শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি সম্পন্ন হ’ব বিশিষ্ট লেখক, সাংবাদিক প্রদীপ বৰুৱাৰ শেষকৃত্য, বাসগৃহত অন্তিম শ্ৰদ্ধাঞ্জলি…

বুধবাৰে গুৱাহাটীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰদীপ বৰুৱাই। বিগত কিছুদিনৰ পৰা চিকিৎসাধীন হৈ আছিল বৰুৱা। বুধবাৰে হৃদৰোগত আক্ৰান্ত হৈছিল বৰুৱা। জানিব পৰা মতে আজি বৃহস্পতিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত তেওঁৰ মৃতদেহ তেওঁৰ বাসগৃহলৈ লৈ যোৱা হ’ব। তাৰ পিছত পুৱা প্ৰায় ১১ বজাত নৱগ্রহ শ্মশানত সম্পন্ন হ’ব শেষকৃত্য।

আজি সম্পন্ন হ’ব বিশিষ্ট লেখক, সাংবাদিক প্রদীপ বৰুৱাৰ শেষকৃত্য, বাসগৃহত অন্তিম শ্ৰদ্ধাঞ্জলি…
বিশিষ্ট লেখক প্রদীপ বৰুৱাৰ দেহাৱসান
Trishna Kalita
Trishna Kalita | Updated On: 15 Jan 2026 08:16 AM

মাঘ বিহুৰ উদযাপনৰ মাজতে ৰাজ্যবাসীয়ে পালে এটা বেয়া খবৰ। প্রসিদ্ধ লেখক, সাংবাদিক প্রদীপ বৰুৱাৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্রদীপ বৰুৱাৰ। ‘প্রান্তিক’ আলোচনীৰ জন্মলগ্নৰে পৰা জড়িত আছিল বৰুৱা। এই খবৰে শোকাহত কৰিছে অসমীয়াক।

বুধবাৰে গুৱাহাটীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰদীপ বৰুৱাই। বিগত কিছুদিনৰ পৰা চিকিৎসাধীন হৈ আছিল বৰুৱা। বুধবাৰে হৃদৰোগত আক্ৰান্ত হৈছিল বৰুৱা। জানিব পৰা মতে আজি বৃহস্পতিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত তেওঁৰ মৃতদেহ তেওঁৰ বাসগৃহলৈ লৈ যোৱা হ’ব। তাৰ পিছত পুৱা প্ৰায় ১১ বজাত নৱগ্রহ শ্মশানত সম্পন্ন হ’ব শেষকৃত্য।

বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যযোগে শোকপ্ৰকাশ কৰে। তেওঁ লিখিছে, “আজি মাঘৰ বিহুৰ দিনটোতে প্ৰতিগৰাকী অসমবাসীক মৰ্মাহত কৰা স্বনামধন্য প্ৰদীপ বৰুৱা ডাঙৰীয়াৰ দেহাৱসানৰ খবৰ শুনি গভীৰভাৱে ম্ৰিয়মাণ হ’লোঁ৷ অসমীয়া পষেকীয়া ব্যতিক্ৰমী আলোচনী ‘প্ৰান্তিক’ৰ জৰিয়তে তেখেতে সাহিত্য-চৰ্চাৰ এক সুকীয়া যুগৰ সূচনা কৰাই নহয়, অসমৰ সংবাদ জগতখনকো অনন্য সমৃদ্ধি প্ৰদান কৰিছিল৷ তেখেতৰ অবৰ্তমান আমাৰ বাবে এক পূৰাব নোৱৰা শূন্যতা৷”

১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্রুগড়ত জন্মগ্রহণ কৰিছিল বৰুৱাই। গুৱাহাটীৰ ডনবস্ক’ স্কুলৰ পৰা বৰুৱাৰ আৰম্ভ হৈছিল স্কুলীয়া শিক্ষা। কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল প্রদীপ বৰুৱাই। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা কনিষ্ঠ সন্তান প্রদীপ বৰুৱা। মাত্র কেইদিনমান পূৰ্বে মৃত্যু হৈছিল ভাতৃ প্রফুল্ল গোবিন্দ বৰুৱাৰ।

প্ৰদীপ বৰুৱাই ১৯৮১ চনত জন্মলগ্নৰে পৰা প্ৰান্তিক আলোচনীৰ সৈতে জড়িত হৈ আছিল। তেওঁ চাৰি দশকৰো অধিক সময় প্ৰান্তিকৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ তত্বাৱধানত আলোচনীখনে সাহিত্য, সামাজিক-ৰাজনৈতিক বক্তৃতা, সংস্কৃতি, বিজ্ঞান, প্ৰগতিশীল চিন্তাৰ এক সন্মানীয় মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰি সমগ্ৰ অসমৰ প্ৰজন্মৰ পাঠক-লেখকক গঢ় দিছিল।

মৃত্যুৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বৰুৱাৰ কন্যাই স্বতন্ত্ৰ সাংবাদিকতাৰ প্ৰতি আজীৱন দায়বদ্ধতাৰ কথা স্মৰণ কৰে। তেওঁ কয়, ‘মোৰ দেউতা সদায় স্বাধীন আছিল। তেওঁ কেতিয়াও কাৰো অধীনত কাম কৰিব বিচৰা নাছিল। প্ৰান্তিক তেওঁৰ সন্তানৰ দৰে আছিল। আমি ইয়াক জীয়াই ৰাখিবলৈ সকলো কৰিম।প্ৰান্তিক অসমৰ আকাশৰ তলত জিলিকি থাকিব।’