গংগা পাৰত বিনামূলীয়া বিতৰণৰ পৰা কোটি কোটি টকাৰ ব্ৰেণ্ড ভেল্যুলৈ, এইদৰে সফলতাৰ বাট বুলিলে দন্ত কান্তিয়ে
বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই আৰম্ভ কৰা আয়ুৰ্বেদিক প্ৰতিষ্ঠান পতঞ্জলি আয়ুৰ্বেদৰ দন্ত কান্তি প্ৰায়সংখ্যক লোকেই এতিয়া আদৰি লৈছে। পতঞ্জলিৰ এই টুথপেষ্টবিধৰ ব্ৰেণ্ড মূল্য আজিৰ সময়ত কেইবা কোটি টকা হৈছেগৈ। কিন্তু এই টুথপেষ্টৰ আৰম্ভণিৰ আঁৰৰ কাহিনী যথেষ্ট আকৰ্ষণীয়। এক কথাত শূন্যৰ পৰা আৰম্ভ কৰি আজিৰ এই স্থিতিত উপনীত হৈছে দন্ত কান্তি।

বৰ্তমান সময়ত দেশৰ প্ৰায় প্ৰতিঘৰ লোকৰে বাবে পৰিচিত নাম হৈ পৰিছে দন্ত কান্তি। বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই আৰম্ভ কৰা আয়ুৰ্বেদিক প্ৰতিষ্ঠান পতঞ্জলি আয়ুৰ্বেদৰ এই টুথপেষ্টক প্ৰায়সংখ্যক লোকেই এতিয়া আদৰি লৈছে। পতঞ্জলিৰ এই টুথপেষ্টবিধৰ ব্ৰেণ্ড মূল্য আজিৰ সময়ত কেইবা কোটি টকা হৈছেগৈ। কিন্তু এই টুথপেষ্টৰ আৰম্ভণিৰ আঁৰৰ কাহিনী যথেষ্ট আকৰ্ষণীয়। এক কথাত শূন্যৰ পৰা আৰম্ভ কৰি আজিৰ এই স্থিতিত উপনীত হৈছে দন্ত কান্তি। জানি আচৰিত হ’ব যে আজি কোটি কোটি টকা ব্ৰেণ্ড ভেল্যুৰ এই দন্ত কান্তি এসময়ত হৰিদ্বাৰৰ গংগাৰ পাৰত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছিল।
পতঞ্জলিৰ এই দন্ত কান্তি টুথপেষ্ট হিচাপে প্ৰস্তুত কৰাৰ পূৰ্বে আয়ুৰ্বেদিক টুথ পাউদাৰ হিচাপে প্ৰচলিত হৈ আছিল। ভাৰতলৈ টুথপেষ্ট অহাৰ পূৰ্বে হাজাৰ হাজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি অহা আয়ুৰ্বেদ আৰু ভাৰতৰ পৰম্পৰাগত শৈলীৰ আধাৰত এই দন্ত কান্তি প্ৰস্তুত কৰা হৈছিল। এই টুথপেষ্ট বাবা ৰামদেৱৰ যোগ শিবিৰ, সাহায্য শিবিৰ, স্থানীয় মেলা, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম আৰু হৰিদ্বাৰৰ গংগাৰ পাৰত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছিল।
জনসাধাৰণৰ পৰা ভালদৰে সঁহাৰি পোৱাৰ পিছত পতঞ্জলি আয়ুৰ্বেদৰ বিশেষজ্ঞসকলে ইয়াক ‘দন্ত কান্তি’ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। টুথপেষ্ট আৰু দন্ত মঞ্জন দুয়োটাৰে নিজস্ব গুণ আছে। টুথপেষ্টে কেৱল দাঁত পৰিষ্কাৰ কৰে যদিও ভাৰতীয় পৰম্পৰাৰ আধাৰত দন্ত মঞ্জনে দাঁতৰ সমস্যা সমাধান কৰে। এনে পৰিস্থিতিত পতঞ্জলিৰ বিশেষজ্ঞসকলে এই দুয়োটাৰে গুণ মিহলাই ‘দন্ত কান্তি’ৰ সৃষ্টি কৰিছিল।
২০০২ চনত পতঞ্জলিৰ দলটোৱে বনৌষধিৰে টুথপেষ্ট তৈয়াৰ কৰাৰ কাম কৰিছিল। প্ৰথম অৱস্থাত পতঞ্জলিয়ে গংগাৰ পাৰত বিনামূলীয়াকৈ বিতৰণ কৰা টুথপেষ্টকে ভিত্তি হিচাপে ব্যৱহাৰ কৰি ‘দন্ত কান্তি’লৈ ৰূপান্তৰিত কৰিছিল। পিছত ইয়াৰ ভিত্তিত বনৌষধিৰ নিষ্কাশন আৰু আৱশ্যকীয় তেলো মিহলি কৰি আজি সকলোৱে ব্যৱহাৰ কৰা দন্ত কান্তি টুথপেষ্টৰ ৰূপ দিয়া হয়।
আয়ুৰ্বেদিক উপাদান আৰু গুণৰ বাবেই অতি সোনকালেই সাধাৰণ পৰিয়ালৰ মাজত ‘পতঞ্জলি দন্ত কান্তি’ জনপ্ৰিয় হৈ পৰে। ২০২০-২১ বিত্তীয় বৰ্ষত কেৱল ‘দন্ত কান্তি’ৰ দ্বাৰাই পতঞ্জলিয়ে ৪৮৫ কোটি টকা লাভ কৰিছিল। আজি পতঞ্জলি দন্ত কান্তি কোটি কোটি মানুহৰ ঘৰত ব্যৱহৃত সামগ্ৰী। কেৱল এয়াই নহয়, ইয়াৰ ব্ৰেণ্ড মূল্য কেইবা কোটি টকা হৈছেগৈ।