জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে পৰিকল্পনা সমিতি গঠন চৰকাৰৰ, থাকিব এইসকল লোক…
প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি মৰম তথা শ্ৰদ্ধা নিবেদিবলৈ শিল্পীগৰাকীৰ সোণাপুৰৰ সমাধিস্থলীত প্ৰতিদিনেই অজস্ৰ লোকৰ সমাৱেশ ঘটিছে। সমাধিস্থলীত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ সমান্তৰালকৈ ন্যায়ৰ দাবীও জোৰদাৰ কৰি তুলিছে সকলোৱে। তাৰ মাজতে আজি অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ বাবে ন্য়ায়ৰ দাবী তুলি মুখৰিত হৈছে সমগ্ৰ ৰাজ্য। সামাজিক মাধ্যমত #JusticeForZubeeenGarg বাৰ্তাৰে ৰাজ্যবাসীয়ে চলাইছে এক ডিজিটেল প্ৰতিবাদ। সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ ন্যায় প্ৰদানৰ দাবীৰে গণতান্ত্ৰিক প্ৰতিবাদো গঢ়ি উঠা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বুধবাৰে বাক্সাত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় যদিও অৱশ্যে আজি পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন বুলি কৰ্তৃপক্ষই নিশ্চিত কৰিছে।
প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি মৰম তথা শ্ৰদ্ধা নিবেদিবলৈ শিল্পীগৰাকীৰ সোণাপুৰৰ সমাধিস্থলীত প্ৰতিদিনেই অজস্ৰ লোকৰ সমাৱেশ ঘটিছে। সমাধিস্থলীত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ সমান্তৰালকৈ ন্যায়ৰ দাবীও জোৰদাৰ কৰি তুলিছে সকলোৱে। তাৰ মাজতে আজি অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ সমাধি স্থায়ীভাৱে নিৰ্মাণৰ বাবে আজি এক পৰিকল্পনা সমিতি গঠন কৰিছে। এই পৰিকল্পনা সমিতিত জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যৰ পৰা আৰম্ভ কৰি বহুকেইজন লোকক অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ থাকিব এই পৰিকল্পনা সমিতিত।
সমান্তৰালকৈ সমিতিত আছে পাৰ্থ সাৰথি মহন্ত, বীৰেণ সিংহ, পুলক বেনাৰ্জী, তৰালি শৰ্মা, অনুৰাধা শৰ্মা পূজাৰী, সুদৰ্শন ঠাকুৰ, শ্যামন্তক গৌতম, প্ৰাঞ্জল শইকীয়া। আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে প্ৰাণৰ শিল্পীগৰাকীৰ স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হৈছে৷
ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এই পৰিকল্পনা সমিতিৰ পৰামৰ্শ অনুসৰি লোক নিৰ্মাণ বিভাগে সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিব৷ আজি কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছে।