শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা

Zubeen Garg death probe: ছিংগাপুৰলৈ যাব চি আই ডিৰ মুৰব্বী তথা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা। অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব বিষয়াগৰাকী।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা
ছিংগাপুৰলৈ যাব মুন্না প্ৰসাদ গুপ্তা
raj-saikia
Raj Saikia | Published: 16 Oct 2025 15:33 PM

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব চি আই ডিৰ মুৰব্বী তথা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা। অহা ২০ অক্টোবৰত তেওঁ ছিংগাপুৰলৈ যাব আৰু ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ’ব।

সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। নিজৰ পোষ্টত তেওঁ লিখিছে- “আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছোঁ ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ (SIT) মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ’ব। আমাৰ ঐক্যবদ্ধ সংকল্প — জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব।”

উল্লেখ্য যে যোৱা ১৯ অক্টোৱৰত ছিংগাপুৰত অকাল মৃত্যুক সাৱটি লৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ যোৱা জুবিন গাৰ্গে, ছিংগাপুৰত নিজৰ সতীৰ্থ আৰু কেইজনমান প্ৰৱাসী অসমীয়াৰ সৈতে এক য়ট পাৰ্টীত মিলিত হৈছিল। সেই সময়তেই সাগৰত নামি আনন্দ কৰাৰ সময়তে তেওঁ অজ্ঞান হৈ পৰে আৰু পৰৱৰ্তী সময়ত তেওঁ প্ৰাণত্য়াগ কৰে।

জুবিন গাৰ্গৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্য তথা দেশতে জোৱাৰৰ সৃষ্টি হয়। পৰিয়াল তথা অনুৰাগীৰ পৰা আৰম্ভ কৰি সকলোৱে সমস্বৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী উত্থাপন কৰে। তাৰ পিছতেই গ্ৰেপ্তাৰ হয় নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা শ্য়ামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষীৰ বিষয়া সন্দিপন গাৰ্গ, সহশিল্পী অমৃতপ্ৰভা মহন্ত। জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো পৰৱৰ্তী সময়ত বিত্তীয় বিষয়ৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।

কি পৰিস্থিতিত আৰু কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ’ল তাৰ তদন্ত চলাই আছে এছ আই টিয়ে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যত দাবী উত্থাপিত হোৱাৰ লগতে সামাজিক মাধ্যমতো এক ডিজিটেল প্ৰতিবাদ দেখা হৈছে।

আনহাতে বুধবাৰে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পাঁচ অভিযুক্তক বাক্সাৰ নিকাছিস্থিত কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে তেওঁলোকক কঢ়িয়াই নিয়া বাহনলৈ শিলগুটি নিক্ষেপ কৰে। হিংসাত্মক পৰিস্থিতি ৰোধৰ বাবে প্ৰশাসনে কাৰাগাৰৰ ৫০০ মিটাৰ ব্যাসাৰ্ধত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা আৰোপ কৰাৰ লগতে জিলাখনত ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰে।

ইফালে কালি দিল্লীত ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত এলিছ চেঙৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰ চৰকাৰৰ সহযোগিতা বিচাৰি এই বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী। বৈঠকত চেঙে সম্ভৱপৰ সকলো সহযোগিতা প্ৰদানৰ আশ্বাস দিয়ে। তাৰ পাছতেই আজি ছিংগাপুৰত তদন্তৰ এই তথ্য প্ৰকাশ কৰে।