Daily Horoscope: শনিৰ কোপদৃষ্টিয়ে আজি সমস্যাত পেলাব এইকেইটা ৰাশিৰ লোকক, চাওক আজিৰ ৰাশিফল
আন দিনাৰ দৰেই জ্যোতিষীসকলে আজিৰ দিনটোৰো ৰাশিফল আগবঢ়াইছে। এই ৰাশিফল অনুসৰি কিছু ৰাশিৰ ওপৰত আজি শনি দেৱতাৰ কোপদৃষ্টি দেখা গৈছে। চাওক আজিৰ ৰাশিফল।
আজি ২০ ডিচেম্বৰ, শনিবাৰ। সপ্তাহৰ এই দিনটোত দেৱতা শনিৰ প্ৰভাৱ দেখা যায় বুলি বিশ্বাস কৰা হয়। শনি দেৱতাৰ কৃপাত যদি কোনো লোকৰ জীৱন উপকৃত হয়, আন কোনো লোকৰ ওপৰত আকৌ কোপদৃষ্টি পৰাৰ ফলত নানা সংকটে আগুৰি ধৰে। আন দিনাৰ দৰেই জ্যোতিষীসকলে আজিৰ দিনটোৰো ৰাশিফল আগবঢ়াইছে। এই ৰাশিফল অনুসৰি কিছু ৰাশিৰ ওপৰত আজি শনি দেৱতাৰ কোপদৃষ্টি দেখা গৈছে। চাওক আজিৰ ৰাশিফল-
মেষ ৰাশিৰ ৰাশিফল
নতুন সম্পত্তি যেনে ঘৰ-মাটি আদি ক্ৰয়ৰ বাবে ভাল দিন। পিতৃৰ পুৰণি ৰোগে সমস্যাত পেলাব আৰু ইয়াৰ ফলত ব্যস্ততা বাঢ়িব। পৰিয়ালত বুজাবুজিৰ অভাৱত কাজিয়াৰ সূত্ৰপাত হ’ব পাৰে। পিতৃৰ পৰামৰ্শ লৈ নতুন কাম আৰম্ভ কৰিব পাৰে।
বৃষ ৰাশিৰ ৰাশিফল
ধন-সম্পদ বৃদ্ধিৰ দিন। চৰকাৰী আঁচনিৰ পৰা লাভৰ মুখ দেখিব। ঘৰলৈ নতুন কোনো অতিথিৰ আগমন হ’ব পাৰে। একেলগে বহু কাম হাতলৈ অহাৰ বাবে কিছু চিন্তিত হ’ব। পুৰণি বন্ধুৰ সৈতে বহুদিনৰ পিছত সাক্ষাৎ হ’ব পাৰে। জ্বলা-পোৰা খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক।
মিথুন ৰাশিৰ ৰাশিফল
অংশীদাৰীত্বৰে কৰা ব্যৱসায়ৰ ক্ষেত্ৰত পাৰ্টনাৰৰ ওপৰত নজৰ ৰখা উচিত হ’ব। বাহনৰ কোনো সমস্যাৰ বাবে খৰচ বৃদ্ধি পাব। শিক্ষাৰ্থীৰ বাবে শুভ। জ্বলা-পোৰা খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক।
কৰ্কট ৰাশিৰ ৰাশিফল
চাকৰিৰ সংক্ৰান্তত ভ্ৰমণৰ সম্ভাৱনা। ধৰ্মীয় কাম-কাজৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। কামত খৰখেদা নকৰিব। বন্ধুৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচীত যোগ দিব পাৰিব। দাম্পত্য জীৱনত সমস্যা হ’ব পাৰে। পিতৃৰ লগত মতানৈক্য হ’ব পাৰে।
সিংহ ৰাশিৰ ৰাশিফল
কোনো কামত সন্দেহ থাকিলে আগনবঢ়াই উচিত হ’ব। ভাতৃ-ভগ্নীৰ পৰা পূৰ্ণ সহায় লাভ কৰিব। সন্তানৰ শিক্ষা সন্দৰ্ভত কোনো দায়িত্ব পালন কৰিব লাগিব। মাতৃৰ পৰা কোনো বিশেষ দায়িত্ব পাব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব। পেটৰ সমস্যাত ভুগিব পাৰে।
কন্যা ৰাশিৰ ৰাশিফল
ঘৰত ধৰ্মীয় কোনো অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। আপোনাৰ চৌপাশৰ লোকসকলৰ পৰামৰ্শ ফলপ্ৰসূ প্ৰমাণিত হ’ব। সন্তানক দিয়া প্ৰতিশ্ৰুতি পূৰ কৰিব। পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। পৰিয়ালৰ বয়সস্থ সদস্যৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু চিন্তা থাকিব।
তুলা ৰাশিৰ ৰাশিফল
পুৰণি কোনো লেনদেনৰ বাবে চিন্তা বাঢ়িব। কোনো কামত সমস্যাৰ সন্মুখীন হ’ব পাৰে। মনত কোনো কথা চিন্তা থাকিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ ক্ষেত্ৰত থকা বাধা দূৰ হ’ব। সন্তানে আপোনাৰ আশা পূৰণ কৰিব। যাত্ৰাৰ সময়ত মূল্যৱান সামগ্ৰীৰ প্ৰতি গুৰুত্ব দিব।
বৃশ্চিক ৰাশিৰ ৰাশিফল
পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। নতুন কামত আগবাঢ়িব পাৰিব। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। ভাতৃ-ভগ্নীৰ পৰা পূৰ্ণ সহায় লাভ কৰিব। অহিত চিন্তকৰ পৰা সাৱধান হোৱা উচিত হ’ব।
ধনু ৰাশিৰ ৰাশিফল
ব্যৱসায়ত উত্থান-পতন হ’লেও চিন্তা নকৰাকৈ সঠিক পৰিকল্পনা অনুসৰি পৰিশ্ৰম কৰক। কামত পৰিৱৰ্তন নকৰাই উচিত হ’ব। মাতৃ-পিতৃৰ আশীৰ্বাদত অসম্পূৰ্ণ কোনো কাম সম্পূৰ্ণ হ’ব পাৰে। সন্তানৰ পৰা সুখবৰ লাভ কৰিব। কোনো অহিত চিন্তকৰ কথাই মন বেয়া লগাব পাৰে।
মকৰ ৰাশিৰ ৰাশিফল
আৰ্থিক লেনদেনৰ ক্ষেত্ৰত ভালদৰে চিন্তা কৰিহে আগবাঢ়ক। একেলগে বহু কাম হাতলৈ আহিব পাৰে, কামত আওকাণ কৰিলে সমস্যা বৃদ্ধি পাব। সহকৰ্মীৰ কোনো কথাত মন বেয়া লাগিব পাৰে। পিতৃৰ পুৰণি ৰোগে পুনৰ দেখা দিব পাৰে।
কুম্ভ ৰাশিৰ ৰাশিফল
ব্যৱসায়ত সঠিক পৰিকল্পনাৰ জৰিয়তে লাভৰ মুখ দেখিব। ধনৰ বিষয়ত আনৰ ওপৰত নিৰ্ভৰ নকৰাই উচিত হ’ব। চাকৰি সলনিৰ বাবে চিন্তা কৰি থকাসকলে সুখবৰ লাভ কৰিব। পিতৃৰ কোনো কথাত মন বেয়া লাগিব পাৰে। অবিবাহিত লোকৰ জীৱনত নতুন মানুহৰ আগমন ঘটিব।
মীন ৰাশিৰ ৰাশিফল
পুৰণি কোনো লেনদেনৰ পৰা মুক্ত হ’ব পাৰিব। যিকোনো সিদ্ধান্ত ভালদৰে ভাবি চিন্তি লোৱা উচিত হ’ব। সন্তানৰ জেদত চিন্তিত হ’ব। মাতৃ-পিতৃৰ সেৱাত সময় দিয়া উচিত হ’ব। ছাত্ৰ-ছাত্ৰীৰ মনত নতুন কিবা এটা কৰাৰ ইচ্ছা জাগিব।