বাক্সাৰ হিংসাত্মক ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ, সংখ্যালঘু ছাত্ৰনেতাসহ চিনাক্ত হৈছে জনক
বুধবাৰে বাক্সাৰ হিংসাত্মক কাৰ্যত জড়িত থকা কেবাজনো লোকক চিনাক্ত কৰিছে আৰক্ষীয়ে। তাৰে দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ জালত পৰা এই দুই ব্যক্তি হৈছে ৰমিজ আলী আৰু আহেলা মিঞা।

বাক্সাৰ নিকাছিস্থিত জিলা কাৰাগাৰৰ সমীপত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাক লৈ সৰ্বত্ৰে ব্যাপক চৰ্চা পৰিলক্ষিত হৈছে। আৰক্ষীসূত্ৰই জনোৱা মতে বৰ্তমান পৰিস্থিতি শাম কাটিছে যদিও BNSS ১৬৩ ধাৰাৰ অধীনত যি নিষেধাজ্ঞা জাৰী কৰা হৈছিল সেয়া প্ৰত্যাহাৰ কৰা হোৱা নাই। ইয়াৰ মাজতেই পোহৰলৈ আহিছে এক ডাঙৰ খবৰ।
বুধবাৰে এই হিংসাত্মক কাৰ্যত জড়িত থকা কেবাজনো লোকক চিনাক্ত কৰিছে আৰক্ষীয়ে। তাৰে দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ জালত পৰা এই দুই ব্যক্তি হৈছে ৰমিজ আলী আৰু আহেলা মিঞা। আনহাতে চিনাক্ত কৰা আন কেইজন ব্যক্তি হৈছে মাদুলীবাৰীৰ নুৰুল আলম, আশ্বিক, ABMSUৰ সদস্য মহিদুল ইছলাম, মুস্তাফা আহমেদ, দীঘলদঙাৰ ছহিদুল, ছিৰজং আলীৰ পুত্ৰ আৰু ছাত্ৰ নেতা হৰেকৃষ্ণ পাঠক।
উল্লেখ্য যে কালি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ আৰু দুই জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ চিআইডিৰ জিম্মাৰ ম্যাদ শেষ হয়। সেয়ে তেওঁলোকক হাজিৰ কৰোৱা হয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত। কোনেও জামিন আবেদন নকৰাৰ লগতে কোনো উকীল তেওঁলোকৰ পক্ষত থিয় নোহোৱাত আটাইকেইজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।
কিন্তু গুৱাহাটীত কাৰাগাৰত নিৰাপত্তাজনিত কাৰণত তেওঁলোকক নাৰাখি বাক্সাৰ নিকাছিত নতুনকৈ মুকলি কৰা জিলা কাৰাগাৰলৈ লৈ যোৱা হয়। তেওঁলোকক কঢ়িয়াই নিয়া বাহনখন কাৰাগাৰৰ সমুখত উপস্থিত হোৱাৰ সময়তে একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
একাংশ লোকে আৰক্ষী আৰু শ্য়ামকানু মহন্তহঁতক লৈ যোৱা বাহনখনলৈ উদ্দেশ্য কৰি শিলগুটি নিক্ষেপ কৰে। এই ঘটনাত আহত হয় আৰক্ষী আৰু সাংবাদিকৰ লগতে কেবাজনো স্থানীয় লোক। পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে একাংশ লোকে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। এজন লোক গুলীবিদ্ধ হয় এই ঘটনাত।
তাৰ পাছতেই কাৰাগাৰৰ ৫০০ মিটাৰ এলেকাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা আৰোপ কৰা হয়। লগতে কৰ্তন কৰা হয় ইণ্টাৰনেট সেৱা। জানিব পৰা মতে মুখত কাপোৰ বান্ধি প্ৰতিবাদকাৰীৰ মাজত প্ৰৱেশ কৰিছিল একাংশ লোকে আৰু এই লোকসকলেই পৰিকল্পিতভাৱে অগ্নিসংযোগৰ লগতে আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাত কোনো তৃতীয় শক্তি জড়িত আছে বুলি মন্তব্য কৰিছিল।