আজিৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন, জুবিন গাৰ্গ গোচৰক লৈ সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা
আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোক বাৰ্তাৰে বিধানসভা অধিৱেশন আৰম্ভ হ’ব। এইবাৰ শীতকালীন অধিৱেশনত ২৬ খনকৈ ন-পুৰণি বিধেয়ক উত্থাপন কৰা হ’ব বুলি তথ্য প্ৰকাশ পাইছে, ইয়াৰে ২১ খন বিধেয়ক সংশোধনী ৰূপত আৰু ৫ খন নতুন বিধেয়ক হ’ব।
আজিৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। পাঁচদিনীয়া এই অধিৱেশন কেইবাটাও কাৰণত হৈ পৰিছে লক্ষণীয়। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খৰতকীয়া তদন্ত আৰু ন্যায়ৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে বিধানসভা অধিৱেশন অনুষ্ঠিত হ’ব। গতিকে সদনৰ মজিয়াত বিৰোধীয়ে এই বিষয়ত সৰৱ হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে বিৰোধী বিধায়ক অখিল গগৈয়ে স্পষ্টকৈ ইয়াৰ আভাস দিছে। ইয়াৰ সমান্তৰালকৈ সমসাময়িক বহু বিষয়তো বিধানসভাত বিতৰ্কৰ সূচনা হ’ব পাৰে।
প্ৰকাশিত খবৰ অনুসৰি, আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোক বাৰ্তাৰে বিধানসভা অধিৱেশন আৰম্ভ হ’ব। এইবাৰ শীতকালীন অধিৱেশনত ২৬ খনকৈ ন-পুৰণি বিধেয়ক উত্থাপন কৰা হ’ব বুলি তথ্য প্ৰকাশ পাইছে, ইয়াৰে ২১ খন বিধেয়ক সংশোধনী ৰূপত আৰু ৫ খন নতুন বিধেয়ক হ’ব।
অধিৱেশনত উত্থাপন হ’বলগীয়া বিধেয়কৰ ভিতৰত বহুবিবাহ সম্পৰ্কীয় বিধেয়ক হ’ব উল্লেখনীয়। এই অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ৰ জৰিয়তে চৰকাৰে ৰাজ্যত বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লক্ষ্য লৈছে। অৱশ্যে জনজাতীয় লোকসকল তথা ষষ্ঠ অনুসূচীৰ অধীনস্থ এলেকা এই বিধেয়কৰ আওতাৰ বাহিৰত থাকিব।
এই বিধেয়কৰ লগতে আন বহুকেইখন বিধেয়কৰ ওপৰত দৃষ্টি থাকিব। এই বিধেয়কসমূহ উত্থাপনৰ সময়ত বিধানসভাত শাসক-বিৰোধীৰ মাজত তীব্ৰ বিবাদৰ সম্ভাৱনা আছে। ইয়াৰ সমান্তৰালকৈ আন কিছু বিষয়তো বিধানসভাৰ এই শীতকালীন অধিৱেশন গুৰুত্বপূৰ্ণ হ’ব।
বিশেষকৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসঙ্গই অধিৱেশনত বিশেষ গুৰুত্ব লাভৰ সম্ভাৱনা আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো সদনত উত্থাপনৰ ইঙ্গিত দিছে। বিৰোধী দলসমূহেও এই প্ৰসঙ্গত চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগৰ চেষ্টা চলাব।
চৰকাৰে ইতিমধ্যে অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় নেলী হত্যাকাণ্ড সন্দৰ্ভত তিৱাৰী আয়োগৰ প্ৰতিবেদন অধিৱেশনৰ সময়ত প্ৰকাশ কৰা হ’ব বুলি ঘোষণা কৰিছে। নেলী কাণ্ডৰ প্ৰায় ৪২ বছৰৰ পিছত বিধানসভাত তিৱাৰী আয়োগৰ এই প্ৰতিবেদন প্ৰকাশক লৈও বিতৰ্কৰ সম্ভাৱনা আছে।