প্ৰথমটো আই পি এল ট্ৰফী জয়ৰ পাচতেই ১০ মিনিটত ১৪০০ কোটি টকা ঘটিলে আৰ চি বিৰ স্বত্বাধিকাৰীয়ে
আই পি এলৰ চেম্পিয়ন হোৱাৰ পিছতেই আৰ চি বিৰ মালিকে উপাৰ্জন কৰিছে বহু টকা । আৰচিবিৰ মালিক দেশৰ সৰ্ববৃহৎ সুৰা কোম্পানী ইউনাইটেড স্পিৰিটছ লিমিটেড । কোম্পানীটোৱে মাত্ৰ ১০ মিনিটতে ১৪০০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে ।

১৭ বছৰীয়া দীৰ্ঘ অপেক্ষাৰ অন্তত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে জয় কৰিছে আই পি এল ২০২৫ৰ ট্ৰফী । আই পি এলৰ চেম্পিয়ন হোৱাৰ পিছতেই আৰ চি বিৰ মালিকে উপাৰ্জন কৰিছে বহু টকা । বিশেষ কথাটো হ’ল এই আয় আই পি এলৰ পৰা নহয়, শ্বেয়াৰ বজাৰৰ পৰাহে আহিছে । শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ ১০ মিনিটৰ ভিতৰতে আৰচিবিৰ স্বত্বাধিকাৰীয়ে প্ৰায় ১৪০০ কোটি টকা উপাৰ্জন কৰিছে । আৰচিবিৰ মালিক আন কোনো নহয়, দেশৰ সৰ্ববৃহৎ সুৰা কোম্পানী ইউনাইটেড স্পিৰিটছ লিমিটেড । ইয়াৰ পিছত শ্বেয়াৰ বৃদ্ধি পোৱা দেখা গৈছে ।
আই পি এলৰ ফাইনেলৰ পূৰ্বে মঙলবাৰে শ্বেয়াৰ বজাৰত উত্থান ঘটিছিল । প্ৰায় ২ শতাংশ বৃদ্ধিৰ পিছত কোম্পানীটোৰ মাৰ্কেট কেপ প্ৰায় ২২০০ কোটি টকা বৃদ্ধি পায় । বুধবাৰে কোম্পানীটোৰ শ্বেয়াৰ কিমান বৃদ্ধি পালে আৰু কোম্পানীটোৰ মাৰ্কেট কেপ কিমান বৃদ্ধি পাইছে সেই কথা জানো আহক-
কোম্পানীটোৰ ষ্টক বৃদ্ধি
আই পি এল জয় কৰাৰ পিছত আৰ চি বিৰ স্বত্বাধিকাৰী সংস্থা ইউনাইটেড স্পিৰিটছ লিমিটেডৰ শ্বেয়াৰ বৃদ্ধি পালে । বিএছইৰ তথ্য অনুসৰি মাত্ৰ ১০ মিনিটতে কোম্পানীটোৰ শ্বেয়াৰ ১.২১ শতাংশ বৃদ্ধি পাই ১৫৯৮.৩০ টকা হয়, যিটো বুধবাৰৰ দিনটোৰ সৰ্বোচ্চ মূল্য । কিন্তু নিশা ১২.৪০ বজাত কোম্পানীটোৰ ষ্টক ০.৫৭ শতাংশ অৰ্থাৎ প্ৰায় ৯ টকা বৃদ্ধিৰে ১৫৮৮ টকাত ব্যৱসায় কৰে । আনহাতে এদিন পূৰ্বে কোম্পানীটোৰ ষ্টক ১৫৭৯.০৫ টকাত বন্ধ হৈছিল । বিশেষজ্ঞসকলৰ মতে, কোম্পানীটোৰ ষ্টকে অতি সোনকালে ৫২ সপ্তাহৰ পুৰণি ১৭০০ টকাৰ উচ্চ অভিলেখ ভংগ কৰিব পাৰে ।
১০ মিনিটত ১৪০০ কোটি টকা উপাৰ্জন
উল্লেখ্য যে এই উত্থানৰ বাবে কোম্পানীটোৱে মাত্ৰ ১০ মিনিটতে ১৪০০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে । বিএছইৰ তথ্য অনুসৰি ইয়াৰ পূৰ্বে কোম্পানীটোৰ বজাৰ মূল্য ১,১৪,৮৫২.৩৪ কোটি টকা আছিল, যিটো বুধবাৰে পুৱা ৯:২৫ বজাত ১,১৬,২৩৭.৮৭ কোটি টকাত দিনটোৰ সৰ্বোচ্চ স্তৰত উপনীত হয় । অৰ্থাৎ কোম্পানীটোৰ মাৰ্কেট কেপ ১,৩৮৫.৫৩ কোটি টকা বৃদ্ধি পাইছে । অতি সোনকালে কোম্পানীটোৰ মাৰ্কেট কেপে ১.২০ লাখ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিব পাৰে ।
৬ ৰাণত জয়লাভ কৰে আৰ চি বিয়ে
মঙলবাৰে আই পি এলৰ ফাইনেলত পাঞ্জাব কিংছৰ মুখামুখি হয় আৰ চি বি । আৰ চি বিয়ে প্ৰথমে বেটিং কৰি ১৯০ ৰান সংগ্ৰহ কৰে । বিৰাট কোহলীয়ে ৪০ ৰানৰ ইনিংছ খেলিছিল । ইয়াৰ প্ৰত্যুত্তৰত পঞ্জাৱ দলে ৭টা উইকেট হেৰুৱাই ২০ অভাৰত ১৮৪ ৰানহে কৰিবলৈ সক্ষম হয় । শশাংক সিঙে ৩০টা বলত ৬১ ৰানৰ ইনিংছ খেলে । কিন্তু অধিনায়ক শ্ৰেয়াছ আয়াৰে মাত্ৰ ১ ৰানহে কৰিবলৈ সক্ষম হয় । এইদৰে এই চূড়ান্ত মেচখনত আৰ চি বিয়ে ৬ ৰানত জয়লাভ কৰে ।