শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Bangladesh News: বাংলাদেশৰ উত্তেজনাৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ অন্তিম টি-২০ লৈ দিনটোৰ শীৰ্ষ খবৰ

Bangladesh News: বাংলাদেশৰ উত্তেজনাৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ অন্তিম টি-২০ লৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 19 Dec 2025 23:00 PM

আজি ১৯ ডিচেম্বৰ, শুকুৰবাৰ। আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বাংলাদেশৰ বিক্ষোভৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজি অনুষ্ঠিত টি-২০ শৃংখলাৰ অন্তিমখন মেচলৈ পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

পুনৰ বিক্ষোভৰ জুইত জ্বলিছে বাংলাদেশ। ইনকিলাব মঞ্চৰ নেতা ওছমান হাদিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পদ্মাৰ পাৰ। একাংশ প্ৰতিবাদকাৰীয়ে কালি দুটাকৈ সংবাদ প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰে। এজন হিন্দু ধৰ্মীয় যুৱকক মাৰপিট কৰি জীৱন্তে জ্বলাই দিয়াৰো অভিযোগ উত্থাপন হৈছে।

নগাঁৱৰ ধিঙত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। পাৰিবাৰিক কন্দলৰ মাজতে এজন লোকে ঘপিয়াই হত্যা কৰে নিজ পত্নী আৰু দুই কন্যা সন্তানক। হত্যাকাৰী লোকজনৰ নাম এমদাদুল ইছলাম। শুই থকা অৱস্থাতে লোকজনে হত্যা কৰে পৰিয়ালৰ তিনি সদস্যক। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এমদাদুল ইছলামক।

তৃতীয় দিনাও ধিঙত অব্যাহত আছে উচ্ছেদ অভিযান। আজি প্ৰশাসনে গেৰেকনি বিলত চলাই উচ্ছেদ অভিযান। দুখন এক্সেভেটৰৰ লগতে প্ৰায় চাৰি শতাধিক শ্ৰমিক ব্যৱহাৰ কৰা হয়। অবৈধভাৱে খন্দা কেবাটাও পুখুৰী উচ্ছেদ কৰে প্ৰশাসনে।