শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উৎসৱৰ বতৰত বিপুল লাভৰ মুখ দেখিলে পতঞ্জলিয়ে, ১২৬২ কোটি টকাৰে ভৰিল ভঁৰাল

অক্টোবৰৰ প্ৰথম দিনাৰ পৰাই দেশত আৰম্ভ হৈছে উৎসৱৰ বতৰ। উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পৰা অৰ্থাৎ অক্টোবৰৰ আৰম্ভণিৰ পৰা ইতিমধ্যে ২০ দিন পাৰ হৈছে। এই ২০ দিনত কোম্পানীটোৰ মূল্যও বৃদ্ধি পাইছে।

উৎসৱৰ বতৰত বিপুল লাভৰ মুখ দেখিলে পতঞ্জলিয়ে, ১২৬২ কোটি টকাৰে ভৰিল ভঁৰাল
পতঞ্জলি
monjit-dutta
Monjit Dutta | Published: 20 Oct 2025 18:57 PM

উৎসৱৰ বতৰত দেশজুৰি বিৰাজ কৰিছে এক আনন্দমুখৰ পৰিৱেশে এই সময়ছোৱাত দেশৰ উদীয়মান FMCG কোম্পানী পতঞ্জলিয়ে যথেষ্ট লাভৰ মুখ দেখিছে। এই উৎসৱৰ বতৰত কোম্পানীটোৰ শ্বেয়াৰ ২% বৃদ্ধি পাইছে। এই বৃদ্ধিৰ ফলত কোম্পানীটোৰ মূল্য ১,২৬২ কোটি টকালৈ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে অনাগত দিনত পতঞ্জলিৰ শ্বেয়াৰ আৰু বৃদ্ধি পাব পাৰে। GST সংস্কাৰ আৰু উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পিছৰে পৰা কোম্পানীটোৰ বিক্ৰী বৃদ্ধি পাইছে ইয়াৰ ফলস্বৰূপে কোম্পানীটোৰ শ্বেয়াৰো বৃদ্ধি পাইছে।

উৎসৱৰ বতৰত বৃদ্ধি শ্বেয়াৰ

অক্টোবৰৰ প্ৰথম দিনাৰ পৰাই দেশত আৰম্ভ হৈছে উৎসৱৰ বতৰ ইয়াৰ সমান্তৰালকৈ কোম্পানীটোৰ শ্বেয়াৰো বৃদ্ধি হয়BSE ৰ তথ্য অনুসৰি বিগত ৩০ ছেপ্টেম্বৰত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য আছিল ৫৭৭.৩০ টকা এই পৰিমাণ ২০ অক্টোবৰ অৰ্থা আজি ৫৮৮.৯০ টকালৈ বৃদ্ধি পাইছে। অৰ্থাৎ উৎসৱৰ বতৰত কোম্পানীটোৰ শ্বেয়াৰ ২% বা ১১.৬ কোটি টকা বৃদ্ধি পাইছে।

আজি বজাৰ মুকলি হোৱাৰ সময়ত কোম্পানীটোৰ শ্বেয়াৰ মূল্য আছিল ৫৯২.৮৫ টকা আনহাতে কোম্পানীটোৰ শ্বেয়াৰ দিনটোত সৰ্বাধিক ৫৯৩.৩০ টকালৈ বৃদ্ধি পাইছিল অৱশ্যে বজাৰ বন্ধ হোৱালৈ ০.২৩% হ্ৰাস পাই ৫৮৮.৯০ টকা দৰ হয় এদিন আগলৈকে পিছে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৫৯০.২৫ টকা আছিল।

যথেষ্ট লাভৱান হৈছে পতঞ্জলি

উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পৰা অৰ্থাৎ অক্টোবৰৰ আৰম্ভণিৰ পৰা ইতিমধ্যে ২০ দিন পাৰ হৈছে। এই ২০ দিনত কোম্পানীটোৰ মূল্যও বৃদ্ধি পাইছে। যোৱা ৩০ ছেপ্টেম্বৰত কোম্পানীটোৰ ষ্টক বন্ধ হোৱাৰ সময়ত ইয়াৰ মূল্য আছিল ৬২,৮০০.৩৩ কোটি টকা। আজিৰ বন্ধৰ সময়লৈকে ইয়াৰ বজাৰ মূল্য ৬৪,০৬২.২১ কোটি টকা হয়

অৰ্থাৎ কোম্পানীটোৰ মূল্য ১,২৬১.৮৮ কোটি টকা বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে অনাগত দিনত কোম্পানীটোৰ শ্বেয়াৰত আৰু অধিক লাভ হ’ব পাৰে বৃহৎ হাৰৰ লাভৰ জৰিয়তে কোম্পানীটোৰ মূল্য ৭০,০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব পাৰে বুলি বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে।