৰা আৰম্ভ হোৱা পতঞ্জলিয়ে পৰম্পৰাগত যোগান শৃংখল আৰু আধুনিক খুচুৰা ফৰ্মেটৰ সহায় লৈ নিয়োগ, কৃষি আৰু স্থানীয় উৎপাদন বৃদ্ধিত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বুলি দাবী কৰি আহিছে। কোম্পানীটোৰ মতে, গ্ৰাম্য অৰ্থনীতিৰ উত্থানৰ বাবে তেওঁলোকে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। পতঞ্জলিৰ কেঁচামাল যেনে তেল, শস্য আৰু বনৌষধিকে ধৰি এটা বৃহৎ অংশ স্থানীয় কৃষকৰ পৰা পোনপটীয়াকৈ আহৰণ কৰা হয়।
কোম্পানীটোৱে দাবী কৰিছে যে এই পদ্ধতিয়ে কৃষকৰ আয় বৃদ্ধি কৰাই নহয়, ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME)কো সহায় কৰিছে। পতঞ্জলিয়ে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (NSDC) আৰু ভাৰতীয় কৃষি দক্ষতা পৰিষদৰ সৈতে সহযোগিতা কৰি ‘কিষাণ সমৃদ্ধি কাৰ্যসূচী’ আৰম্ভ কৰিছে, এই কাৰ্যসূচীত কৃষকসকলক জৈৱিক কৃষি পদ্ধতি আৰু আধুনিক কৃষি কৌশলৰ প্ৰশিক্ষণ দিয়া হয়।
এই পদক্ষেপে ভাৰতৰ গ্ৰাম্য অঞ্চলত বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰিছে বুলি পতঞ্জলিয়ে উল্লেখ কৰিছে। কোম্পানীটোৰ শেহতীয়া অন্যতম বৃহৎ প্ৰকল্প হৈছে যমুনা এক্সপ্ৰেছৱে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অথৰিটি (YEIDA) এলেকাত মেগা ফুড এণ্ড হাৰ্বেল পাৰ্ক স্থাপন কৰা। ইয়াৰ ভিতৰত আছে ৫০০ কোটি টকাৰ বিস্কুট নিৰ্মাণ কাৰখানা, ৬০০ কোটি টকাৰ মিল্ক প্ৰচেচিং ইউনিট আৰু ২০০ কোটি টকাৰ বনৌষধি ফাৰ্ম।
এই সুবিধাসমূহে স্থানীয় বাসিন্দাসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰি গ্ৰাম্য নিয়োগ বজাৰখনক আৰু অধিক উন্নীত কৰিব বুলি আশা কৰা হৈছে। পতঞ্জলিয়ে লগতে নিজৰ সামগ্ৰীৰ প্ৰসাৰ বৃদ্ধিৰ বাবে সমগ্ৰ ভাৰততে হাজাৰ হাজাৰ ফ্ৰেঞ্চাইজি আৰু মেগা ষ্ট’ৰ খুলিছে বুলি দাবী কৰিছে। কোম্পানীটোৱে কয় যে এই ষ্ট’ৰসমূহে চহৰ অঞ্চলত খুচুৰা ব্যৱসায় বৃদ্ধি কৰিছে আৰু স্থানীয় ব্যৱসায়ীসকলৰ বাবে নতুন আয়ৰ সুযোগ সৃষ্টি কৰিছে।
উদাহৰণস্বৰূপে, মেগা ষ্ট’ৰ স্থাপনৰ বাবে ১ কোটি টকাৰ বিনিয়োগ আৰু কমেও ২০০০ বৰ্গফুট ঠাইৰ প্ৰয়োজন হয়, যাৰ ফলত অভিলাষী নগৰীয়া উদ্যোগীসকলৰ বাবে এক শক্তিশালী ব্যৱসায়িক সুযোগ প্ৰদান কৰা হয়। প্ৰায় ৪,৩৫০ কোটি টকা মূল্যৰ ৰুচি ছয়াৰ অধিগ্ৰহণে খাদ্য তেল আৰু খাদ্যৰ ক্ষেত্ৰত পতঞ্জলিৰ স্থান শক্তিশালী কৰি তুলিছে, যাৰ ফলত নগৰীয়া গ্ৰাহকসকলে অধিক সুলভ আৰু স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ সুবিধা লাভ কৰিছে।
সমগ্ৰ ভাৰতত প্ৰসাৰ সম্প্ৰসাৰণৰ বাবে পতঞ্জলিয়ে নিজা বিতৰণ আৰু বিপণন পদ্ধতিক কৃতিত্ব দিয়ে। পৰম্পৰাগত সৰু সৰু ষ্ট’ৰ আৰু অনলাইন প্লেটফৰ্ম দুয়োটাৰে সহায় লোৱাৰ ফলত সামগ্ৰীৰ বিক্ৰী বৃদ্ধি হোৱাৰ লগতে ক্ষুদ্ৰ খুচুৰা বিক্ৰেতাসকলৰো অৰ্থনৈতিক লাভ হৈছে বুলি পতঞ্জলিয়ে উল্লেখ কৰিছে। পতঞ্জলিয়ে কয় যে কোম্পানীটোৰ সামগ্ৰীসমূহ সুলভ কৰি ৰখাৰ বাবে তেওঁলোক মধ্যম আৰু কম আয়ৰ গ্ৰাহকৰ কাষ চপাতো সহায়ক হৈছে।
এনে কাৰণত চহৰ আৰু গ্ৰাম্য উভয় অঞ্চলতে কোম্পানীটোৰ সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাইছে বুলি পতঞ্জলিয়ে উল্লেখ কৰিছে। কোম্পানীটোৱে লগতে কয় যে উদ্ভাৱন আৰু কৌশলগত বিনিয়োগৰ জৰিয়তে তেওঁলোকে নিজৰ স্থিতি শক্তিশালী কৰিছে। স্বাৱলম্বী ভাৰতীয় অৰ্থনীতি গঢ়ি তোলাৰ লগতে গ্ৰাম্য-নগৰৰ ব্যৱধান হ্ৰাস কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি পতঞ্জলিয়ে কয়।