টেঙা উগাৰ বা শৌচ কৰিবলৈ যোৱাৰ অনুভৱ হৈছে নেকি?

14 JAN 2026

TV9 ASSAM

শীত কালত এই গেছৰ সমস্যাই অধিক হাৰাশাস্তি কৰে। বহুতেই বছৰৰ পিছত বছৰ এই সমস্যাৰ কাৰণে জ্বলা–কলা খাবলগীয়া হয়।

গেছ

 গতিকে এইবাৰ ঔষধক দূৰৈত ৰাখক আৰু গেছৰ সমস্যাক দিয়ক বিদায়। ঘৰুৱা উপায়েৰে পাব সকাহ।

গেছ

গেছৰ সমস্যাত ইয়াৰ ভাল বিকল্প ঔষধ নাই। কলত প্রচুৰ পৰিমাণে পটাচিয়াম থাকে, যি প্রাকৃতিক এণ্টাচিড। এচিড ৰিফ্লেক্সৰ বিৰুদ্ধে প্ৰতিৰোধক হিচাপে কাম কৰে। 

গেছ

দৈত যি কেলচিয়াম থাকে সিয়ে পাকস্থলীত গেছ তৈয়াৰ হ’বলৈ নিদিয়ে। দৈৰ লেকটিত এচিডে হজম প্ৰক্ৰিয়াক আৰু শক্তিশালী কৰি তোলে।

গেছ

আদা-নহৰুৱে গেছৰ পৰা মুক্তি পোৱাত সহায় কৰে। আদাই খাদ্য খুব সহজে হজম কৰাত সহায় কৰে। গতিকে খোৱাৰ আধাৰ পৰা এঘণ্টা পিছত আদা খুন্দি ক’লা নিমখৰ সৈতে খাওক। 

গেছ

পুৱা গৰম পানী খোৱাৰ অভ্যাস, হালধী পানী খোৱাৰ অভ্যাস আদিয়েও আপোনাৰ গেছৰ সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

গেছ

কাৰোবাৰ যদি পুৱা চাহ খোৱাৰ অভ্যাস নাথাকে তেনেহ’লে কুহুমীয়া গৰম পানীত তুলসী পাত দি খাব পাৰে।

গেছ

পঢ়িবলৈ ক্লিক কৰক 

বৰপেটাত কিয় পহিলা মাঘত মেজি জ্বলোৱা হয়?