শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সস্তীয়া হ’ব নেকি গাখীৰ, দৈ, পনীৰ? জি এছ টিৰ ওপৰত ডাঙৰ আপডেট…

জি এছ টি সন্দৰ্ভক কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা। ইয়াৰ ফলত দীৰ্ঘদিন ধৰি জি এছ টি সন্দৰ্ভত চলি থকা জল্পনা-কল্পনা বহু পৰিমাণে অন্ত পৰিব।

সস্তীয়া হ’ব নেকি গাখীৰ, দৈ, পনীৰ? জি এছ টিৰ ওপৰত ডাঙৰ আপডেট…
গাখীৰ-দৈImage Credit source: Pixabay
barasha-sarma
Barasha Sarma | Published: 24 Jul 2025 13:44 PM

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা। জি এছ টি সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে এক ডাঙৰ নিৰ্দেশা । সংসদত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে ১২ শতাংশ জি এছ টিৰ স্লেব আঁতৰোৱা নাই। এই জি এছ টি স্লেবত কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই। ফলত গাখীৰ, দৈ, পনীৰৰ দৰে সামগ্ৰীৰ দাম হ্ৰাস পোৱা নাই বা বৃদ্ধি হোৱা নাই।

কেইদিনমান পূৰ্বে একাংশই কৈছিল যে, কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ ডাঙৰ পৰিৱৰ্তন কৰিবলৈ ওলাইছে। ১২ শতাংশ জি এছ টি স্লেব বিলুপ্ত কৰা হ’ব। কিন্তু এতিয়া কেন্দ্ৰই সংসদত জনাইছে যে এতিয়ালৈকে এনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই বা প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই।

২১ জুলাইত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত স্পষ্ট কৰি দিয়ে যে বৰ্তমান সামগ্ৰী আৰু সেৱা কৰ বা জি এছ টি হাৰ হ্ৰাস কৰাৰ কোনো প্ৰস্তাৱ নাই। জি এছ টি হাৰৰ যিকোনো পৰিৱৰ্তন জি এছ টি পৰিষদৰ পৰামৰ্শৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়।

পংকজ চৌধুৰীয়ে লগতে কয় যে ২০২১ চনৰ ১৭ ছেপ্টেম্বৰত পৰিষদৰ ৪৫ সংখ্যক বৈঠকত জি এছ টিৰ হাৰ নিৰ্ধাৰণৰ কথা বিবেচনা কৰিবলৈ মন্ত্ৰী গোট গঠন কৰা হৈছিল। কিন্তু জি এছ টি স্লেব সলনি কৰাৰ ক্ষেত্ৰত এতিয়াও চৰকাৰে কোনো প্ৰস্তাৱ দাখিল কৰা নাই। যিহেতু কোনো প্ৰস্তাৱ পোৱা নাই, গতিকে জি এছ টিৰ হাৰ কিমান হ্ৰাস কৰিব পাৰি বা এই সিদ্ধান্ত কেতিয়া কাৰ্যকৰী হ’ব সেই সন্দৰ্ভত এতিয়াও চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই।

 

অন্য খবৰ পঢ়কঃ মুম্বাইৰ স্থানীয় ৰে’ল বিস্ফোৰণ! অভিযুক্ত একাংশ পাকিস্তানী, বোম্বে ন্যায়ালয়ৰ সিদ্ধান্তক স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ…