শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: বিধানসভা অধিৱেশনৰ পৰা বৰ্ষাপাৰা টেষ্টলৈ, পলকতে চাওক পুৱাৰ কেইটামান মুখ্য খবৰ

আজিৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। জুবিন গাৰ্গৰ মৃত্যুৰ শোক বাৰ্তাৰে আৰম্ভ হ’ব্লগীয়া পাঁচদিনীয়া এই অধিৱেশনত ২৬ খন বিধেয়ক উত্থাপন কৰা হ’ব।

Morning News: বিধানসভা অধিৱেশনৰ পৰা বৰ্ষাপাৰা টেষ্টলৈ, পলকতে চাওক পুৱাৰ কেইটামান মুখ্য খবৰ
পুৱাৰ মুখ্য খবৰ
monjit-dutta
Monjit Dutta | Updated On: 25 Nov 2025 08:00 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজিৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। জুবিন গাৰ্গৰ মৃত্যুৰ শোক বাৰ্তাৰে আৰম্ভ হ’ব্লগীয়া পাঁচদিনীয়া এই অধিৱেশনত ২৬ খন বিধেয়ক উত্থাপন কৰা হ’ব।
  2. বিধানসভা অধিৱেশনত আজি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিধানসভাৰ মজিয়াত এই বিষয়ত সোচ্চাৰ হ’ব বুলি ঘোষণা কৰিছে।
  3. আজি অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰত ধ্বজাৰোহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিশেষ অনুষ্ঠানৰ বাবে সজাই তোলা হৈছে অযোধ্যা নগৰী। ইফালে সমগ্ৰ নগৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  4. বলীউডৰ মহাতাৰকা ধৰ্মেন্দ্ৰৰ সোমবাৰে দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ হৈছে যুঁজি থকা বৰ্ষীয়ান অভিনেতাগৰাকীৰ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে।
  5. সোমবাৰে দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ সূৰ্যকান্তই। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ ৫৩তম মুখ্য ন্যায়াধীশ হিচাপে তেওঁক শপত বাক্য পাঠ কৰায়।
  6. গুৱাহাটীৰ বৰ্ষাপাৰাত চলি থকা ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্টৰ আজি চতুৰ্থ দিন। এই মেচখনত ইতিমধ্যে শক্তিশালী স্থিতিত উপনীত হৈছে দক্ষিণ আফ্ৰিকা। মেচৰ প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই ৪৮৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ ২০১ ৰানত ইনিংছ সামৰে।
  7. অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপৰ সূচী আজি ঘোষণা কৰা হ’ব। ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিবলগা এই বিশ্বকাপ ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব।
  8. বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত মহিলা কাবাডী বিশ্বকাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে ভাৰতে। ফাইনেলত চীনা টাইপেইক পৰাস্ত কৰি ভাৰত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হয়।