শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৬ বছৰ প্ৰেমৰ সম্পৰ্ক, বিয়াৰ প্ৰতিশ্ৰুতি…পাছত প্ৰেমিকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল চিকিৎসক প্ৰেমিকা…

প্ৰেমৰ পাছতেই প্ৰতাৰাণা। এগৰাকী যুৱতীয়ে এজন যুৱকৰ বিৰুদ্ধে কিছুমান গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি, বিয়াৰ প্ৰতিশ্ৰুতি দি এতিয়া যুৱকজনে তেওঁক প্ৰতাৰণা কৰিছে। ইতিমধ্যে যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে।

৬ বছৰ প্ৰেমৰ সম্পৰ্ক, বিয়াৰ প্ৰতিশ্ৰুতি…পাছত প্ৰেমিকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল চিকিৎসক প্ৰেমিকা…
প্ৰেমিক-প্ৰেমিকা
Barasha Sarma
Barasha Sarma | Published: 23 Jan 2026 11:29 AM

প্ৰেম, বিয়াৰ প্ৰতিশ্ৰুতি আৰু পাছত প্ৰতাৰণা! এজন যুৱকৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ।শেহতীয়াকৈ এগৰাকী মহিলা চিকিৎসকে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি প্ৰেমিকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে। যুৱতীগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, তেওঁলোকে দীৰ্ঘসময় ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। কিন্তু শেষত যুৱকজনে তেওঁ বিয় পতাৰ ক্ষেত্ৰত অমান্তি হয়। যাৰ বাবে তেওঁ আৰক্ষীৰ কাষ চাপে।

ৰঙিয়াৰ উদ্যোগপতি কৌশিক দাসৰ বিৰুদ্ধে  যুৱতীগৰাকীয়ে বিয়াৰ প্ৰলোভনেৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে। যুৱতীগৰাকীয়ে জনাই যে, কৌশিক দাসৰ সৈতে তেওঁ প্ৰায় ৬ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। মহানগৰীৰ এখন আগশাৰীৰ চিকিৎসালয়ত কৰ্মৰত মহিলা চিকিৎসকগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি দি কৌশিকে কেইবাবাৰো শাৰীৰিক সম্পৰ্কও স্থাপন কৰিছিল।

ইমানেই নহয়, কৌশিকৰ পৰিয়ালৰ সৈতেও ভাল সম্পৰ্ক আছিল যুৱতীগৰাকীৰ।  বিভিন্ন সময়ত কৌশিক দাসৰ ৰঙিয়াৰ ঘৰৰ লগতে দিল্লীৰ ঘৰতো আছিল তেওঁ। ইতিমধ্যে দুয়োৰে বিয়া প্ৰায় ঠিক হৈ আছিল। কিন্তু হঠাতে কোনো ৰহস্যজনক কাৰণত কৌশিকে যুৱতীগৰাকীৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰে। লাহে লাহে যুৱতীগৰাকীক বিভিন্ন ভয় ভাবুকি দিবলৈ আৰম্ভ কৰি বিয়া নাপাতো বুলি কয় কৌশিকে। এইক্ষেত্ৰত কৌশিক দাসৰ লগতে মাতৃ ভানু দাসৰ বিৰুদ্বেও মহিলা চিকিৎসক গৰাকীয়ে ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতাৰণা আৰু ভাবুকি দিয়াৰ অভিযোগ লৈ ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী চিকিৎসকগৰাকীয়ে। ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে তেওঁ। লগতে ঘটনা সন্দৰ্ভত ন্যায়ৰ দাবী জনাইছে।

 

অন্য খবৰ পঢ়কঃ জোনবিল মেলাঃ পৰম্পৰাগত ৰীতি-নীতিৰে শুভাৰম্ভ ঐতিহাসিক বিনিময় প্ৰথা…