শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চীনৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ পৰা লোকসভাৰ বৰ্ষাকালীন অধিবেশনলৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…

সংকটত উত্তৰ-পূব। চীনে আৰম্ভ কৰিছে বিশ্বৰ সবাতোকৈ ডাঙৰ নদীবান্ধ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। ভাৰত সীমান্তৰ সমীপৰ তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত এই কাম আৰম্ভ হৈছে।

চীনৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ পৰা লোকসভাৰ বৰ্ষাকালীন অধিবেশনলৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…
চীনৰ বান্ধImage Credit source: META AI
barasha-sarma
Barasha Sarma | Published: 20 Jul 2025 17:20 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

  1. চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। শনিবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ ভাৰত সীমান্তৰ সমীপৰ তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত এই কাম আৰম্ভ হৈছে। দীৰ্ঘদিন ধৰি ভাৰতে ইয়াৰ বিৰোধিতা কৰি আহিছিল যদিও চীনে কোনো গুৰুত্ব প্ৰদান নকৰিলে। চীনৰ এই সিদ্ধান্তৰ ফলত সমগ্ৰ উত্তৰ-পূব সংকটত পৰিব পাৰে।

  2. নিলম্বন এগৰাকী বন বিষয়া। সাংবাদিক, ৰাইজক বেয়া ব্যৱহাৰ কৰি নিলম্বন হ’ল বন বিষয়া কুলদ্বীপ বৰ্মন। তেওঁ গোলাঘাট জিলা বন বিভাগৰ জামুগুৰি ৰেঞ্জৰ বিষয়া হিচাপে কৰ্মৰত আছিল। উৰিয়ামঘাটত উচ্ছেদ অভিযানত তথ্য সংগ্ৰহ কাৰ্যত কৰ্মৰত আছিল তেওঁ। অভিযোগ অনুসৰি,বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দু ব্যৱহাৰ কৰিছিল তেওঁ।

  3. সোণাপুৰত বিজেপিৰ চিন্তন বৈঠক। এই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰঙানদী আৰু নাওবৈচা সমষ্টিৰ দায়িত্বৰ পৰা অব্যাহতি সাংসদ প্ৰদান বৰুৱাক। ইয়াৰ পূৰ্বে তেওঁ আছিল ৰাজনৈতিক আৰু সাংগঠনিকৰ দায়িত্ব। সাংসদ বৰুৱাৰ পৰিবৰ্তে জিলা বিজেপিৰ সভাপতিক উক্ত সমষ্টিৰ দায়িত্ব অৰ্পন। সাংসদ বৰুৱাই মনোনিবেশ কৰিব কেৱল চিচিবৰগাঁও সমষ্টিত।

  4. কাছাৰ আৰক্ষীৰ ডাঙৰ সফলতা। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ১.২২ কেজি হেৰ’ইন জব্দ কৰে। ইয়াৰ মূল্য প্ৰায় ৬.২২ কোটি টকা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২ জনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে।
  5. মালদ্বীপ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৰ আনুষ্ঠানিক আমন্ত্ৰণত ২৫ আৰু ২৬ জুলাইত দেশখন ভ্ৰমণ কৰিব তেওঁ। ২৬ জুলাইত মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তীৰ অনুষ্ঠানত তেওঁ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

  6. ২৩ জুলাইৰ পৰা ২৪ জুলাইত আনুষ্ঠানিক ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰিটেইনলৈ যাব। এই ভ্ৰমণ শেহতীয়াকৈ দেশখনত ক্ষমতা দখল কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী ছাৰ কেয়াৰ ষ্টাৰমাৰৰ আমন্ত্ৰণত অনুষ্ঠিত হৈছে। এয়া হ’ব প্ৰধানমন্ত্ৰী চতুৰ্থ ব্ৰিটেইন ভ্ৰমণ। এই সময়চোৱাত বহু দ্বি-পাক্ষিক আলোচনা হোৱাৰ সম্ভাৱনা আছে।

  7. সোমবাৰৰ পৰা আৰম্ভ হ’ব লোকসভাৰ বৰ্ষাকালীন অধিবেশন। তেনে ক্ষেত্ৰত বিৰোধী দলসমূহৰ সকলো নেতাই সদনত উত্থাপন কৰিবলগীয়া প্ৰশ্নৰ তালিকা প্ৰস্তুত কৰিছে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কৈছে যে, চৰকাৰৰ পহলগাম নিৰাপত্তাৰ গাফিলতি, ভাৰত সম্পৰ্কে ট্ৰাম্পৰ দাবী, সদনত নিৰ্বাচন আয়োগৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব।

  8. আমেৰিকাত ভাৰতীয় মূলৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ ভয়ংকৰ কাণ্ড।ৰিতেশ কালৰা নামৰ লোকজনৰ বিৰুদ্ধে চিকিৎসা প্ৰৱঞ্চনা,  ভুলকৈ প্ৰেছক্ৰিপচন কৰা আৰু ঔষধৰ বিনিময়ত ৰোগীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ প্ৰমাণিত হ’লে চিকিৎসকজনক ২০ বছৰৰ কাৰাদণ্ড আৰু ২.৫০ লাখ মাৰ্কিন ডলাৰৰ জৰিমনা বিহা হ’ব পাৰে।

  9. ভিয়েটনামত ডাঙৰ নাও দুৰ্ঘটনা। হঠাতে অহা ধুমুহাৰ ফলত নাও বাগৰি পৰে। যাৰ ফলত ৩৪ গৰাকী পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে কেইবাজন সন্ধানহীন হয়। তথ্য অনুসৰি ৱাণ্ডাৰ ছি নাওখনে ৪৮ জন যাত্ৰী আৰু ৫ জন ক্ৰু সহায়ত মুখ্য পৰ্যটন স্থলী হা লং বে’লৈ যাত্ৰা কৰি আছিল।

অন্য খবৰ পঢ়কঃ ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৪গৰাকী পৰ্যটকে…