শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গ্ৰাহকলৈ পতঞ্জলিৰ জি এছ টি উপহাৰঃ চুলিৰ পৰা ছালৰ যত্নলৈ, সকলোতে পাব এনে ৰেহাই

পতঞ্জলি ফুডছে কয় যে চৰকাৰৰ কৰ কৰ্তনৰ ফলত গ্ৰাহকে যাতে সম্পূৰ্ণৰূপে লাভৱান হয়, তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সুলভ আৰু বিশুদ্ধ সামগ্ৰী যোগান ধৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিব বুলিও আশ্বাস দিছে কোম্পানীটোৱে।

গ্ৰাহকলৈ পতঞ্জলিৰ জি এছ টি উপহাৰঃ চুলিৰ পৰা ছালৰ যত্নলৈ, সকলোতে পাব এনে ৰেহাই
পতঞ্জলি
monjit-dutta
Monjit Dutta | Published: 21 Sep 2025 21:04 PM

কাইলৈৰ পৰা দেশত কাৰ্যকৰী হ’ব নতুন জি এছ টি নীতি। এই নতুন কৰ নীতি কাৰ্যকৰী হোৱাৰ পিছত দাম হ্ৰাস পাব বহু সামগ্ৰীৰ। এই বিশেষ ক্ষণত গ্ৰাহকলৈ পতঞ্জলি ফুডছ লিমিটেডেও উপহাৰ আগবঢ়াইছে। কোম্পানীটোৱে এতিয়া সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। পতঞ্জলিয়ে কয় যে শেহতীয়াকৈ চৰকাৰে কিছুমান বস্তুৰ জি এছ টি হ্ৰাস কৰিছে আৰু গ্ৰাহকে এতিয়া সম্পূৰ্ণ সুবিধা লাভ কৰিব। নতুন ব্যৱস্থা অনুসৰি খাদ্য আৰু পানীয়ৰ পৰা আৰম্ভ কৰি ঔষধ, চাবোন, তেল, আৰু সৌন্দৰ্য্য সামগ্ৰী আদি সকলো অন্তৰ্ভুক্ত হ’ব। অৰ্থাৎ পতঞ্জলিৰ বহু সামগ্ৰী এতিয়া সস্তা হ’ব।

পতঞ্জলিৰ চয়াৰ সামগ্ৰীৰ ক্ষেত্ৰত ৰেহাই পাব গ্ৰাহকসকলে। Nutrela আৰু Soyumm ব্ৰেণ্ডৰ ১ কিলোগ্ৰাম পেকেটৰ মূল্য ১০ টকাৰ পৰা ২০ টকা হ্ৰাস কৰা হৈছে। কোম্পানীটোৰ বিস্কুটো এতিয়া কম মূল্যত লাভ কৰিব। গাখীৰৰ বিস্কুট, মেৰী বিস্কুট, নাৰিকল কুকিজ, চকলেট-ক্ৰীম বিস্কুট এই সকলোবোৰ ৫০ পইচাৰ পৰা ৩ টকা পৰ্যন্ত হ্ৰাস পাব।

শিশুৰ মাজত জনপ্ৰিয় টুইষ্টি টেষ্টি নুডলছ আৰু আটা নুডলছৰ দামো হ্ৰাস কৰা হৈছে। এই সামগ্ৰীসমূহত এতিয়া ১ টকা পৰ্যন্ত হ্ৰাস পাব। পতঞ্জলিৰ দন্ত কান্তি টুথপেষ্ট এতিয়া ১৪ টকা পৰ্যন্ত হ্ৰাস পাব। পূৰ্বে ১২০ টকা মূল্যৰ পতঞ্জলিৰ দন্ত কান্তি টুথপেষ্ট এতিয়া ১০৬ টকাত উপলব্ধ হ’ব। দন্ত কান্তিৰ আন আন সামগ্ৰী যেনে এডভান্স আৰু অৰেল জেলো কম মূল্যত উপলব্ধ হ’ব।

ইয়াৰ লগতে কেশ কান্তি চেম্পু আৰু আমলা হেয়াৰ অইলৰ দামো হ্ৰাস পাইছে। এই শ্বেম্পুৰ মূল্য ১১ৰ পৰা ১৪ টকা, আৰু তেলৰ মূল্য প্ৰায় ৬ টকা হ্ৰাস পাইছে। পতঞ্জলিৰ আয়ুৰ্বেদিক আৰু স্বাস্থ্যসন্মত সামগ্ৰী যেনে আমলাৰ ৰস, গিলয়ৰ ৰস, তিতা কেৰেলা-জামুকৰ ৰস, বাদাম পাক আদিৰ দামো হ্ৰাস পাইছে। এতিয়া ৩৬০ টকাৰ পৰিবৰ্তে ৩৩৭ টকাত ১ কিলোগ্ৰাম চাৱনপ্ৰাশৰ পেকেট উপলব্ধ হ’ব।

এনে সামগ্ৰীসমূহৰ উপৰিও ঘিউৰ মূল্যও যথেষ্ট হ্ৰাস পাইছে। পূৰ্বে গৰুৰ ঘিউ ৯০০ মিলিলিটাৰত ৭৮০ টকা দাম আছিল যদিও এতিয়া ৭৩১ টকা দৰত উপলব্ধ হ’ব। ৪৫০ মিলিলিটাৰ গৰুৰ ঘিউৰ ক্ষেত্ৰতো প্ৰায় ২৭ টকা দৰ হ্ৰাস পাইছে। পতঞ্জলিৰ নিম আৰু এলোভেৰা চাবোনতো এতিয়া ১ৰ পৰা ৩ টকালৈ হ্ৰাস পাইছে। পূৰ্বে ২৫ টকা দৰত উপলব্ধ চাবোন এতিয়া ২২ টকাত পোৱা যাব।

একেদৰে চাবোনৰ এনে সৰু পেক মাত্ৰ ৯ টকাত উপলব্ধ হ’ব। পতঞ্জলি ফুডছে কয় যে চৰকাৰৰ কৰ কৰ্তনৰ ফলত গ্ৰাহকে যাতে সম্পূৰ্ণৰূপে লাভৱান হয়, তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সুলভ আৰু বিশুদ্ধ সামগ্ৰী যোগান ধৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিব বুলিও আশ্বাস দিছে কোম্পানীটোৱে।