শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু শাসকীয় দল, পলকতে পঢ়ক দিনটোৰ ৯ শীৰ্ষ খবৰ

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বাংলাদেশৰ বিক্ষোভৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজি অনুষ্ঠিত টি-২০ শৃংখলাৰ অন্তিমখন মেচলৈ পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু শাসকীয় দল, পলকতে পঢ়ক দিনটোৰ ৯ শীৰ্ষ খবৰ
manas-borah
Manas Borah | Published: 19 Dec 2025 20:52 PM

আজি ১৯ ডিচেম্বৰ, শুকুৰবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে আজিৰ দিনটোৰ শিৰোনাম দখল কৰিছে। পুনৰ বিক্ষোভৰ জুইত জ্বলিছে বাংলাদেশ। নগাঁৱৰ ধিঙত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। তৃতীয় দিনাও ধিঙত অব্যাহত আছে উচ্ছেদ অভিযান। পলকতে পঢ়ক দিনটোৰ ৯টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. পুনৰ বিক্ষোভৰ জুইত জ্বলিছে বাংলাদেশ। ইনকিলাব মঞ্চৰ নেতা ওছমান হাদিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পদ্মাৰ পাৰ। একাংশ প্ৰতিবাদকাৰীয়ে কালি দুটাকৈ সংবাদ প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰে। এজন হিন্দু ধৰ্মীয় যুৱকক মাৰপিট কৰি জীৱন্তে জ্বলাই দিয়াৰো অভিযোগ উত্থাপন হৈছে।
  2. নগাঁৱৰ ধিঙত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। পাৰিবাৰিক কন্দলৰ মাজতে এজন লোকে ঘপিয়াই হত্যা কৰে নিজ পত্নী আৰু দুই কন্যা সন্তানক। হত্যাকাৰী লোকজনৰ নাম এমদাদুল ইছলাম। শুই থকা অৱস্থাতে লোকজনে হত্যা কৰে পৰিয়ালৰ তিনি সদস্যক। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এমদাদুল ইছলামক।
  3. তৃতীয় দিনাও ধিঙত অব্যাহত আছে উচ্ছেদ অভিযান। আজি প্ৰশাসনে গেৰেকনি বিলত চলাই উচ্ছেদ অভিযান। দুখন এক্সেভেটৰৰ লগতে প্ৰায় চাৰি শতাধিক শ্ৰমিক ব্যৱহাৰ কৰা হয়। অবৈধভাৱে খন্দা কেবাটাও পুখুৰী উচ্ছেদ কৰে প্ৰশাসনে।
  4. সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা সোণাপুৰ অভিমুখী এখন তীব্ৰবেগী বাইকে খুন্দা মাৰে একে দিশে গৈ থকা এখন ডাম্পাৰত ফলত থিতাতে নিহত হয় বিনোদ ৰাহাং নামৰ এজন যুৱক। এই ঘটনাত আহত হয় আকাশ ৰাভা নামৰ আন এজন যুৱক।
  5. প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম বিজেপি। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গেটৱে গুৱাহাটীৰ নতুন টাৰ্মিনেল পৰিদৰ্শন কৰাৰ লগতে বাজপেয়ী ভৱনত বিজেপিৰ নেতা-কৰ্মীৰ সৈতে মিলিত হৈ প্ৰস্তুতিৰ বুজ লয়। কাইলৈ দুদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত নিৰ্মিত নতুন টাৰ্মিনেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে।
  6. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ তথ্য। বৰ্তমানলৈকে জুবিনৰ মৃত্যুৰ তদন্তত কোনো ফাউল প্লেৰ তথ্য পোৱা নাই তেওঁলোকে। কৰ’ণাৰ আইনৰ অধীনত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া। ভাৰতৰ মানুহক কোনো উৰা বাতৰি বিশ্বাস নকৰিবলৈ তথা প্ৰচাৰ নকৰিবলৈ আহ্বান ছিংগাপুৰ আৰক্ষীৰ।
  7. অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল এছ আই টিৰ। জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীটৰ কিছু অংশ ৰাজহুৱা কৰাৰ বাবে বিধায়কগৰাকীৰবিৰুদ্ধে এজাহাৰ দাখিল কৰিছে তদন্তকাৰী দলে। ইতিমধ্যে এই গোচৰৰ সন্মুখীন হবলৈ সাজু বুলি প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ অখিলৰ বিৰুদ্ধে।
  8. আজি অন্ত পৰিল সংসদৰ শীতকালীন অধিৱেশন। পুৱা সদন আৰম্ভ হোৱাৰ পাছতেই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অনিৰ্দিষ্টকালৰ বাবে সদন স্থগিত ঘোষণা কৰে। তাৰ পাছতেই এক বৈঠকত মিলিত হয় শাসক-বিৰোধী একাংশ নেতা। প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।
  9. ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজি অনুষ্ঠিত হৈছে টি-২০ শৃংখলাৰ অন্তিমখন মেচ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন। টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ আফ্ৰিকাই। ইতিমধ্যে শৃংখলাত ২-১ ত অগ্ৰগতি ভাৰতৰ। চতুৰ্থখন মেচ ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা।